বিনোদনশীৰ্ষ

বাংময় সংগীতত প্ৰাণময় জনগণ

অনুৰূপা ডেকা:

১৯৮৫ চনৰ ২১ জুন তাৰিখে ফ্ৰান্সত বিশ্ব সংগীত দিৱসৰ আৰম্ভণি হৈছিল। সংগীত সাধনাৰ এক অনন্য অনুভৱ সকলো ব্যক্তিৰ মাজতেই পৰিস্ফুট হৈ থাকে। দুখৰ সময়ত প্ৰেৰণা আৰু সুখৰ লগৰী হৈছে সংগীত। মানুহৰ অফুৰন্ত আৱেগত জীপাল হৈ থাকে আকাশী গংগাৰ সুবাস। সঁচাকৈ বিশিষ্ট সুৰকাৰ গীতিকাৰসকলেও সুৰ আৰু ছন্দত ব্যাকুল হৈ ৰামধেনুৰ সাতোটা ৰঙ আঁকি গৈছিল। কাৰোবাৰ বাবে সংগীত সাধনা, কাৰোবাৰ বাবে ভক্তি আৰু কাৰোবাৰ বাবে ই ধৰ্ম। কোনো ব্যক্তিক সংগীতে মানসিকভাৱে সবল কৰি তুলিব পাৰে। বিগত সময়বোৰৰ সুন্দৰ সংগীত উপস্থাপনৰ আৰ্হিত বৰ্তমান সংগীত জগতৰ পৰিচালনা বহুখিনি আগুৱাই আজিৰ পৰ্যায়ত উপনীত হৈছে।

প্ৰকৃত সংগীতৰ মূৰ্চ্ছনা প্ৰকৃতিৰ চৌপাশে বিয়পি ৰয়। নদীৰ সোঁতৰ শ্ৰুতিধাৰা, বৰষুণৰ ঘণ টোপাল, মাছৰ উজান সকলোতে সুৰবোৰ বাজি উঠে, সেয়ে শেষত এক আশা সংগীতবোৰ জিলিকি ৰওক প্ৰান্তে প্ৰান্তে।

Related Articles

Leave a Reply

Close