অসম

বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ বাৰ্ষিক সভা সম্পন্ন

সংস্কাৰ পূৰ্ণ শিক্ষাৰ প্ৰচাৰৰ লগতে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান স্থাপনৰ জৰিয়তে মানৱসম্পদ গঢ়াৰ আহ্বান শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ

পঙ্কজ নাথ, চাংসাৰি, ২ জুন : আজি বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাধাৰণ সভাখন গুৱাহাটী বিষ্ণুপথৰ শংকৰদেৱ বিদ্যা নিকেতনত অনুষ্ঠিত হৈ যায় । বন্তি প্ৰজ্বলনৰে সভাৰ কাৰ্যসূচী শুভাৰম্ভ কৰে বিদ্যা ভাৰতীৰ মহামন্ত্ৰী ৰামজী আৱাৰকাৰে। কাৰ্যসূচীৰ আৰম্ভণিতে শংকৰদেৱ বিদ্যা নিকেতন বিষ্ণুপথৰ আচাৰ্য আচাৰ্যা, বিদ্যাৰ্থীসকলে বন্দনা পৰিবেশন কৰি আধ্যাত্মিক পৰিবেশ সৃষ্টি কৰি তোলে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিগত বৰ্ষত দেশ তথা সমাজৰ কল্যাণৰ হকে জীৱন উচৰ্গা কৰা ব্যক্তিসকলৰ স্মৰণ কৰি এক মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয়। ইয়াৰ পাছতে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকলৰ পৰিচয় দাঙি ধৰে চাঞ্চিৰাম পায়েঙে। বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ সম্পাদক তথা বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় মন্ত্ৰী ব্ৰহ্মাজী ৰাওৱে আদৰণি ভাষণ প্ৰদান কৰে। ৰাওৱে তেওঁৰ ভাষণত কয় বিদ্যা ভাৰতীয়ে তিনিটা মুল কাৰ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে। সেয়া হল আদৰ্শ বিদ্যালয় স্থাপন কৰা, গৱেষণা কাৰ্য আৰু তৃতীয়তে সেৱা কাৰ্য। বিদ্যা ভাৰতীৰ শিক্ষা প্ৰনালীত প্ৰাচীন ভাৰতীয় সংস্কৃতি সংযোজন ঘটাই পঞ্চপদী শিক্ষা ব্যৱস্থাৰে আদৰ্শ বিদ্যালয় চলাই আহিছে। সভাত বিশিষ্ট শিক্ষাবিদ ৰাজ্যপালৰ প্ৰদক প্ৰাপ্ত এম এন চতুৰ্বেদী আৰু অশোৱান কে ভি ক শিক্ষাখণ্ডলৈ আগবঢ়োৱা আজীৱন সেৱাৰ বাবে সম্বৰ্ধনা জনায় অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী তথা মূখ্য অতিথি সিদ্ধাৰ্থ ভট্টাচাৰ্যই। মূখ্য অতিথি সিদ্ধাৰ্থ ভট্টাচাৰ্যই তেওঁৰ ভাষণত বিদ্যা ভাৰতীয়ে শিক্ষাৰ ক্ষেত্ৰত নব প্ৰজন্মক এক দিশ প্ৰদান কৰিছে। মন্ত্ৰীগৰাকীয়ে বিদ্যাভাৰতী সেৱা কাৰ্যক ভূয়সী প্ৰশংসা কৰাৰ লগতে উচ্চ শিক্ষাৰ বিদ্যালয় স্থাপন কৰিবলৈ অনুৰোধ জনায়। লগতে উচ্চ বিদ্যালয় স্থাপন কৰা দিশত তেওঁৰ ব্যক্তিগত সহযোগ কৰাৰ লগতে অসম চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। বিয়লি অনুষ্ঠিত মুকলি সভাৰ সঞ্চালনা কৰে পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ সভাপতি জয়কান্ত শৰ্মাই। সভাত অৰুণাচল প্ৰদেশ বিশ্ববিদ্যালয় প্ৰাক্তন উপাচাৰ্য তথা বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় উপসভাপতি টামঅ’ মাইবং , অখিল ভাৰতীয় শিক্ষা সংস্থান বিদ্যা ভাৰতীৰ ৰামজী আৰাওকৰ , বিদ্যা ভাৰতীৰ সহ সাংগঠনিক সম্পাদক গোবিন্দ মহন্ত , পূৰ্বোত্তৰ জনজাতি শিক্ষাৰ সভাপতি সদা দত্ত , বিদ্যা ভাৰতীৰ অনিমা শৰ্মা আদিয়ে কাৰ্য ক্ৰমনিকাৰ ওপৰত নিজৰ নিজৰ বক্তব্য দাঙি ধৰে । আজিৰ সভাতে বিদ্যা ভাৰতীৰ এটি নিউজ পৰ্টেলো উন্মোচন কৰা হয়। শেষত গ্ৰামীণ শিক্ষা প্ৰমুখ বশিষ্ঠ ৰাম ডেকাই শলাগৰ শৰাই আগবঢ়াই সভাৰ সামৰণি মাৰে বুলি জানিবলৈ দিছে ।

Related Articles

Leave a Reply

Close