শীৰ্ষৰাষ্ট্ৰীয়

বিহাৰত বিভীষিকা, এনকেফেলাইটিচ ৰোগত 129 টা শিশুৰ শোকাৱহ মৃত্যু

দহ বছৰত 473 টা শিশুৰ মৃত্যু

প্ৰথম খবৰ প্ৰতিবেদন:
বিহাৰত এতিয়া বিভীষিকাময় পৰিৱেশ৷ মুজাফ্ফৰপুৰ আৰু আশে পাশে এতিয়া কেৱল মৃত্যুৰ কিৰীলি৷ বিগত কেইটামান দিনত বিহাৰৰ মুজাফ্ফৰপুৰৰ হাস্পতালত মৃত্যু ঘটিছে শতাধিক কণমানি শিশুৰ৷ বাতৰি যুগুত কৰা পৰ্যন্ত 129 টা শিশুৱে প্ৰাণ হেৰুৱাইছে বিহাৰত৷ বৈশালী, কেজৰিৱাল হাস্পতালকে ধৰি বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে তিনি শতাধিক শিশু ৰোগী৷ পিছে বিহাৰত এনকেফেলাইটিচৰ সংহাৰী ৰূপ এয়াই প্ৰথম নহয়, বিগত দহ বছৰত প্ৰায় প্ৰতি বছৰেই শিশুৰ অস্বাভাৱিকভাৱে মৃত্যুমুখত পৰিছে কণ কণ শিশু৷ দহ বছৰত 473 টা শিশুৰ মৃত্যু ঘটিছে এনে সদৃশ ৰোগত৷ ইতিমধ্যে বিহাৰৰ আক্ৰান্ত এলেকা পৰিদৰ্শন কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডা: হৰ্ষ বৰ্ধনে৷

Related Articles

Leave a Reply

Close