অসমশীৰ্ষ

মানস অধিকাৰী আৰু নাই

মানস অধিকাৰী আৰু নাই

অসমীয়া বোলছবি আৰু ধাৰাবাহিকৰ এজন পৰিচিত সম্পাদক, পৰিচালক, চিত্ৰগ্ৰহণকাৰী মানস অধিকাৰী আৰু নাই৷ কিছুদিন পূৰ্বে এক সাক্ষাৎকাৰত নতুন অসনীয়া ছবি এখন নিৰ্মাণৰ মানস কৰা মানস অধিকাৰী অপূৰ্ণ ইচ্ছা লৈয়ে অভিমান কৰি চিৰবিদায় ল’লে এই সংসাৰৰ পৰা৷ জনপ্ৰিয় অসমীয়া ছবি মৎস্যগন্ধা, যুগান্তৰৰ তেজাল পুৱা, উজনিৰ দুজনী গাভৰু, গৰম বতাহ, ভূমিপুত্ৰ, জোনাকবিহীন জীৱন, জংকি পানৈ, হিটলিষ্ট, পত্নী, জীৱন নদীৰ দুটি পাৰ, চুৰেণ চোৰৰ পুতেক, প্ৰিয়া মিলন আদিকে ধৰি কুৰিৰো অধিক ছবিৰ সম্পাদনা কৰা মানস অধিকাৰীয়ে দুৰদৰ্শনৰ জনপ্ৰিয় ধাৰাবাহিক গীতিমালিকা, বিদেশত আপোন মানুহ আদিৰো সম্পাদক আছিল৷ নিজে পৰিচালনাও কৰিছিল বহু ধাৰাবাহিক আৰু চুটি ছবিৰ৷ জাতিংগা ইত্যাদি ছবিখনৰ বাবে অসম চৰকাৰৰ শ্ৰেষ্ঠ সম্পাদকৰ বঁটাও লাভ কৰিছিল তেওঁ৷

Related Articles

Leave a Reply

Close