অসম

মাৰাত্মক পাৰ্থেনিয়ামে ভৰি পৰিছে ৰহাৰ ৰাজপথ

প্ৰশাসনক পদক্ষেপ লোৱাৰ আহ্বান

প্ৰথম খবৰ ৰহা ২জুন:- চাৰি শাখাযুক্ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এতিয়া কেৱল মাৰাত্মক পাৰ্থেনিয়াম গছ। ৰাষ্ট্ৰীয় পথৰ দুয়ো কাষৰ লগতে ডিভাইদাৰত ভয়াৱহভাৱে গজি উঠিছে এই মাৰাত্মক উদ্ভিদ বিধ। চিকিৎসা বিজ্ঞানৰ মতে এলাৰ্জি, চৰ্ম ৰোগকে ধৰি বহু বেমাৰৰ কাৰক এই পাৰ্থেনিয়াম গছ। পাৰ্থেনিয়ামে বায়ু প্ৰদূষিত কৰাৰ লগতে জৈৱ বৈচিত্ৰতো প্ৰভাৱ পেলায়। কিন্তু ৰহাত ৰাজপথতে এতিয়া অনিয়ন্ত্ৰিতভাৱে বিষাক্ত উদ্ভিদ বিধ গজি উঠাত উদ্বিগ্ন কৰি তুলিছে সচেতন মহলক। জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই অনাৰ আশংকা কৰিছে বিভিন্ন জনে। ৰাষ্ট্ৰীয় পথৰ মাজত আৰু দুয়ো কাষে গেজেপনি মৰা হাবিৰ দৰে এই মাৰাত্মক গছ বিধ গজি উঠিছে যদিও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এইবোৰ নিকা কৰাৰ কোনো ব্যৱস্থা লোৱা নাই। এক প্ৰকাৰৰ চকুমুদা কুলিৰ ভাও লৈছে বিভাগীয় কৰ্তৃপক্ষই। কেৱল পাৰ্থেনিয়ামেই নহয়, ৰহাত ৰাষ্ট্ৰীয় পথটো এতিয়া হাবি জংঘলেৰে ভৰি পৰিছে। যিমানলৈকে চকু যায় কেৱল জংঘল হে দৃশ্যমান হয়। ৰাষ্ট্ৰীয় পথ নহয় যেনিবা হাবিৰ মাজৰ পথহে। পথৰ ওপৰৰ এই জংঘলবোৰ কাটি চাফা কৰাত গুৰুত্ব দিয়া নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। ৰাষ্ট্ৰীয় পথটো সৌন্দৰ্যবৰ্ধনৰ কাৰণে ফুলগছ ৰোপন কৰিব লাগিছিল যদিও সেয়া নকৰাত এতিয়া মাৰাত্মক পাৰ্থেনিয়াম আৰু হাবি জংঘলেৰে ভৰি পৰিছে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথটো।

Related Articles

Leave a Reply

Close