অসমশীৰ্ষ

মা কামাখ্যা ধামত অম্বুবাচী মেলা: ভক্ত হ’ব বলিউদৰ শিল্পীও

প্ৰথম খবৰ ব্যুৰ’:

আৰু পাঁচটা দিন পাছতে নীলাচল পাহাৰত মহা অম্বুবাচী মেলা৷ ইতিমধ্যে অম্বুবাচী মেলাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ দেশী-বিদেশী ভক্তৰ নিৰাপত্তাৰ বাবে এইবাৰ আৰক্ষীয়ে অম্বুবাচী মেলাত থাকিব ‘বেগ স্কেনাৰ’ৰ ব্যৱস্থা কৰিছে৷ ৫ শতাধিক CCTV ৰে নিৰীক্ষণ হব নীলাচলৰ চৌদিশ৷ আনকি, মা কামাখ্যা ধামত অসামৰিক পোচাকতো নিৰাপত্তাৰক্ষী মোতায়েনৰ ব্যৱস্থা কৰা হৈছে৷ মহা অম্বুবাচী মেলা উপলক্ষ্যে ২৩,২৪,২৫ জুনত বন্ধ থাকিব মাৰ মুল দুৱাৰ। অম্বুবাচী মেলাৰ প্ৰস্তুতি সন্দৰ্ভত কামাখ্যা দেৱালয়ৰ বৰদেউৰী সমাজে জনোৱা মতে, ২২ জুনৰ পৰা ২৬ জুনলৈ অনুস্থিত হব অম্বুবাচী মেলা। ২২জুনৰ নিশা ১.৪০ মিনিট ১৮ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি। ২৬ জুনৰ দুপৰীয়া ২ বাজি ৪ মিনিট ২২ ছেকেণ্ডত হব নিবৃত্তি।
অৰ্থাৎ মাৰ মুল দুৱাৰ খুলিব ২৬ জুনৰ পুৱাৰ ভাগত। অম্বুবাচী মেলাৰ বিশেষ অনুষ্ঠানত ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ লগতে বলিউদৰ জনপ্ৰিয় শিল্পী কৈলাস খেৰকো আমন্ত্ৰণ জনোৱা হৈছে৷

Related Articles

Leave a Reply

Close