অসমশীৰ্ষ

শিক্ষামন্ত্ৰীৰ ড্ৰাইভাৰ আখ্যান: ৰাজপথত নামিল টেট শিক্ষক

প্ৰথম খবৰ প্ৰতিবেদন: এইকেইদিন চৰ্চাৰ শেষ নাই৷ ৰেডিঅ’ সাক্ষাৎকাৰত টেট শিক্ষকক ড্ৰাইভাৰৰ অনুজ্ঞাপত্ৰৰ দৰে নৱীকৰণৰ কথা কৈ শিক্ষকসমাজৰ ৰোষত পৰা শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে৷ আনকি, মঙলবাৰৰ দিনটোত জিলাই জিলাই টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী তুলি শিক্ষকসমাজক অপমান বন্ধ কৰিবলৈ দাবী তোলে৷ বিজেপিৰ ঘোষণা পত্ৰ কাৰ্যকৰী কৰি টেট শিক্ষকৰ চাকৰি নিয়মীয়া নকৰা পৰ্যন্ত আন্দোলন চলাই নিয়াৰ হুংকাৰ দিছে টেট শিক্ষক সন্থাই৷ ইপিনে, শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৰেডিঅ’ সাক্ষাৎকাৰত টেট শিক্ষকক প্ৰকাৰন্তৰে ড্ৰাইভাৰ বুলি কোৱাৰ পিছত প্ৰায় 41 হাজাৰ শিক্ষকে নিজৰ নামৰ সন্মুখত ড্ৰাইভাৰ লিখি প্ৰতিকী প্ৰতিবাদ সাব্যস্ত কৰিছিল৷

Related Articles

Leave a Reply

Close