অসমশীৰ্ষ

শিশু শিক্ষা় সমিতি,অসমৰ বাৰ্ষিক সাধাৰণ সভাত বঁটা ঘোষণা

প্ৰথম খবৰৰ প্ৰতিবেদন:

বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতিৰ ২০১৯ বৰ্ষৰ বাৰ্ষিক সাধাৰন সভা খন আজি দিনযোৰা কাৰ্যসূচীৰে শংকৰদেৱ শিশু আৰু দেবেন্দ্ৰ চন্দ্ৰপ্ৰভা বিদ্যা নিকেতন,নলবাৰীত অনুষ্ঠিত হয়।বন্তি প্ৰজ্জ্বলন,বন্দনাৰে আৰম্ভনি হোৱা সভা খনত সভাপতিত্ব কৰে শিশু শিক্ষা সমিতি,অসমৰ সভাপতি ড০ নিৰ্মল বৰুৱাই।সভাপতিৰ আসন গ্ৰহনৰ পিছতেই চিনাকি পৰ্ব আৰু সৰ্ম্বধনা অনুষ্ঠান অনুষ্ঠিত হয়।ইয়াৰ পিছতেই নলবাৰী শংকৰদেৱ শিশু আৰু দেবেন্দ্ৰ চন্দ্ৰপ্ৰভা বিদ্যা নিকেতনৰ ছাত্ৰী সকলে সভাত দলীয় সংগীত পৰিৱেশন কৰি পৰিৱেশটি জীপাল কৰি তোলে।বিদ্যা ভাৰতীৰ মন্ত্ৰী আৰু পূৰ্ব্বোত্তৰ ক্ষেত্ৰৰ সাংগঠনিক সম্পাদক ব্ৰহ্মাজী ৰাওঁৱে উদ্ধোধনী ভাষন প্ৰদান কৰাৰ লগতে মঞ্চত উপবিষ্ট থাকে শিশু শিক্ষা সমিতি ,অসমৰ সাধাৰন সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতী,শিশু শিক্ষা সমিতি,অসমৰ প্ৰভাৰী তথা উত্তৰ অসম প্ৰান্তৰ সহ:কাৰ্যবাহ পৰিতোষ ঘোষ,ক্ষেত্ৰীয়
কাৰ্যবাহ ডা:উমেশ চক্ৰৱৰ্ত্তী,শিশু শিক্ষা সমিতি,অসমৰ উপসভাপতি তথা শংকৰদেৱ শিশু নিকেতন,নলবাৰীৰ সভাপতি সৰলা তালুকদাৰ বৰ্মন। বাৰ্ষিক সভাৰ সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে। *বিদেশী ইংৰাজী ভাষাৰ পৰিৱৰ্তে মাতৃভাষাৰ মাধ্যমেৰে শিক্ষাৰ্থীয়ে শিক্ষা লাভত গুৰুত্ব শিশু শিক্ষা সমিতিৰ। চাহবাগিছাসমূহৰ ছাত্ৰ-ছাত্ৰীয়ে যাতে মাতৃভাষাৰ মাধ্যমেৰে শিক্ষা লাভ কৰিব পাৰে, সেই উদ্দেশ্য চাহ বাগিছা অঞ্চলত বিদ্যালয় স্থাপনৰ চিন্তাচৰ্চা কৰা বুলি সদৰি কৰিলে মুখ্য সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰে। শিশু শিক্ষা সমিতিৰ সাধাৰণ সভাৰ বিষয়ে সংবাদমাধ্যমক বিভিন্ন তথ্য অৱগত কৰাৰ লগতে মজুমদাৰে বিদ্যা ভাৰতীৰ অন্তৰ্গত শিশু নিকেতনসমূহৰ বিষয়ে কেতবোৰ বিশেষ ঘোষণা কৰে। বছৰৰ শ্ৰেষ্ঠ আচাৰ্যক নগদ ২১ হাজাৰ টকাৰ বঁটা, ৰজ্জাৰাম তোমৰ শ্ৰেষ্ঠ প্ৰধান আচাৰ্য বঁটা আৰু ৫৫১খন নিকেতনৰ ভিতৰত শ্ৰেষ্ঠ নিকেতনক ৫১হাজাৰ টকা নগদ ধনৰ বঁটা দিয়া হ’ব বুলি সংবাদমাধ্যমক সদৰি কৰে হেমন্ত ধিং মজুমদাৰে।* হিচাবৰ প্ৰতিবেদন দাখিল কৰে আৰু সমিতিয়ে উক্ত হিচাবৰ প্ৰতিবেদন দাখিল সৰ্বসন্মতি ক্ৰমে গ্ৰহন কৰে। সভাৰ দ্বিতীয় সত্ৰত শিশু শিক্ষা সমিতি: অসমৰ বিভিন্ন উপ – সমিতি সমুহৰ প্ৰমূখ সকলে নিজ নিজ কৰ্ম আঁচনি সম্পৰ্কত বক্তব্য ৰাখে৷

Related Articles

Leave a Reply

Close