অসমনিবন্ধশীৰ্ষ

শ্ৰেণী কোঠাৰ বৈষম্য দূৰ কৰক- পৰাগমণি আদিত্যৰ লেখা

-পৰাগমণি আদিত্য

টেট শিক্ষক সকল চৰম অন্যায়ৰ বলি হৈছে। কেৱল টেট শিক্ষকেই নহয়; সকলো ঠিকাভিত্তিক আৰু অস্থায়ী শিক্ষক বঞ্চনাৰ বলি হৈছে। তেওঁলোকৰ প্ৰতি শত্ৰু আচৰণ কৰা হৈছে। অথচ বিদ্যালয়ত শিক্ষাদান কৰিবলৈ প্ৰয়োজনীয় স্থায়ী শিক্ষকো নিযুক্তি দিয়া নাই। বিপৰীতে অস্থায়ী সকলক অপমান কৰি মন ভাঙি দি ছাত্ৰ-ছাত্ৰীৰ প্ৰতি চৰম অন্যায় কৰা হৈছে।

অপাৰেচন কৃষ্ণ ফলকৰ পৰা আজিলৈকে সকলো অস্থায়ী নিযুক্তি প্ৰদান কৰা মেধাৱী, উচ্চ শিক্ষিত আৰু কৰ্তব্যনিষ্ঠ আৰু কমবয়সতে শিক্ষকতাত নিযুক্ত সকলকক সেই সময়চোৱাত অবিচাৰ কৰা হৈছে, যেতিয়া তেওঁলোকৰ নতুনকৈ কিবা এটাৰ সময়/বয়স উকলি গৈছে। এয়া ১৯৯১ চনৰ পৰা চলি আহিছে।

বিভিন্ন নাম দিয়া হৈছে এই সকলক। Ad-hoc, temporary, obb, শিক্ষামিত্ৰ, টেট আদি বিভিন্ন নামেৰে লেবেল এখন লগাই অপমান কৰিছে।

ত্ৰিশ বছৰ বয়সত চাকৰি কৰি, সাতত্ৰিশ আঠত্ৰিশ বছৰত ড্ৰাইভিং লাইচেন্সৰ দৰে ৰিনিউৱেল কৰি আকৌ গাড়ী চলাবলৈ চৰকাৰে সৰ্বোচ্চ বয়সৰ প্ৰতিবন্ধক এটাও দি ৰাখিছে।

এটা কমনৰূমত সাতবিধ পৰ্যন্ত শিক্ষক আছে। দৰমহা পোৱা নোপোৱা, স্থায়ী-অস্থায়ী, ফিক্সড পে নানান প্ৰকাৰৰ শিক্ষক আছে। এজনে যদি ৫০,০০০ দৰমহা পায়, আনজনৰ দুই তিনিবছৰ দৰমহা নাই। এজন আকৌ চৰকাৰৰ দৃষ্টিত অবৈধ।

যোৱা আঠ-নজন শিক্ষা মন্ত্ৰীৰ কাৰ্যকালত পুৰণি সকলক তেনেকৈয়ে ৰাখি নতুন এচাম অস্থায়ী শিক্ষকৰ সৃষ্টি হৈছে।

এই অন্যায়ৰ অন্ত পৰিব লাগে। শ্ৰেণীকোঠাৰ বঞ্চনাৰ সমাপ্তি বিচাৰিছো।

সকলো দোষ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যকে জাপি দিলেও নহ’ব। কিন্তু সমাধান ভট্টাচাৰ্য ডাঙৰীয়াই কৰিব লাগিব। শ্ৰেণীকোঠাৰ বৈষম্য দূৰ কৰিব পৰাকৈ তেখেতৰ দুৰদৰ্শিতা আৰু সাহস আছে বুলি মই সৰ্বান্তকৰণেৰে বিশ্বাস কৰো। সেয়া কৰিলেও ভট্টাচাৰ্য ডাঙৰীয়াক পাঁচ দশক শ্ৰেষ্ঠ শিক্ষা মন্ত্ৰীৰ স্বীকৃতি দিবলৈ আমি কুণ্ঠাবোধ নকৰিম। টেট শিক্ষক সকলো নিশ্চয় মোৰ সৈত একমত!

#শ্ৰেণীকোঠাৰ_বৈষম্য_দূৰ_কৰক

Related Articles

Leave a Reply

Close