অসমশীৰ্ষ

সতীৰ্থ শিক্ষকৰ বিৰুদ্ধে গোচৰ শিক্ষকৰ

শিৱসাগৰৰ বা বাতৰি

স্মৃতিগ্ৰন্থৰ লেখাক লৈ শিৱসাগৰ শিক্ষক সন্মিলনীত অথন্তৰঃ শাৰিৰিক আক্ৰমনৰ অভিযোগ সতীৰ্থৰ বিৰোদ্ধে থানাত গোছৰ

প্ৰথম খবৰ , শিৱসাগৰ ১৪ জুন : শিৱসাগৰ মহকুমাৰ প্ৰাথমিক শিক্ষক সনমিলনিৰ ৪৭সংখ্যক দ্বি বাৰ্ষিক অধিবেশনৰ বাবে প্ৰস্তুত কৰা স্মৃতি গ্ৰন্থৰ উপ সমিতি যুটিয়া সম্পাদক বজেন দাসে উপ সমিতিৰ পৰা পদত্যাগ কৰি মুল আদৰণি সমিতি সভাপতি সম্পদকলৈ পদত্যাগ পত্র প্ৰেৰণ কৰা লগতে সতীৰ্থ চাৰিগৰাকী শিক্ষকৰ বিৰোদ্ধ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা বিষয়টোৱে শিক্ষক সংগঠনটো মাজমজিয়াত তীব্ৰ প্ৰতিক্ৰীয়া সৃষ্টি কৰিছে | উল্লেখ যে ১৩ জুনত শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক ভৱনত সন্মিলনিৰ এখন বিশেষ কৰ্মকৰ্তা সভা অনুষ্ঠিত হৈছিল | উক্ত সভাত আগন্তুক দ্বী বাৰ্ষিক অধিবেশনৰ স্মৃতি গ্ৰন্থৰ লেখা বিচাৰি বাতৰি কাকতত বিবৃতি দিয়াক লৈ সভাতে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় | পৰিস্থিতি অবনতি ঘটি প্ৰতাপলোচন গগৈ দিপাংকৰ কোঁৱৰ , অৰুন কলিতা নামৰ শিক্ষক কেজনৰে স্মৃতিগ্ৰন্থৰ উপ সমিতিৰ সম্পাদকক বজেন দাসক সভাৰ মজিয়াতে মাৰ পিট কৰে বুলি বজেন দাসে দিয়া এজাহাৰত উল্লেখ কৰিছে | অন্যহাতে শিৱসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ উপৰিও স্মৃতি গ্ৰন্থৰ যুটিয়া সম্পাদক বজেন দাসে শিৱসাগৰ মহকুমাৰ প্ৰাথমিক শিক্ষক সন্মিলনিৰ ৪৭ সংখ্যক দ্বি বাৰ্ষিক অধিবেশনৰ বাবে গঠিত আদৰণি সমিতি সভাপতি আৰু সম্পাদকলৈ পদত্যাগ পত্রও প্ৰেৰন কৰিছে | পদত্যা পত্রখনত বজেন দাসে ১৩ জুনত সংঘটিত ঘটনাৰ সন্দৰ্ভত কৰ্মকৰ্তা সভাত উপস্থিত থকা সভাপতি সম্পাদকে কোনো সু ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুভ প্ৰকাশ কৰাৰ লগতে বাতৰি কাকতলৈওঁ ঘটনাৰ সম্পৰ্কে আৰক্ষী থানাত গোছৰ দিয়াৰ বিষয়টো প্ৰেছ বাৰ্তা যোগে জানিবলৈ দিছে | তাতপয্যপুৰ্ণ বিষয় যে দেশৰ ধৰনি প্ৰস্তুত কৰা খনিৰক সদৃশ শিক্ষকতা বৃত্তিত নিয়োজিত মানৱ কাৰিকৰে ক্ষমতাৰ খকত যদি এনে পৰিবেশ সৃষ্টি কৰে ই মানৱ সমাজক বিস্তৰ ক্ষতি সাধন কৰিব বুলি শিৱসাগৰ ত মুকলি চৰ্চাৰে বতাহ গৰম কৰি তুলিছে

বিশ্ব শিশু শ্ৰমিক দিৱস

প্ৰথম খবৰ , শিৱসাগৰ, ১৪ জুনঃ বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস, ২০১৯ উপলক্ষে যোৱা ১২ জুন তাৰিখে শিৱসাগৰ জিলা প্ৰশাসন, শ্ৰম কল্যাণ বিভাগ তথা শিশু সুৰক্ষা গোটৰ উদ্যোগত জিলাখনৰ বিভিন্ন উন্নয়ন খণ্ডত সজাগতা সভাৰ আয়োজন কৰা হয়।
এই সভাত শিশু শ্ৰমিক ৰোধৰ ওপৰত আলোচনা তথা শিশু শ্ৰমিক নিয়োগ নকৰাৰ ওপৰত শপত বাক্য পাঠ কৰোৱা হয়। ইয়াৰ উপৰিও সভাত বিভিন্ন শ্ৰম আইনৰ বিষয়ে আলোকপাত কৰা হয়। লগতে গৃ্হ আৰু অন্যান্য নিৰ্মাণ শ্ৰ্মিক আইন, ১৯৯৬ ৰ অধীনত নিৰ্মাণ ক্ষেত্ৰত জড়িত শ্ৰমিক সকলৰ পঞ্জীয়ন কৰাৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ উপৰিও সভাস্থলীতে পঞ্জীয়ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।

Related Articles

Leave a Reply

Close