অসমশীৰ্ষ

সন্ধানহীন 13 জনক বিচাৰি গৈ সন্ধানহীন 18 জনৰ সন্ধানত অন্য 19 জন

অৰুণাচলত পেৰি পাহাৰ৷ যেন প্ৰকৃতি আৰু মানুহৰ লুকা ভাকু অৰুণাচলৰ পেৰি পাহাৰত। বায়ুসেনাৰ এএন32 বিমানখনৰ যাত্ৰীৰ দেহাৱশেষ বিচাৰি যোৱা ১৮ জন উদ্ধাৰকাৰীৰ সম্ভেদ নাই এতিয়া ৷ তেওঁলোকক বিচাৰিয়ে পুনৰ ১৯ জন উদ্ধাৰকাৰীক প্ৰেৰণ কৰিবলগীয়া হ’ল দূৰ্গম পেৰি পাহাৰলৈ ৷ পাহাৰ বগাই সোমবাৰে ৰাওনা হৈছে দূৰ্ঘটনাস্থলীলৈ ৷ এক হলিউদৰ ৰহস্যঘন কাহিনীচিত্ৰৰ দৰেই আগবাঢ়িছে ঘটনাটো৷ তিনি দিন ধৰি হেলিকপ্টাৰ যাব পৰা নাই ঘটনাস্থলী চিয়াঙৰ গাটেলৈ ৷ কোনেও নাজানে কেনে পৰিস্থিতিত আছে দূৰ্ঘটনাস্থলীলৈ প্ৰেৰণ কৰা ১৮ জন উদ্ধাৰকাৰী? কেম্প কৰি খোজ কাঢ়ি আগুৱাই যোৱা দলটোৰ অৱস্থিতি ক’ত? উল্লেখ্য যে, ১৮ জনীয়া দলটোত আছিল বায়ু সেনা আৰু সেনাবাহিনীৰ ১৩ জন পৰ্বতাৰোহী আৰু পাঁচজন স্থানীয় অৰুণাচলী লোক ৷
অশেষ কষ্ট কৰি দলটোৱ বিমান খনৰ ধ্বংসাবশেষৰ পৰা ১৩ জন বৈমানিকৰ মুতদেহৰ সামান্য অংশবিশেষ উদ্ধাৰ কৰিছিল ৷ কিন্তু বতৰ বেয়া হোৱাৰ লগতে ঘন ডাৱৰৰ বাবে যোৱা তিনিদিন ধৰি উদ্ধাৰকাৰী দলটোৰ লগত হেলিকপ্টাৰ যোগাযোগ ব্যাহত হৈ আছে ৷ সেয়ে কালি উদ্ধাৰকাৰী দলটোক উদ্ধাৰৰ বাবে বায়ু সেনা আৰু জিলা প্ৰশাসনে আন এটা ১৯ জনীয়া দল প্ৰেৰণ কৰিছে ৷ বাতৰি উৎস- মনোজ গোস্বামীৰ টাইমলাইন

Related Articles

Leave a Reply

Close