শীৰ্ষৰাষ্ট্ৰীয়

হিংসাত্মক ঘটনাৰ পৰা চিকিৎসকক ৰক্ষা কৰিবলৈ আইন প্ৰয়োগ কৰক: ডাঃ হৰ্ষবৰ্দ্ধন

নিউজ ডেস্ক, প্ৰথম খবৰ: শেহতীয়াকৈ পশ্চিম বংগত সংঘটিত হোৱা চিকিৎসকৰ ওপৰত সংঘটিত হোৱা হিংসাত্ম ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষবৰ্দ্ধনে৷ এনে ধৰণৰ ঘটনা যাতে দেশৰ কোনো প্ৰান্তত সংঘটিত নহয়, সেয়া নিশ্চিত কৰিবলৈ আটাইবোৰ ৰাজ্যকে আইন প্ৰয়োগ কৰিবলৈ আহ্বান জনাইছে৷
সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকললৈ লিখা এখন পত্ৰত ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে দাখিল কৰা এখন খচৰা আইনো সংলগ্ন কৰি দিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷ শুকুৰবাৰৰ পৰা ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে আৰম্ভ কৰা চাৰিদিনীয়া প্ৰতিবাদৰ পিছতে এই পত্ৰ প্ৰেৰণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷ মন্ত্ৰীগৰাকীয়ে উদ্বিগ্নতা প্ৰকাশ কৰি কয় যে, এনে ঘটনাই সমগ্ৰ দেশতে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাব৷

Related Articles

Leave a Reply

Close