অসম

ডুমডুমা জ্যেষ্ঠ নাগৰিক সংস্থাৰ ফিজিঅ'থেৰাপী আৰু যোগা শিবিৰ সম্পন্ন

ডুমডুমা, ২ জুন : ডুমডুমা জ্যেষ্ঠ নাগৰিক সংস্থাৰ উদ্যোগত আজি ডুমডুমা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এদিনীয়া এটি ফিজিঅ’থেৰাপী আৰু যোগা শিবিৰ অনুষ্ঠিত হয় । সংস্থাৰ সভানেত্ৰী বীণা ডেকা‌ই সঞ্চালনা কৰা শিবিৰটোত প্ৰথমে ডাঃ লভিতা বৈশ্য গগৈয়ে শাৰীৰিক পদ্ধতিৰে ৰোগ চিকিৎসা (ফিজিঅ’থেৰাপী)ৰ চিকিৎসা পদ্ধতিৰ বিষয়ে উপস্থিত জ্যেষ্ঠ নাগৰিকসকলক এটি পাঠ প্ৰদান কৰে । বিশেষকৈ কঁকাল আৰু আঠুৰ বিষ সম্বন্ধে কয় । তাৰ পিছত এইবোৰ সম্বন্ধে উপস্থিত ৰাইজৰ লগত মত বিনিময় কৰে । ইয়াৰ পিছত ‘যোগা’-ৰ গুৰু প্ৰভাত দত্তই প্ৰাণায়াম, আসন, ব্যায়াম আদি সম্পৰ্কত কাৰ্যকৰীভাৱে এটি প্ৰশিক্ষণ প্ৰদান কৰে । তেওঁৰ শিষ্যদ্বয় ক্ৰমে বীৰেণ সোণোৱাল আৰু তেওঁৰ পত্নী হিৰণময়ী সোণোৱালে কাৰ্যকৰীভাবে যোগাসন কৰি ইয়াৰ পদ্ধতিৰ বিষয়ে জ্যেষ্ঠ নাগৰিকসকলক উপকৃত কৰে । প্ৰাণায়ামৰ হস্তিকা, কপাল ভাট, বাহ্য, উজ্জায়ী, অনুলোম, বিলোম, ভাম্ ৰি, প্ৰণৱ ধ্যান আদি আৰু আসনৰ তাৰা, বজ্ৰাসন, অৰ্ধচন্দ্ৰ, বক্ৰায়ণ, বিশ্ৰাম আদি বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰে । অনুষ্ঠানটোৰ আঁত ধৰে সম্পাদক ৰমেশ গোস্বামীয়ে ।

Related Articles

Leave a Reply

Close