অসমবিনোদনশীৰ্ষ

Support প্ৰাঞ্জনা, নাচাওঁ বৰদৈচিলা কেম্পেইন ফেচবুকত

সাংস্কৃতিক প্ৰতিবেদক:
বৰদৈচিলা থিয়েটাৰ দলে বৈষম্য কৰা বুলি অভিযোগ উঠা জনপ্ৰিয় অভিনেত্ৰী প্ৰাঞ্জনা দত্তৰ পক্ষে ফেচবুকত আৰম্ভ হৈছে ঢৌ৷ আনকি, বৰদৈচিলা থিয়েটাৰ দলৰ লগতে নাট্যকাৰ অভিজিত ভট্টৰ বিৰুদ্ধেও আৰম্ভ হৈছে ক্ষোভৰ জোৱাৰ৷ আনকি, একাংশ অনুৰাগীয়ে ফেচবুক, হোৱাটচএপত লিখিছে- Support Pranjana, নাচাও বৰদৈচিলা৷ ধ্ৰুৱজ্যোতি শৰ্মাই লিখিছে – “এইবছৰ বৰদৈচিলা থিয়েটাৰৰ আৰু অভিজিৎ ভট্টাচাৰ্য্যৰ এখনো নাটক নাচাওঁ৷ আপুনিও মোক সহযোগ কৰক আৰু আপোনাৰ পোষ্টৰ শেষত লিখক:
#support_pranjanadutta
#boycott_bordoisila
#boycott_abhijitbhatta”

লগতে জিতু বৰ্মনে লিখিছে ” Support pranjana dutta…nasaw…bordoisila”
এতিয়া এনেকৈয়ে ছ’চিয়েল মিডিয়াত প্ৰাঞ্জনা দত্তৰ পক্ষে কেম্পেইন আৰম্ভ কৰি নাট্যকাৰ অভিজিত ভট্টাচাৰ্য আৰু বৰদৈচিলা থিয়েটাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে অনেকেই৷ মূলত: 2019-20 নাট্য বৰ্ষত বৰদৈচিলা থিয়েটাৰত চুক্তিবদ্ধ হৈছিল অভিনেত্ৰী প্ৰাঞ্জনা দত্ত৷ কিন্তু নাট্যদলটোত অভিজিত ভট্টাচাৰ্যই লিখা মহিয়সী নামৰ নাটখনৰ কাহিনী বিগত বৰ্ষত হেঙুল থিয়েটাৰত মঞ্চস্থ হিমাংশু প্ৰসাদ দাসৰ মীৰাবাঈ নাটখনৰ সৈতে 90 শতাংশই মিল থকাত নাটখনৰ কাহিনীক লৈ আপত্তি দৰ্শায় অভিনেত্ৰী প্ৰাঞ্জনাই৷ ইয়াকে লৈ নাট্যকাৰক ৰুষ্ট কৰাৰ পৰিৱৰ্তে অভিনেত্ৰী প্ৰাঞ্জনা দত্তক থিয়েটাৰ দলটোৱে চুক্তিবদ্ধ কৰায় অন্য এগৰাকী অভিনেত্ৰীক৷ কেৱল নাটকৰ কাহিনী পুৰণি নাটকৰ সৈতে মিল থকা বুলি আপত্তি দৰ্শোৱা বাবেই অভিনেত্ৰীগৰাকীক কৰা এনে অন্যায়ৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে ভালেমান দৰ্শক৷ আনকি, বৰদৈচিলা থিয়েটাৰক আমন্ত্ৰণ জনোৱা বহু আহ্বায়ক সমিতিয়েও বৰদৈচিলাৰ এনে বৈষম্যৰ বিৰুদ্ধে মাত মাতি থিয়েটাৰ দলটোক আমন্ত্ৰণ নজনাই বেলেগ থিয়েটাৰৰ সৈতে যোগাযোগ কৰিছে৷ লক্ষণীয় কথা এয়াই যে, ইতিমধ্যে অভিনেত্ৰী প্ৰাঞ্জনাই থিয়েটাৰ দলটোৰ এনে কাৰ্য ৰাজহুৱা কৰাত মহিয়সী নাটৰ কাহিনীভাগ সলাই দি নাক বচোৱাৰ চেষ্টা চলোৱাৰ কথাও ইতিমধ্যে প্ৰাৰম্ভিক চিন্তা আৰম্ভ হৈছে৷

Related Articles

Leave a Reply

Close