কবিতা

অলস দেওবাৰে

স্ৰীতি কাশ্যপ

দেওবাৰটো অলস হৈ
উঠিলে এনেই
ভাল লাগিছিল
ব্যস্ত দেহা
পৰি ৰৈছিল
বিচনাখনৰ এমূৰে
দিনটো অলস কৰাৰ
কামনাৰে

দেওবৰীয়া বিৰামৰ
দৰে মনটোকো
দিব মন আছিল
এটা আৰামী কাহিনী
আৰম্ভ কৰিবলৈ
মন গৈছিল
দেওবাৰেও বন্ধ নোহোৱা
গল্পগাথা

হেল্ল’ কি কৰিছ
ব’ল চাইনিজেৰে
লান্স কৰি
গ’ল্ডত যি আছে তাকে
চাই আহো মিছামিছি
কি ভাবি দিঠকত
সৰগ দেখিছ

না: নোৱাৰি
এলাহত শৰীৰ বিদ্ধ
হৈছিল সৰগ লুকাই
নোহোৱা হৈছিল
দেওবাৰটো
দেওবাৰ
যেন লাগিছিল
তেনেই অলস
এলাহৰ ঘৰ
আত্মপ্ৰেম জাগিছিল
হোৱাটচ আপটো
বন্ধ কৰিছিল
আঙুলীবোৰে

সন্ধিয়াৰ ফুডকৰ্ট
ৰঙীন কৰাৰ মেসেজ
পৰি থাকিছিল
ৰাতিটোও হয়তো
সাৰে ৰাখিবলৈ
আহিব পাৰে
মেসেঞ্জাৰ কঁপাই
অলেখ শব্দ জোৱাৰ

উদ্যমবোৰ বোৱাই
দিবলৈ কামাকাজি
তেৰা মায়া আৰু বা
কত কি
নাই দেওবাৰৰ
ছাঁয়াবোৰে সকলোকে
আৱৰি লৈ
পৰি ৰৈছিল
কোঠাৰ সিমূৰে
দিনটো অলস কৰাৰ
কামনাৰে

দেওবাৰটো অলস হৈ
পৰিলে এনেই
ভাল লাগিছিল
সকলো শব্দ
সৰৱ কৰি বাজি
থাকিছিল মোবাইলৰ
ৰিংবোৰ আৰু
পাতিছিল অনেক
আঁচনিহীন
আঁচনিৰ কথা
দেওবৰীয়া বিলাসী
জীবন শেষ হৈ
পৰি ৰৈছিল
অলস হৈ
সপোন হেৰুৱাই
ক্লান্ত হৈছিল

তথাপিও দেওবাৰটো
এনেই ভাল লাগিছিল।

Related Articles

Leave a Reply

Close