নিবন্ধশীৰ্ষ

আপোনাৰ কোনটো সন্তানক বেছি ভাল পায়?

ডিম্পী বৈশ্য–যদি আপুনি দুটা বা তিনিটা সন্তানৰ গৰাকী তেন্তে এই কথাটো মন কৰিবলগীয়া । আপোনাৰো কেতিয়াবা এনে অনুভব হয় নেকি যে  এটা সন্তানতকৈ আন এটা সন্তানক বেছি মৰম কৰে । যদি আপোনাক কেতিয়াবা এই বিষয়ে প্ৰশ্ন কৰা হয় তেতিয়া আপুনি নিঃসন্দেহে উত্তৰ দিবলৈ কুন্ঠাবোধ কৰিব।এই কথাষাৰ জানি হয়তো আপুনিও আচৰিত হ’ব যে আপোনাৰ সন্তানেও মাজে সময়ে এই কথাত চিন্তিত হৈ পৰে। সিহঁতৰ মনত এটা প্ৰশ্নই উদয়  হয় যে মোতকৈ বেছি মোৰ দাদা বা ভাইটিক মাহতে মৰম কৰে নেকি বাৰু !বহু সময়ত এই কথা ভাবি মানসিক ভাবে চিন্তিত হৈ পৰা দেখা যায় আপোনাৰ সন্তান।যদি আপোনাৰ সন্তানে এনে কিছু কথা চিন্তা কৰি থকাৰ উমান পাই তেন্তে অতি শীঘ্ৰে এই  চিন্তা আতৰাব লাগে।কিয়নো এনে চিন্তাৰ ফলত সিহতৰ নিজ ভাই ভনীৰ মাজতো বিদ্ৰোহৰ সৃষ্টি হব পাৰে। এই চিন্তাই ডাঙৰলৈও থাকি যায়। এনে মনোভাব তেতিয়া গঢ় লৈ উঠে যেতিয়া আপুনি এটা সন্তাৰ তুলনা আন এটা সন্তানৰ লগত কৰে। তেতিয়া স্বতঃস্ফুৰ্ত ভাৱে সন্তানটোৱে ভাৱে যে মোক মা দেউতাই কমকৈ মৰম কৰে নেকি,মই মা দেউতাৰ পচন্দৰ নহয় নেকি?গতিকে সন্তানক ভৰন-পোষন দিয়াৰ ক্ষেত্ৰত আপুনিও সতৰ্ক হওক।

Related Articles

Leave a Reply

Close