শীৰ্ষৰাষ্ট্ৰীয়

উচ্চ সদনত গৃহীত হ’ল তিন তালাক বিধেয়ক

নিউজ ডেস্ক, প্ৰথম খবৰ :মঙলবাৰে দিনযোৰা বিতৰ্কৰ অন্তত উচ্চ সদনতো গৃহীত হল তিন তালাক বিধেয়ক খন । ৰাজ্যসভাত এই বিধেয়ক খন গৃহীত হোৱাৰ পাছতে এই বিধেয়ক খন আইনত পৰিনত কৰাৰ  বাব পথ মুকলি হৈছে।এই বিধেয়ক খন গৃহীত হোৱাৰ পাছত প্ৰধান মন্ত্ৰী মোদীয়ে সংবাদ মাধ্যমৰ আগত কয় যে এই বিধেয়ক খনে সমতা স্থাপন কৰিব। আজি দেশৰ কোটি কোটি  মুছলমান মাতৃ ভগ্নীৰ জয় হৈছে ।এক ঐতিহাসিক ভুলৰ শুধৰনি হৈছে।আনহাতে কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে  বিধেয়ক খন গৃহীত হোৱাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আজি দেশৰ দুয়ো খন সদনে কোটি কোটি মুছলমান মহিলাক ন্যায় দিলে সেয়ে আজি এক ঐতিহাসিক দিন।উল্লেখ্য যে মংগল বাৰে উচ্চ সদনত বিধেয়ক খনৰ সপক্ষে ৯৯ আৰু বিপক্ষে ৮৪ ভোট প্ৰদান কৰে। এতিয়াৰ পৰা অভিযুক্তই  ৩বছৰ কাৰাদণ্ড পোৱাৰ লগতে পত্নীয়ে পাব সম্পূৰ্ণ ভৰণ-পোষণ।

Related Articles

Leave a Reply

Close