আন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

এবছৰীয়া শিশুক বন্ধ কোঠাত অকলে এৰি মাতৃৰ পলায়ন, দহ বছৰ পিছত?

নিউজ ডেস্ক প্ৰথম খবৰ: এগৰাকী মহিলাই নিজ শিশু এটিক বন্ধ কোঠাত অকলে এৰি পলায়ন কৰে।তথ্য অনুসৰি মহিলা গৰাকীয়ে কন্যা শিশুটোক বন্ধ কোঠা এটাত অকলে এৰি পলায়ন কৰে।যৰৰ সন্মূখেৰে পাৰ হোৱা ব্যক্তি এজনে শিশু এটিৰ কান্দোনৰ শব্দ শুনিলে, প্ৰথম দিনা কান্দোনৰ শব্দটো তেওঁ সাধাৰণভাবে ল’লে।দ্বিতীয় আৰু তৃতীয় দিনাও অনুৰূপ শব্দ শুনি তেওঁৰ মনত সন্দেহ উপজে আৰু ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে।আৰক্ষীয়ে বন্ধ কোঠাটোৰ ভিতৰত এটি এবছৰীয়া কন্যা শিশু উদ্ধাৰ কৰে। আৰক্ষীয়ে শিশুটোৰ পৰিয়ালৰ লোকৰ কোনো সন্ধান নাপাই ।শিশুটোৰ স্বাস্থ্য পৰিক্ষাৰ বাবে লৈ যোৱা চিকিৎসালয় খনৰ নাৰ্চ এগৰাকীৰ পৰা শিশুটোৰ নাম জিলা ছায়া বুলি জানিব পৰা গ’ল।ইনা নামৰ মহিলা এগৰাকীয়ে জিলাক নিজ সন্তানৰ দৰে ডাঙৰ দীঘল কৰিলে।জিলা এতিয়া ৰুছৰ এগৰাকী জনপ্ৰিয় মডেল।জিনাৰ সাফল্যৰ কথা শুনি এৰি থৈ যোৱা মাতৃয়ে সুদীৰ্ঘ দহ বছৰ পিছত তাইক ল’গ কৰিব আহে যদিও জিলাই মাকৰ মুখ চোৱাৰ পৰাও বিৰত থাকে।কাৰণ জিলাই জানিছিল যে এবছৰ বয়সতে মাতৃয়ে জিলাক মৰিবলৈ বন্ধ কোঠাত অকলে থৈ পলায়ন কৰিছিল।এই সমগ্ৰ ঘটনাটো সংঘটিত হৈছে ৰাছিয়াৰ য়াৰোশ্লেবত।

Related Articles

Leave a Reply

Close