যুৱশীৰ্ষ

এয়াইতো সপোন

অনুৰূপা ডেকা:

আজি দুদিন ধৰি বাহিৰত অতিপাত বৰষুণ। ছাইৰঙী মেঘৰ চপৰাবোৰত লুকাই থকা আকাশখনে যেন কাৰোবাৰ ওপৰত ক্রোধিত হৈ ক্ষণিকৰ বাবেও শান্ত হ’বলৈ খোজা নাই। মূষলধাৰ বৰষুণজাকৰ তীব্ৰতাৰ প্ৰাবল্যত উপেক্ষিত হৈছে সকলো। তেনেতে ক’ৰবাৰপৰা ঢপলিয়াই মানুহৰ এটা দল আহিল, শান্তিৰ সমদল হেনো তেওঁলোকৰ৷ হঠাৎ চিঞৰ বাখৰত জাতিটো সাৰ পাই উঠিল… এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হ’ল।

ক্ৰমাৎ চহৰখন ধূলিময় হৈ পৰিল৷ শান্তিৰ সন্ধানত সেউজীয়া সপোন তেজৰঙা বৰণৰ হৈ উঠিল। মৰমলগা হাতীৰ দাঁতবোৰ নিষ্ঠুৰভাৱে উভালি নিছে। কোনো অভব্যই জাতিটোৰ একমাত্ৰ সম্পদবোৰ শেষ কৰি দিছে। সকলোৱে বুজি উঠিল এইবাৰ আমি ন্যায় পামেই৷ সেয়া গণেশগুৰিৰ বোমাই হওক বা কাৰ্বিপাহাৰৰ দাবানল।

প্ৰচেষ্টা তুংগত…৷ বৰষুণজাক কমিবলৈ ধৰিলে আৰু দুৱাৰখন খুলি দেখোঁ কোনো নাই সকলো ব্যস্ত।

বি:দ্ৰ: এয়াতো সদায় সপোন।

Related Articles

Leave a Reply

Close