Uncategorized

কাজিৰঙাত বান পৰিস্থিতি বুজ ল’লে ৰাজ্যপাল জগদীশ মুখী, বনমন্ত্ৰী পৰিমল শুক্লবদ্যই

কাজিৰঙাৰ পৰা ৰাজেশ বেলোৱাৰ,প্ৰথম খবৰ:কাজিৰঙাত বান পৰিস্থিতিৰ বুজ লয় ৰাজ্যপাল জগদীশ মুখীয়ে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য কেন্দ্ৰস্থল মিহিমুখত বন মন্ত্ৰীক লগত লৈ বানপানীত হোৱা ক্ষয় ক্ষতিৰ বুজ লয় ৷ বোকাখাতৰ বান বিধ্বস্ত অঞ্চল সমুহ পৰিদৰ্শন কৰি কাজিৰঙাত উপস্থিত হৈ সাংবাদিকৰ ওচৰত মত ব্যক্ত কৰে যে বিগত বৰ্ষ সমুহতকৈ এই বৰ্ষত বানপানীত মৃত্যু হোৱা বন্যজন্তুৰ হাৰ কম ৷ নৱনিৰ্মিত ৩৩ টা হাইলেণ্ডৰ বাবে এই বৰ্ষৰ বানপানীত কম সংখ্যক বন্যপ্ৰাণীহ মুকলিলৈ ওলায়
আহিছে ৷আনহাতে বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিছাপে ঘোষণা কৰাক লৈও দায়সৰা মন্তব্য ৰাজ্যপালৰ ৷ ইয়াৰোপৰি বানপানীত হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা কাজিৰঙাৰ বন্যপ্ৰাণীৰ পৰিস্থিতিৰ বুজ লবলৈ দহদিনৰ পিছতহে বন মন্ত্ৰী কাজিৰঙাত উপস্থিত হয় ৷সেই সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ পৰা ফালৰি কাটি ৰাজ্যপালৰ গাড়ীত উঠি পলায়ন কৰে বনমন্ত্ৰীয়ে।

Related Articles

Leave a Reply

Close