শীৰ্ষৰাষ্ট্ৰীয়

কেফে কফি ডে’ৰ মালিকৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক প্ৰথম খবৰঃ সন্ধানহীন হৈ থকা কেফে কফি ডে’ৰ মালিক ভি জি সিদ্ধাৰ্থৰ মৃতদেহ উদ্ধাৰ। সোমবাৰৰ পৰা সন্ধানহীন হৈ আছিল কেফে কফি ডে’ৰ মালিক ভি জি সিদ্ধাৰ্থ। কৰ্ণাটকৰ  নেত্ৰাৱতী নদীত উদ্ধাৰ হৈছে মৃতদেহ। সোমবাৰে কৰ্মচাৰীলৈ পত্ৰ লিখাৰ পিছতে নিখোজ হৈছিল সিদ্ধাৰ্থ। প্ৰাক্তন  আয়কৰ বিষয়াই হাৰাশাস্তিৰ অভিযোগ তুলিছে পত্ৰত ।ব্যৱসায়ত বেয়া সময়ৰ সৈতে মোকাবিলাৰ কথা উল্লেখ কৰিছিল পত্ৰত।আৰক্ষীৰ লগতে ক’ষ্ট গাৰ্ডৰ দলেও সন্ধানহীনৰ অভিযান অব্যাহত ৰাখিছিল। কেফে কফি ডে’ৰ শ্বেয়াৰক  লৈ সমস্যাত পৰিছিল সিদ্ধাৰ্থই।

Related Articles

Leave a Reply

Close