খেলশীৰ্ষ

কোনে প্ৰবেশ কৰিব ফাইনেলত?

নিউজ ডেস্ক প্ৰথম খবৰ: আজি পুণৰ মুখামুখি হ’ব ভাৰত আৰু নিউজীলেণ্ড।ইংলেণ্ডৰ মানচেষ্টাৰ ষ্টুডিয়ামত মঙ্গলবাৰে অনুষ্টিত হৈছিল ভাৰত আৰু নিউজীলেণ্ডৰ প্ৰথম খন চেমিফাইনেল খেল।প্ৰথমে বেটিং কৰি ৪৪.১অভাৰত ৫টা উইকেটৰ মূল্যত নিউজীলেণ্ডে সংগ্ৰহ কৰিছিল ২১১ৰাণ।বৰষুণৰ বাবে স্তগিত কৰা হৈছিল খেলখন।আজি পুণৰ খেলপথাৰত নামিব দুয়োটা দলে।বাকী থকা ২৩টা বল খেলিব লাগিব নিউজীলেণ্ডে।যদি নিৰ্ধাৰিত সময়ত বৰষুণৰ বাবে ৫০অভাৰত খেলিব নোৱাৰে তেতিয়া সংলগ্ন হ’ব DLপদ্ধতি।আৰু DLপদ্ধতি মৰ্মে যদি ৪৬অ’ভাৰৰ খেল হ’য় তেন্তে ভাৰতে সংগ্ৰহ কৰিব লাগিব ২২৩ ৰাণ, ৪০ অ’ভাৰ হ’লে ২২৩ ৰাণ, ৩৫ অ’ভাৰ হ’লে ২০৯ ৰাণ, ২৫ অ’ভাৰ হ’লে ১৭২ ৰাণ, নৃন্যতম ২০ অ’ভাৰৰ খেল হ’লে ভাৰতে সংগ্ৰহ কৰিব লাগিব ১৪৮ ৰাণ।যদি বৰষুণৰ কাৰণে খেল খন বাতিল কৰিব লগীয়া হয় তেন্তে ভাৰতে পোণপোটিয়াকৈ প্ৰবেশ কৰিব ২০১৯ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত।কিয়নো লিগ মেটচৰ পইন্ট তালিকাৰ শীৰ্ষ স্থানত আছে ভাৰত।

Related Articles

Leave a Reply

Close