অসম

খাদ্য, বস্ত্ৰৰ হাহাকাৰ বানাক্ৰান্তৰ, দিচাংমুখত বান সাহায্য বিতৰণ

প্ৰথম খবৰ , শিৱসাগৰ, ২৫ জুলাই: বানে গৰকা শিৱসাগৰৰ দিচাংমুখৰ অতি ভিতৰুৱা অঞ্চল গড়ভগা, চৰাইপৰা আৰু চুমনী গাঁৱত মংগলবাৰে সতীৰ্থ ৯৭ য়ে ২০০ টা পৰিয়ালৰ মাজত বান সাহাৰ্য প্ৰদান কৰে। কিছু দিন পূৰ্বে দিচাংমুখৰ এক বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰ আৰু দিচাং নদীৰ বাড়নী পানীয়ে বুঢ়াই পেলাইছিল। সেই সময়ত এই সকল মানুহে নিজৰ ঘৰ বাৰী এৰি মথাউৰিত আশ্ৰয় লৈ থাবি লগীয়া হৈছিল। বৰ্তমান পানী শুকালে যদিও এই সমুহ অঞ্চলত বানাক্ৰান্ত ৰাইজে খাদ্যৰ বাবে, পিন্ধিবলৈ এযোৰ কাপোৰৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে।

চৰকাৰ তথা প্ৰশাসনৰ পৰা কিছু সাহাৰ্য পাইছে যদিও অঞ্চল সমুহ অতি ভিতৰুৱা হোৱাৰ বাবে বান সাহাৰ্যৰ পৰা বঞ্চিত হৈছে গটঙা, গড়ভগা, চৰাইপৰা, ভিতৰ লিগিৰীবাৰী,বলমা, শৰাগুৰি চাপৰি, মাজৰবাৰী, ৰূপহীমূখ, আদি অঞ্চল।

সতীৰ্থ ৯৭ ৰ সদস্য সকলে এইসকল বানাক্ৰান্ত ৰাইজৰ ওচৰলৈ গৈ মংগলবাৰে বান সাহাৰ্য প্ৰদান কৰে। গড়ভঙা, চৰাইপৰা আৰু চুমনী গাঁৱৰ প্ৰায় ২০০ টা পৰিয়ালক প্ৰদান কৰে বান সাহাৰ্য। সতীৰ্থ ৯৭ যে প্ৰতিটো পৰিয়ালক ২ কেজি চাউল, ৩০০ গ্ৰাম দাইল, ২০০ গ্ৰাম, মিঠাতেল, শিশুৰ বাবে আমোল টাজা এক পেকেট, ব্ৰেড এক পেকেট, বিশুদ্ধ পানী, মেক্স’, মমবাতি, জুইশালা, ফেনাইল আৰু কাপোৰ প্ৰদান কৰে। সতীৰ্থ ৯৭ ৰ এই বান সাহাৰ্য লাভ কৰি অঞ্চলবাসীয়ে আনন্দ লাভ কৰাৰ লগতে সতীৰ্থ ৯৭ ৰ সকলো সদস্য আশু আৰোগ্য কামনা কৰাৰ লগতে সকলোৰে উন্নতিৰ বাবে আৰ্শীৰবাদ দিয়ে।

উল্লেখ্য যে সতীৰ্থ ৯৭ য়ে এই বান সাহাৰ্যৰ কাৰ্যসূচী সম্পূৰ্ণ নিজা প্ৰচেষ্ঠাৰে সম্পন্ন কৰিলে। দোকান পোহাৰ, ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা দান বৰঙণি সংগ্ৰহ নকৰি সতীৰ্থ ৯৭ সকলো সদস্যই নিজিৰ নুজৰ সামৰ্থ্য অনুযায়ী বৰঙণি বা সামগ্ৰী প্ৰদান কৰি বানপীড়িত ৰাইজৰ বাবে সাহাৰ্য যোগান ধৰে। বান সাহাৰ্য প্ৰদান কাৰ্যসূচীত সতীৰ্থ ৯৭ ৰ সভাপতি আটিশ গুপ্তা, সম্পাদক পাৰ্শ্বজ্যোতি গগৈ, কুমুদ দিহিঙ্গীয়া, ৰাজীৱ শৰ্মা, পবিত্ৰ টায়ে, সৌমাৰ জ্যোতি শইকীয়া, শ্যামকানু বৰুৱাৰ লগতে সতীৰ্থ ৯৭ ৰ শুভাকাংশী পূৰ্ণিমা দিহিঙ্গীয়া, জেচমিন দে , বিশ্বজিৎ দত্ত আৰু পংকজ চেতিয়াই অংশগ্ৰহণ কৰে।

উল্লেখ্য যে সতীৰ্থ ৯৭ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়ৰ ৯৭ বৰ্ষত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ সকলৰ এক অনুষ্ঠান।

Related Articles

Leave a Reply

Close