অসম

গোৱালপাৰা জিলা মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

২ আগষ্টৰ পৰা ৬ আগষ্টলৈ শ্ৰেণী বৰ্জন, ৭ আগষ্টত উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত ধৰ্ণা

ৰংজুলি, ৩১ জুলাইঃ গোৱালপাৰা জিলাৰ মাধ্যমিক বিদ্যালয় সমূহত বিগত ৯ বছৰে নিষ্ঠা আৰু সততাৰে শিক্ষাদান কৰাৰ উপৰিও বিভিন্ন চৰকাৰী কাম-কাজত সেৱা আগবঢ়াই অহা ১৮১ গৰাকী অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষকৰ চাকৰি নিয়মীয়াকৰণতো নহ’লেই অসম চৰকাৰৰ বিয়াগোম শিক্ষা বিভাগে যোৱা পাঁচটা মাহৰ মাননীখিনিও মোকলাই দিবলৈ সক্ষম নহোৱাত ক্ষুব্ধ হৈ পৰিছে শিক্ষক সকল | উল্লেখযোগ্য যে যোৱা ২০১৬ চনৰ ৩ মাৰ্চ তাৰিখৰ কেবিনেট সিদ্ধান্তৰ আধাৰত প্ৰস্তুত কৰা কাৰ্যালয় স্মাৰক কাৰ্যকৰীকৰণ আৰু আদালতৰ ৰায়ৰ বিৰুদ্ধে চৰকাৰে কৰা পিনৰীক্ষণ গোচৰ উঠাই লৈ চাকৰি নিয়মীয়াকৰণ কৰিবলৈ চৰকাৰক বাৰে বাৰে আহ্বান জনাই অহাৰ পিছতো শিক্ষা বিভাগে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপন কৰিছে | সেয়েহে সদৌ অসম মাধ্যমিক অতিৰিক্ত ( ঠিকাভিত্তিক ) শিক্ষক সন্থাৰ যোৱা ২৭ জুলাইত তাৰিখত অনুষ্ঠিত সভাৰ প্ৰস্তাৱ মৰ্মে অতিৰিক্ত ( ঠিকাভিত্তিক) শিক্ষক সকলৰ ওপৰত চৰকাৰী বঞ্চনা আৰু শোষণৰ প্ৰতিবাদত অহা ২ আগষ্টৰ পৰা ৬ আগষ্টলৈ শ্ৰেণী বৰ্জন কাৰ্যসূচী আৰু ৭ আগষ্টত দিনৰ ১১ বজাৰ পৰা ২ বজালৈ ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হব বুলি আজি গোৱালপাৰা জিলা মাধ্যমিক অতিৰিক্ত ( ঠিকাভিত্তিক ) শিক্ষক সন্থাৰ সভাপতি আব্দুল হাই আহমেদ আৰু সাধাৰণ সম্পাদক শান্তনু কলিতাই এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিছে |

Related Articles

Leave a Reply

Close