গল্পসাহিত্য

জানকীয়ে নাপালে পাতাল

স্ৰীতি কাশ্যপ

কিয়? কোনে সুধিছিল সেই জানকীক পাতালৰ তল বিচাৰি জননীক বিনাওঁতে? এৰাতো “ৰামৰ দৰে খৰমযুৰীয়া ভৰি মোৰ, মই ভগৱানেই তোমাৰ” ঘোষণাৰে তাইকতো জানকী সজাইছিল সেই তাইৰ গৰাকীজনে। না: অন্য বিশেষণ নাহিল সেই জন্ম মৃত্যুৰ লগৰী বুলি সামাজিক স্বীকৃতি আদায় কৰা মানুহজনৰ বাবে।
সেই যে ন-ছোৱালী সাজি অহা নগৰখন তাহানিৰ? ন-ছোৱালী, তাইক এই নামেৰে সম্বোধিছিল এই নগৰীৰ নগৰীয়াবোৰে। মৰমতে? হমম…. তাইৰ গৰাকীজন সন্দিহান হৈ উঠিছিল ভীষণ ভাৱে। তাই মৰম আদৰা মানুহেই আছিল, … তাইৰ নতুন ৰূপ, সেয়ে ন- ছোৱালী.. খুব ভাল লগা। কিন্তু তাই যে জানকী সাজিব কোনে জানিছিল? তাকো ৰামৰ কাৰেঙত?
ৰত্নগিৰিয়ে… গুৱাহাটী এৰি অহাৰ সময়ত “জানকী” বিস্মৃত আছিল তাইৰ সেই অধ্যায়ৰ পৰা। ধীৰে ধীৰে যেতিয়া সোমাই পৰিছিল সেউজীয়া চাহবোৰৰ মাজে মাজে অকস্মাতে ভাঁহি আহিল “বাইদেউ, পহাড় লাইনেদি আহিল? ” নেপালী সুৰীয়া কথাষাৰ সুধি তাইলৈ চাই ৰোৱা নেপালীভাষী দিদিজনী দেখুন। জানকীয়ে নুবুজাত তাইৰ মুখলৈ চাই থকাত দিদিয়ে ভেদ ভাঙিছিল—নুমলীগড়। নুমলীগড়েই দিদিয়ে কোৱা পহাড় লাইন। আকৌ হেৰাই থাকিল দিদি ,”ৰত্নগিৰি” ৰ খিড়ীকীৰে দেখা নাতিদূৰৰ কাৰ্বি পাহাৰত হেৰাল নেকি?
বাল্য কালত তুৰাৰ পাহাড়ী পথৰ একাবেকাত লৱৰি-ঢাপৰি ডাঙৰ হোৱা তাইৰ বাবে নুমলীগড় ন অতি উচ্চ যেন লাগিছিল তাইৰ বাবে,দিদিৰ “পহাড়”টো। তাতে লেটেকুজান, লৱনঘাট, তেল গৰমৰ হাবি ভাঙি উদঙোৱা সেই বিশাল ভূমি, শোধনাগাৰ হ’ব লাগিব… দিন ৰাতি তাৰেই সাধনা দেখে তাই কাৰিকৰী মানুহৰ, সেই উদং, নগ্ন ভূমিত। তাই নেদেখা সেই অৰণ্যৰ দুখত কাতৰ হৈছিল।
ৰূপাই চাবলৈ আহিছিল দুভৰিত পায়েল পিন্ধি জুনজুনাই ফুৰা একঁকাল ক’লাৰে উজলি উঠিব খোজা সেই ন-ছোৱালীক। “মায়ে সদায় কয় কি যে লাগে দেখি, তই চাই থাকিবি বুলি, মোৰ আপোনাক চাব মন যায় “, ৰূপা ,সেই দিদিৰ ছোৱালী।
ৰত্নগিৰি আগুৱাই আহি থাকিল –” টাউনশ্বীপ, লৱনঘাট, তেল গৰম, মৰঙী, দৈগ্ৰোং নে দৈগোৰোং–“এটা সময়ত ৰৈ গ’লহি ৰত্নগিৰি। তাই নামি পৰিল সেই নগৰত যি নগৰত ভূলুণ্ঠিত হৈছিল…..
অট’ এখন আগবাঢ়ি আহিল জানকী, ন-ছোৱালীক লৈ যাবলৈ। তাইৰ বুকুত অনুৰণিত হ’ব ধৰিলে সেইবোৰ কেতিয়াও মচ্ নোযোৱা কথাবোৰ। কিয় হ’ল পুনৰাগমন.. তাইৰ মন কিহৰ বাবে মৰ্মাহত? সদ্যমৃতকৰ বাবে নে তাইৰ নুশুকোৱা ঘাঁৰ বেদনাত। মৃতক হলেইবা তাইৰ কোনোবা, গৰাকীজনৰ, ৰামৰ আত্মজ, কিয়, কি বুটলিবলৈ আহিল? যিবোৰ বান্ধোন তেজিছে কিহৰ আশাত তাই সেই বান্ধোনৰ পৰিধিলৈ আহিব খুজতে? জানকীয়ে পৃথিবী তেজিছিল দু:খ আৰু অপমানত ,সেই দুখে ন-ছোৱালীকো দহিলে, যেনেকৈ দহন হৈছিল খাণ্ডবৰ।
পুৰণি ঘাঁবোৰ বুকুত বান্ধি সেই লংকাত ভৰি থৈছিল জানকীয়ে, য’ত বন্দী হৈছিল ৰামৰ হাতত অকল্পনীয় কাহিনীৰে।
মৃতকৰ ঘৰ ক্ষন্তেকলে সৰৱ হৈ পৰিল। “ক’ত সেই ৰংবোৰ হেৰুৱাই আহিলা ন-ছোৱালী? তেজে ৰঙা কৰা বগা, গুলপীয়াবোৰ? ” তাই বিতত হৈ পৰিল এই মৰমী মানুহবেোৰৰ অগোচৰে কাহিনী যিবোৰ ৰচিত হৈছিল, কি দোষ এই পুৰণি ,পৰক আপোন কৰা মানুহবোৰৰ? দোষ তো অদৃষ্টৰ। কি দোষত বাৰে বাৰে পৰীক্ষা হৈছিল তাইৰ শৰীৰৰ, দেহৰ, মনৰ। ক্ষত- বিক্ষত হৈ বাগৰি পৰিছিল আত্মাৰ পৰিচয়।
ৰামৰ বিচাৰত জানকী বনবাসী হৈছিল এবাৰ, তাইৰ গৰাকীৰ বিচাৰত অহোৰাত্ৰী বব লাগিছিল নতুন অপবাদ। সেই অপবাদে সাঙুৰিছিল কিছুমান পবিত্র সম্পর্ক। …. ভুলুন্ঠিত হৈ বাগৰি পৰিছিল কিছুমান সত্যতা। পৰীক্ষা বোৰত উত্তীর্ণ হৈ গৈ আছিল আৰু বন্দী হৈ গৈছিল দিন দিন প্ৰতিদিন।
“কিয় গৈছিলা মাতিলে বুলিয়েই, সেই ডেকা ল’ৰাটো দেখি? জানকী,নহয় নহয় তাই দিনে দিনে সাজি লৈছিল লেটা,সোমাই থাকিছিল ভীত,সন্ত্ৰস্ত হৈ। দিনে দিনে এক নতুন খিতাপ পাবলৈ লৈছিল সেই মৰমীয়ালবোৰৰপৰা। “গুৱাহাটীৰ ছোৱালী, অহংকাৰী, কি বুজিব মৰম- চেনেহ? ” তাই বুজিছিল মৰম আৰু বুজিছিল তাইৰ পৃথিবী নি:শেষ হোৱাৰ কাহিনীও।তাই গৰাকীৰ বীজ ধাৰণ কৰি পৰীক্ষা দিছিল বীজৰ প্ৰকৃত পৰিচয়ৰ। হাহাকাৰ ,তাইৰ চাৰিওফালে মানুহ আছিল, কিন্তু সিহঁতৰ দোষ কি তাইক নুবুজাৰ? বন্দী ন-ছোৱালী ৰামৰ হাতত কোনে পটিয়াব? মৃত্যুৱে পটিয়াব। বাট চাইছিল বীজটো পুৰঠ হোৱালৈ।
” আপুনি ইয়াৰ পৰা নাযাব। ইয়াতে থাকক, ইয়াত মানুহ নোহোৱা হ’ব দুদিন পাছত, তেতিয়া দুয়ো লগ হৈ থাকিব, নাপাব ইমান শান্তি, গুৱাহাটী বা আন কতো।” তাইৰ পৰিত্যক্ত সম্বন্ধ এটাই কৈ উঠিল। দুয়ো মানে সেই আত্মজ, অকালতে মৃত্যু বিচাৰি লোৱা ৰামৰ ভতিজাৰ পত্নী, আৰু তাইৰ?
তাইটো নিৰ্বাসন ল’লে সেই ৰামৰূপী গৰাকীৰ পৰা, বহুকেইটা দিন হৈ গ’ল। তাই পাতাল বিচাৰিছিল লুন্ঠিত হোৱাৰ দিন ধৰি, নোপোৱাত নিৰ্বাসন সাৱটি থকা মানুহ হ’ল।
কেনেকৈ সেই বোৰ নগৰীয়াক আকৌ আপোন কৰিব যিখন নগৰত বহু পুৰণি ইতিহাস লিখা হৈছিল গৌৰৱৰ?
“ইমান কিহৰ উৎপাত, গিৰিয়েকৰ লগত থাকিবলে”– থকা – সৰকা হৈছিল তাইৰ পূজনীয় নতুন মানুহৰ আক্ৰমণত। সাবালক, যুবক, গৰাকীৰ আপোন বোৰৰ সন্মুখত কথাৰে উদং হৈছিল তাই। নিমাতে আঁতৰি গৈছিল তাইৰ ৰাম, ৰামে তাইক এই নগৰলৈ আহিবলৈ বাধ্য কৰিছিল, ৰামৰ আত্মীয়াৰ সন্মতি অবিহনে। আৰু ৰোষত পৰি জানকী পদানত হৈছিল। দোষ? নাজানিছিল।

কিয় সেই অদ্ভুত কাহিনীৰ নায়িকা সজালে ৰামে, তাইক বুজিবলৈ লাগিছিল আৰু এটা যুগ। আৰু বুজি পোৱাৰ পাছত জানকীয়ে বিচাৰি লৈছিল তাইৰ পাতাল। সেই জানকীক কোনোৱে নুশুধিলে পাতাল প্ৰিয়তাৰ কথা, এই জানকী সাৰি নাযায় প্ৰতিনিয়ত,উত্তৰ দিয়াৰ দায়িত্বৰ পৰা।
” মই কাইলৈ যাবগৈ লাগিব” মৰমীয়াল মানুহবোৰক ক’লে।”আহিবগৈ”। নাজানে তাই পাৰিবনে সহিব ইমান ভাৰ, ইমান বিৰহ? এই জানকীয়ে কিয় নাপায় পাতাল? দুটোপাল পানী দুগালেৰে নামি আহিল অলক্ষ্যে।
এচোতাল আশাত বন্দী মানুহক, বগা কাপোৰৰ ৰভাৰ দুখে ঢাকি থোৱা তাইৰ পৰিত্যক্ত ৰামৰ আপোনবোৰক এৰি আহি থাকিল তাই, “ৰত্নগিৰি” ৰৈ আছে তাইক ওভটাই নিবলৈ, সেই একাকী পথেৰে তাইৰ একান্ত জীৱনটোলৈ।

Related Articles

Leave a Reply

Check Also

Close
Close