অসম

জুৰিয়াত পৰকীয়া প্ৰেমিকৰ সৈতে মিলি নিজ স্বামীক হত্যা পত্নীৰ

প্ৰথম খবৰ ডুমডুমীয়া, আনছাৰুল ইছলাম: পৰকীয়া প্ৰেমৰ বাবেই নগাঁৱৰ জুৰীয়াত প্ৰাণ গ’ল যুৱকৰ। জুৰীয়াৰ মেলেকাধিঙত সংঘটিত হৈছে এই ঘটনা। ফৰিদুল ইছলাম নামৰ লোকজনক নিশা শোৱাপাটিতে মূৰত আঘাত কৰি হত্যা কৰে।

এই হত্যাকাণ্ডৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ পত্নীৰ লগতে পত্নীৰ পৰকীয়া প্ৰেমিক ছাইদুৰ ৰহমানৰ বিৰুদ্ধে। অভিযোগ অনুসৰি গাওঁখনৰে জনৈক ছাইদুৰ ৰহমানৰ সৈতে চলি আহিছিল মহিলাগৰাকীৰ দীৰ্ঘদিনীয়া প্ৰেম। পত্নীৰ এনে কাৰ্যক বাধা দিয়াৰ বাবেই ছাইদুৰ আৰু মহিলাগৰাকীয়ে মিলি হত্যা কৰে ফৰিদুলক।

ইতিমধ্যে দগাঁও আৰক্ষীয়ে মহিলাগৰাকীৰ সৰু ভায়েকক সোধপোছৰ বাবে আৰক্ষী চকীলৈ লৈ যায়। আনহাতে, ফৰিদুলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ কাৰণে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Related Articles

Leave a Reply

Close