Uncategorized

ডুমডুমা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদ্ যাপন

ডুমডুমা, ১ জুলাই : ডুমডুমা মহাবিদ্যালয়ত আজি ৫৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্ যাপন কৰা হয় । মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ প্ৰকাশজ্যোতি বৰঠাকুৰে পতাকা উত্তোলন কৰি আজিৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । প্ৰতিষ্ঠাপক সম্পাদক যোগেন্দ্ৰ নাথ ডেকাৰ প্ৰতিমূৰ্তিত মাল্যদান কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষা বীণা ডেকাই আৰু তাতে বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ আব্দুল কাদিৰে । জন্মদিনৰ কেক কাটে মহাবিদ্যালয় গবৰ্ণিং বডিৰ সভাপতি ৰমেশ গোস্বামীয়ে । ইয়াৰ পিছতে পুৰণা প্ৰশাসনীয় ভৱনৰ সন্মুখত এখন সভাৰ লগতে কিছু সংস্কৃতিমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰথমতে অধ্যক্ষ ড০ বৰঠাকুৰে মহাবিদ্যালয়খন প্ৰতিষ্ঠা কালৰেপৰা সাম্প্ৰতিক সময়লৈ যিসকলে বৰঙণি আগবঢ়ালে সেইসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে আৰু মহাবিদ্যালয়খনৰ অগ্ৰগতি আৰু সমস্যাসমূহৰ ব্যাখ্যা আগবঢ়ায় । সভাখনত সভাপতি ৰমেশ গোস্বামী, অৱসৰপ্ৰাপ্ত অধ্যক্ষদ্বয় বীণা ডেকা আৰু ড০ কাদিৰ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী মঞ্চৰ সভাপতি অৰ্জুন বৰুৱা, অভিভাৱক মঞ্চৰ সভাপতি সত্যেশ্বৰ গোঁহাই আদিয়ে বক্তব্য প্ৰদান কৰি অতীতক সোঁৱৰণ কৰে আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰে । অধ্যাপিকা চিলা সোণোৱাল আৰু অধ্যাপক দ্বিজেন শৰ্মাই একোটি স্বৰচিত কবিতা আবৃতি কৰি শ্ৰোতাৰাইজক বৰ আমোদ দিয়ে । ইক’নমিক ফ’ৰামৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশ সম্পৰ্কীয় এখন বাটৰ নাট ঠাইতে প্ৰদৰ্শন কৰি সেউজ ধৰণী ৰক্ষাৰ সতৰ্ক বাণী শুনায় । অধ্যাপক মাধুৰ্য মহন্ত আৰু ছাত্ৰী সোণোৱালে একোটি গীত পৰিৱেশন কৰি পৰিবেশ জীপাল কৰি তোলে । সন্ধিয়া মহাবিদ্যালয় চৌহদত ৫৩ গচি বন্তি প্ৰজ্বলন কৰি প্ৰতিষ্ঠা দিৱসক সজীৱ কৰি তোলে । অধ্যাপক দীপক ৰঞ্জন বৰুৱাই শলাগ জ্ঞাপন কৰা সভাখনিৰ আঁত ধৰিছিল কৰ্মচাৰী হিৰণ্য গগৈ মহন্তই ।

Related Articles

Leave a Reply

Close