আন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

ড্ৰ’ হোৱা পিছতো ইংলেণ্ডে কেনেকৈ লাভ কৰিলে বিশ্বকাপৰ খিতাপ?

নিউজ ডেস্ক প্ৰথম খবৰ:বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল খেল খনে সকলোকে চমক দিবলৈ সক্ষম হ’ল, প্ৰথমতে বেটিং কৰি নিউজীলেণ্ডে ২৪১/৮ ৰাণ সংগ্ৰহ কৰে, ইংলেণ্ডক বিজয়ৰ বাবে ২৪২ ৰাণৰ দৰকাৰ আছিল কিন্তু ৫০ অ’ভাৰৰ আটাইকেইটা উইকেট হেৰুৱাই ইংলেণ্ডে সংগ্ৰহ কৰে ২৪১ ৰাণ। আৰু খেলখন ড্ৰ’ হয়। নিয়ম অনুসৰি পিছত চুপাৰ অ’ভাৰৰ খেল হয়, আৰু ইংলেণ্ডে ১৫ ৰাণ সংগ্ৰহ কৰে, নিউজীলেণ্ডক বিজয়ৰ বাবে ১৬ ৰাণৰ দৰকাৰ আছিল, কিন্তু নিউজীলেণ্ডেও চুপাৰ অ’ভাৰৰ ১৫ ৰাণ সংগ্ৰহ কৰে আৰু খেলখন ড্ৰ’ হয়, তাৰ পিছতো ইংলেণ্ডে কেনেকৈ বিশ্বকাপৰ খিতাপ লাভ কৰিলে? আই.চি.চিৰ নিয়ম অনুসৰি যদি চুপাৰ অ’ভাৰতো খেল খন ড্ৰ’ হয় তেন্তে সমগ্ৰ খেল খন আৰু চুপায় অ’ভাৰৰ ৬ আৰু ৪ ৰ অনুপাতত সিদ্ধান্ত গ্ৰহণ কৰা হয়,যিহেতু ইংলেণ্ডৰ ৬/৪ ৰ সংখ্যা নিউজীলেণ্ডতকৈ বেছি সেই ভিত্তিতে ইংলেণ্ডে প্ৰথম বাৰৰ বাবে বিশ্বকাপ ক্ৰিকেটৰ খিতাপ লাভ কৰিবলৈ সক্ষম হ’ল।

Related Articles

Leave a Reply

Close