Uncategorizedঅসম

তিনিচুকীয়া জিলা সাহিত্য সভাৰ ‘ৰামধেনু’ আৰু হীৰুদাৰ জন্মদিনৰ অনুষ্ঠান ডুমডুমাত সম্পন্ন

ডুমডুমা, ২৮ জুলাই : তিনিচুকীয়া জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ডুমডুমা শাখা সাহিত্য সভাৰ আতিথ্যত আজি শাখা চৌহদত জিলা পৰ্য্যায়ত এই বছৰৰ ‘ৰামধেনু’ অনুষ্ঠানটোৰ লগতে সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ জন্ম দিৱসটো উদ্ যাপন কৰা হয় । আৰম্ভণিতে জিলা সাহিত্য সভাৰ সভাপতি ডাঃ গিৰীশ সন্দিকৈয়ে পতাকা আৰু শাখা সভাপতি অৰ্জুন বৰুৱাই স্মৃতি তৰ্পণ কৰে । তাৰ পিছতে জিলাৰ প্ৰাক্তন সম্পাদক মোহন মৰাণে হীৰুদাৰ প্ৰতিচ্ছবিৰ সমূখত বন্তি প্ৰজ্বলন কৰে । ইয়াৰ পিছতে অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলাৰ প্ৰাক্তন সভাপতি প্ৰবীন বৰাই । অনুষ্ঠানটোৰ আৰম্ভনিতে জিলাৰ প্ৰাক্তন সম্পাদক তৰংগমল্ল বৰুৱাই হীৰুদা সম্পৰ্কে এটি আলোচনা আগবঢ়াই সুগন্ধি পখিলাৰ কবিক সশ্ৰদ্ধ সোঁৱৰণ কৰে । শাখা সভাপতি অৰ্জুন বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰে আৰু জালা সভাপতি ডাঃ গিৰীশ সন্দিকৈয়ে হীৰুদাক সোঁৱৰণ কৰাৰ লগতে ‘ৰামধেনু’ৰ বিষয়ে কিছু বক্তব্য আগবঢ়ায় । ডুমডুমা শাখাৰ সদস্যাসকলে পৰিবেশন কৰা ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীতেৰে অনুষ্ঠানটো আৰম্ভ কৰা হয় । চমু সভাখনৰ পিছতে মূল ‘ৰামধেনু’ অনুষ্ঠানটো অনুষ্ঠিত হয় । জিলাখনৰ শাখাসমূহৰপৰা অহা যুৱক-যুৱতীসকলে গীত, নৃত্য, কবিতা পাঠ আদি ৰূপায়ণ কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে । জিলা সাহিত্য সভাৰ উদ্যোগত পতা ৰচনা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ নিৰ্বাচিত প্ৰতিযোগীসকলক এই একেটি অনুষ্ঠানতে পুৰস্কাৰ প্ৰদান কৰা হয় । শেষত শাখাৰ পত্রিকা সম্পাদক দেবজিত মিত্রৰ তত্বাৱধানত প্রকাশ কৰা ‘কুঁহি’সকলৰ প্ৰাচীৰ পত্ৰিকাখনি উন্মোচন কৰে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক সুনীল গুৰুঙে । সন্ধিয়া এটি ‘কুঁহি’ৰ অনুষ্ঠান অনুষ্ঠিত হয় । দিনটোৰ কাৰ্যসূচীৰ আঁত ধৰে ক্ৰমে জিলা সম্পাদক দীপেন বৰা আৰু শাখা সম্পাদক দেবেন ডেকাই ।

Related Articles

Leave a Reply

Close