Uncategorized

ধনী হোৱাৰ আনন্দ – ডঃ কুমুদ দাসৰ দেওবৰীয়া বিশেষ লেখা

জীৱনৰ আনন্দ

ডঃ কুমুদ দাস:

আমি শৈশৱৰপৰাই সাধাৰণ পৰিয়ালত ডাঙৰ দীঘল হৈছোঁ৷ আমাৰ কাৰণে শৈশৱত এটা হাঁহৰ কণী অকলে খোৱাটো একপ্ৰকাৰ বিলাসিতাই আছিল৷ ঘৰখনৰ চাৰিগৰাকী ভাতৃ-ভগ্নীৰ মাজত দুটা কণী সমানে চাৰিভাগ কৰি ভগাই খোৱাৰ অঘোষিত নিয়ম আছিল৷ অৱশ্যে তাৰ কাৰণে কোনো আক্ষেপ নাই৷ নিম্ন মধ্যবিত্ত বহু পৰিয়ালত এনে দৃশ্য তেনেই সাধাৰণ কথা আছিল আমাৰ দিনত৷ আনহাতে, ডাঙৰটো সন্তানৰ পুৰণি কাপোৰ, পুৰণি কিতাপ সৰুটো সন্তানে ব্যৱহাৰ কৰাটোও তেনেই সাধাৰণ কথা আছিল বহু নিম্ন মধ্যবিত্ত পৰিয়ালত৷ এতিয়াৰ দিনত অৱশ্যে বহু পৰিয়ালত পুৰণি কাপোৰ বা কিতাপ ব্যৱহাৰৰ প্ৰৱণতা অলপ কমি যোৱা যেন অনুমান হয়৷

আমি সৰু থকা অৱস্থাত জোতা-চেণ্ডেলো দাদাৰ কাৰণে পুৰণি হোৱাৰ পিছত আমি পিন্ধাৰ সুযোগ পাইছিলো৷ দেউতাই এখনেই চাইকেল কিনি দিয়াৰ কথা ভাবোতে প্ৰথমে ঘৰৰ ডাঙৰ হিচাপে দাদাকেই কিনি দিছিল৷ নৱম শ্ৰেণী পোৱাত টিউশ্যনলৈ যোৱাৰ বাবে এখন নতুন চাইকেল চলোৱাৰ সৌভাগ্য আমাৰো হৈছিল৷

এনেবোৰ কথা কাণ্ড হয়তো এতিয়াৰ বহু ল’ৰা ছোৱালীৰ বাবে অস্বাভাৱিক যেন লাগিলেও আমাৰ স্কুলীয়া দিনত এখন নতুন চাইকেল চলাব পোৱাটোও সৌভাগ্যৰ কথাই আছিল৷ তেতিয়াই আমি ভাবিছিলো, কেতিয়াবা ধনী হোৱাৰ সুযোগ পালে শৈশৱত যিবোৰ কথাৰ বাবে অভাৱগ্ৰস্ত হৈ দিন পাৰ কৰিছিলো, সেই চখবোৰ পূৰণ কৰিম‍৷ বছৰেকত এজোৰেই নতুন কাপোৰ পোৱাৰ নিয়ম আছিল আমাৰ শৈশৱ কালত৷ এযোৰ নতুন জোতাও হয়তো দুৰ্গা পূজাৰ সময়তহে পিন্ধাৰ সৌভাগ্য হৈছিল আমাৰ৷ সৰুৰে পৰাই বেলেগ বস্তুৰ পৰিৱৰ্তে চাইকেল আৰু জোতাৰ প্ৰতি এক সুতীব্ৰ আকৰ্ষণ আমাৰ থাকি গ’ল৷ এতিয়া নিজে চাইকেল কিনিব পৰা সামৰ্থ হোৱাত দুখনকৈ চাইকেল কিনিছোঁ৷ সুযোগ সুবিধা পালেই পছন্দৰ জোতাজোৰ কিনি আনোঁ৷ চাইকেল বিপণী বা জোতাৰ শ্ব’ৰুমলৈ গ’লে জোতাবোৰ বা চাইকেলবোৰ চাই সময় পাৰ কৰোঁ৷

শৈশৱৰ বহু কথাই মানুহৰ গোটেই জীৱন মনত দোলা দি থকাৰ দৰে, আমাৰ ব্যক্তিগত জীৱনত জোতা আৰু চাইকেলে দ’কৈ সাঁচ বহুৱাই থৈ গ’ল৷ কেতিয়াবা হাতলৈ ধন আহিলে চাইকেল আৰু জোতা কিনাৰ ইচ্ছা পূৰণ কৰিব পৰাকৈ এতিয়া আমি ধনী৷ এতিয়া মন গ’লেই এখন চাইকেল বা এযোৰ জোতা ক্ৰয় কৰি শৈশৱৰ সেই নোপোৱাৰ আনন্দখিনি পূৰণ কৰো‍ঁ৷ শৈশৱৰ অপূৰ্ণ আশা এনেকৈ যৌৱন বা বৃদ্ধকালতো পূৰণ কৰাৰ হাবিয়াস বহুতৰে থাকে৷

বহুতেই শৈশৱত বিচৰা সুবিধাখিনি ধনী হোৱাৰ পিছত পূৰণ কৰি ভাল পায়৷ কিন্তু কিছুমানে ধনবান হোৱাৰ পিছতো শৈশৱৰ হাবিয়াস যৌৱন বা বৃদ্ধকালতো পূৰণ কৰিব নোৱাৰে৷ এনেবোৰ কথা এতিয়া আমাৰ বন্ধুমহলতো সঘনেই আলোচিত হয়৷ আমাৰ জোতা আৰু চাইকেলপ্ৰীতিৰ কথা প্ৰায়সকল বন্ধুৱে জানে৷ কিন্তু সহপাঠী বন্ধুসকলৰ সৈতে সংযোগ প্ৰায় নোহোৱা হৈ যোৱা সময়ত হোৱাটছএপ গ্ৰুপৰ জৰিয়তে আকৌ সহপাঠীসকলৰ বেছিভাগকে বিচাৰি পাইছোঁ৷ সঘন হোৱাটছএপ ব্যৱহাৰৰ অপকাৰিতাৰ মাজতো পুৰণি বন্ধুমহলক একগোট কৰা বাবেই মই হোৱাটছএপ, ফেচবুক ভালপাওঁ৷ এনে সহপাঠী বন্ধুৰ এটা হোৱাটছএপ গ্ৰুপতে এদিন শৈশৱ, যৌৱন আৰ কলেজীয়া দিনৰ অপূৰ্ণ আশা পূৰণ কৰাৰ বিষয়ে আলোচনা হৈছিল৷ গ্ৰুপটোত কেৱল ল’ৰা বন্ধুৱে থকা বাবে কেতবোৰ এই লেখাত উল্লেখ কৰিব নোৱাৰা অপূৰ্ণ আশাৰ বিষয়েও কথা পতা হৈছিল৷ সেইবোৰ বাৰু ব্যক্তিগত হৈয়ে থাকক৷ নাম উল্লেখ নকৰাকৈ এজন বন্ধুৰ অপূৰ্ণ আশাৰ বিষয়ে ক’ব খুজিছোঁ৷

কথাৰ মাজতে তেওঁ ক’লে- বিশ্ববিদ্যালয়ত পঢ়া দিনত মদ খাবলৈ পইচা নাথাকে৷ এটা সৰু বটল চাৰি পাঁচজনে ভগাই খাবলগীয়া হয়৷ সেই তেতিয়াৰ উচ্ছাসভৰা সময়ত মদে-মাংসই বন্ধুৰ সৈতে ভালদৰে পাৰ্টি কৰাৰ ইচ্ছা থাকি গ’ল৷

হাতত ধন নথকা বাবেই বন্ধুৱে তেনে পাৰ্টি কৰিব নোৱাৰাৰ দুখ উজাৰিলে৷ এতিয়া বন্ধুজন মাহেকত লাখৰ ওপৰত দৰমহা পোৱা চাকৰি কৰে৷ কিন্তু হাতত ধন থাকিলেও স্বাস্থ্যটোৱে মদ্যপান কৰিবলৈ অনুমতি নিদিয়ে৷ মদ খালেও নিচাত ডুব যোৱাকৈ বটল শেষ কৰি দিয়াৰ স্বাস্থ্য এতিয়া বন্ধুৰ নাই৷ বন্ধু কেইবাটাও ৰোগত ধৰাশায়ী৷ একেই আলোচনাত এজন মদ্যপান নকৰা বন্ধুৱে কৈছিল, কলেজীয়া দিনত ধাবাত গৈ দকচি খোৱাৰ ইচ্ছা এতিয়া পূৰণ কৰিছে তেওঁ৷ তথাপিও তেওঁৰ মনতো অসন্তোষ৷ কাৰণ, খাব পৰাকৈ ধনী হ’লেও কলেষ্টৰল অধিক হোৱা বাবে হোটেল, ধাবাত নিয়মিত খাব পৰাকৈ তেওঁৰ শৰীৰটোৱেও অনুমতি নিদিয়ে‍৷ এনে ঘটনা কেৱল যে আমাৰ দুই বন্ধুৰ সৈতেই হৈছে এনে নহয়৷ এনে অলেখ লোক এইখন পৃথিৱীত আছে, যিসকলে ধনবান বা সামৰ্থবান হোৱাৰ পিছতো শৈশৱ বা স্কুল কলেজীয়া দিনৰ অপূৰ্ণ আশা পূৰণ কৰিব নোৱাৰে৷ এনে কিছু লোককো আমি জানোঁ, যিয়ে শৈশৱ বা কৈশোৰত দুঃসাহসিক অভিযানৰ কথা ভাবিছিল, কিন্তু ধন হাতলৈ অহাৰ পিছত দুসাহসিক কামৰ বাবে শৰীৰৰ সেই শক্তি নাথাকে৷

এবাৰৰ এটা ঘটনা আমাৰ বৰ স্পষ্টকৈ মনত আছে৷ পেছাগতভাৱে সাংবাদিক হিচাপে বহু মানুহক লগ পাওঁ আমি৷ পেচাদাৰী কামতে এজন মানুহক লগ পাইছিলো৷ মানুহজনে প্ৰায়ে শিক্ষানুষ্ঠানলৈ কিতাপ-পত্ৰ দান দিয়ে৷ পঢ়া-শুনাত ভাল দৰিদ্ৰ ঘৰৰ ল’ৰা ছোৱালীক টকা-পইচা দিও সহায় কৰে৷ প্ৰচাৰবিমুখ মানুহজনে মাহটোৰ উপাৰ্জনৰ সৰহখিনি টকা ৰাজহুৱা কামতে খৰচ কৰে৷ আজিৰ দিনত প্ৰচাৰ অবিহনে তেনে কাম কৰি থকাটো অলপ আচৰিত যেন লগাত আমি সুধিছিলো কাৰণটো কি? তেওঁ ক’লে সৰুতে অভিধান এখন যোগাৰ কৰিব নোৱাৰা বাবে ইংৰাজীটো ভালকৈ শিকা নহ’ল৷ ধনৰ অভাৱৰ বাবে বেছি উচ্চ শিক্ষাও আহৰণ নকৰিলে৷ ধনৰ অভাৱত কোনোবাই নপঢ়াকৈ থাকি গোটেই জীৱন যাতে হীনমন্যতাত নোভোগে তাৰ বাবে সহায় কৰো‍৷ মানুহজন আজি ধনেৰেও ধনী, মনেৰেও ধনী৷ এনে ধনী লোকৰ আনন্দই সুকীয়া, যদিও ব্যৱসায় কৰিয়ে ধনী হৈছে তেওঁ৷ সমাজত ব্যৱসায়ী হিচাপে পৰিচিত হৈ তেওঁ সঁচা অৰ্থত ধনী হোৱাৰ আনন্দ উপভোগ কৰিছে প্ৰচাৰ নোহোৱাকৈ৷ এই লেখাটো লিখোতেও তেওঁ নামটো নিদিবলৈ অনুৰোধ জনোৱাত তেওঁৰ অনুৰোধ উপেক্ষা নকৰিলো৷ কিন্তু এই মানুহজনৰ কথা সুকীয়া৷ আমি পৰ্যাপ্ত ধন সম্পত্তি থকা লোককো আজিৰ দিনত ধনী মানুহ বুলি গণ্যই নকৰো‍ঁ৷

টকা, পইচা, মান, যশ সকলো থকা মানুহকো ব্যক্তিগতভাৱে ধনী বুলি গণ্য নকৰোঁ৷ পুঁজিপতিৰ দৰে অগাধ ধন সম্পত্তি থাকিও যিয়ে নিজৰ জীৱনটোত ভাল কিতাপ এখন পঢ়া নাই, যিয়ে কিতাপ কিনি কেৱল চখৰ বাবে সজাই থৈছে, তেওঁলোক তেনেই দুখীয়া মানুহ৷

আমি দেখা সমাজখনতে এনে বহু লোক আছে, যাৰ অগাধ সম্পত্তি, বেংক বেলেঞ্চ থকাৰ পিছতো কেৱল টকা আহৰণৰ চিন্তা কৰিয়ে বৰ্তমানটো উপভোগ নকৰাকৈ আছে, তেওঁলোক তেনেই দুখীয়া মানুহ৷ বহুত এনে ধনবান আছে, যাৰ বিলাসী গাড়ী আছে, বিলাসী ঘৰ আছে, কিন্তু চিন্তা কেৱল কোনোবাই ধনখিনি লৈ যাব বুলি, তেওঁলোকো ধনী মানুহ নহয়৷

সমাজত আৰু এক শ্ৰেণীৰ লোক আছে, তেওঁলোকৰ পৰ্যাপ্ত ধন আছে, কিন্তু খৰচ কৰি বিচৰামতে এসাজ খাবলৈও নোৱাৰে, ৰুগ্ন শৰীৰটোৱে খাবলৈ অনুমতি নিদিয়ে, ৰুগ্ন শৰীৰটোৱে ক’তো এপাক ফুৰি আহিবলৈ অনুমতি নিদিয়ে, তেনে ধনী হোৱাৰ আনন্দইবা ক’ত?

আৰু এক শ্ৰেণীৰ লোক আছে, পৰ্যাপ্ত ধন, গাড়ী, ঘৰ সকলো থাকে, কিন্তু জীৱনধাৰণৰ মান তেনেই নিম্নমানৰ৷ মানে খৰচ কৰোতে অত্যন্ত হিচাপী হোৱাটো বেয়া নহয়, কিন্তু সৰু সৰু মানুহৰ দোকানত গৈও দাম কমোৱাৰ যি অভিনৱ উপায় উলিয়ায়, ৰিক্সাচালকৰ লগতো ভাড়াৰ নামত কাজিয়া কৰে, তেওঁলোকো আচলতে ধন থাকিও দুখীয়া৷ ধনী হোৱাৰ আনন্দ তেওঁলোকে উপভোগ কৰিব পৰা নাই৷

ধনী হোৱাৰ আনন্দ আচলতে মানুহৰ মানসিকতাত প্ৰকাশ পায়৷ আনক সহায় কৰাটোৱে বা পৰ্যাপ্ত খৰচ কৰাৰ সামৰ্থ মানেই ধনী ব্যক্তি নহয়৷ ধনী হোৱাৰ আনন্দ আমাৰ মতে অলপ বেলেগ৷ কেৱল টকা থাকিলে, সেই টকা যদি বেলেগলৈ ভোগৰ বাবে থৈ যাব লাগে, সেয়াও ধনী হোৱাৰ আনন্দ নহয়৷ ধনী হোৱাৰ আনন্দ তেতিয়াহে উপভোগ্য হয়, যেতিয়া শৰীৰ আৰু মন ভালে থাকে৷ সোঁৱে বাঁৱে ধন উপাৰ্জনৰ নামত জীৱনৰ বেছিভাগ সময় অতিবাহিত কৰি শৰীৰ ৰুগ্ন কৰি পেলোৱাতকৈ কম টকা থাকিও স্বাস্থ্যবান হৈ থকাজনকহে আমি ধনী বুলি গণ্য কৰো৷ স্বাস্থ্য ভালে নাৰাখি কেৱল ধন ঘটি জীৱনটো অতিবাহিত কৰা লোকৰ সংখ্যাই আজিৰ তাৰিখত বেছি৷ আমি জানো, এই লেখাটো তেনে মানুহে নপঢ়ে৷ কাৰণ কেৱল ধন ঘটাৰ তাগিদাত এনে লেখা পঢ়াৰ সময় উলিয়াব পৰা নাই৷ বা ধনী হোৱাৰ আনন্দ শিৰোনামটো দেখিয়ে কিবা এটা অনুমান কৰি লৈ নপঢ়াকৈ থাকি যাব৷ হাতত ধন নথকাৰ পিছতো বা থকাৰ পিছতো এই লেখাটো পঢ়ি যদি আপুনি অলপ চিন্তাৰ অৱকাশ বিচাৰে পাইছে, তেন্তে আজি নহ’লেও ভৱিষ্যতত আপুনি এজন ধনী মানুহ হ’ব পাৰি৷ এইটো আমাৰ জ্যোতিষৰ ভৱিষ্যদ্বাণী নহয়, ইয়াৰ বস্তুনিষ্ঠ বাখ্যা শেষত হ’লেও বুজি পাব৷ অলপ দীঘলীয়া হ’লেও পঢ়ি যাওক৷

ধনী হোৱাৰ আনন্দকণ উপভোগ কৰিবলৈ আপুনি কি কৰিব লাগিব, সেইটোও আপোনাক অলপ ক’ব খুজিছোঁ৷ ধন ঘটক, পৃথিৱীত আৰ্থিক নিৰাপত্তাই আনি দিয়া মানসিক প্ৰশান্তিৰ বাবে আপুনি ধন ঘটাত আমাৰ কোনো আপত্তি নাই৷ কষ্ট কৰক, উপাৰ্জনো কৰক, উপভোগো কৰক, সঞ্চয়ো কৰক৷ কিন্তু মনত ৰাখিব, আপুনি উপাৰ্জন কৰা ধন উপভোগৰ বাবে বা নিয়মিত উপাৰ্জনৰ বাবে আপুনি আপোনাৰ স্বাস্থ্য ধৰি ৰাখিব লাগিব৷ বাৰে বাৰে স্বাস্থ্য ধৰি ৰখাৰ কথা যে আপোনাক কৈ আছো, স্বাস্থ্য ধৰি ৰখা মানে দৈনিক শাৰীৰিক কছৰৎ নহয়, বা দৈনিক একো নোখোৱাকৈ থাকি মেদহীন শৰীৰ প্ৰাপ্তিও নহয়৷ বিশ্ব স্বাস্থ্য সংস্থাই স্বাস্থ্য (Health)ৰ ধাৰণা এইদৰে কৰে ” a state of complete physical, mental and social well-being and not merely the absence of disease or infirmity.” ( উৎস- বিশ্ব স্বাস্থ্য সংস্থা (2006), বিশ্ব স্বাস্থ্য সংস্থাৰ সংবিধান, প্ৰাথমিক তথ্য, অক্টোবৰ, 2006) অৱশ্যে এই সূত্ৰ বা বাখ্যাক লৈও মতভেদ আছে বহু বিশেষজ্ঞৰ মাজত৷

স্বাস্থ্য ধৰি ৰখা মানে আপোনাৰ বয়স অনুপাতে আপোনাৰ দেহাটোক সুস্থ আৰু নিৰোগী কৰি ৰখা৷ স্বাস্থ্য ভালে থকা মানে যে জ্বৰ, পানী লগা কাঁহো নহ’ব, তেনে কথা নাই৷ কেতিয়াবা হ’বই৷ কিন্তু শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বাহাল ৰখাটোহে গুকুত্বপূৰ্ণ কথা৷ আজিৰ তাৰিখত মানুহৰ শৰীৰ ৰোগাক্ৰান্ত হোৱাৰ মূল কাৰণ হ’ল খাদ্যাভাস আৰু শ্ৰমবিমুখিতা৷ এই লেখা পঢ়ি থকা সময়ত আপুনি হয়তো ভাবিছো, আপোনাৰ এতিয়া পলম হৈ গ’ল৷ এতিয়া আৰু স্বাস্থ্য ধৰি ৰখাৰ বা শৰীৰটো নিৰোগী কৰি ৰখাৰ উপায় জানি একো লাভ নাই৷ তেনেহ’লে আমি ক’ম, সেই ধাৰণা একেবাৰেই ভুল৷ মানুহে যিকোনো বয়সত স্বাস্থ্য ধৰি ৰখাৰ কাম আৰম্ভ কৰিব পাৰে, যিকোনো বয়সৰ পৰাই আৰম্ভ হ’ব পাৰে শৰীৰৰ সাধনা৷ যিকোনো বয়সৰ পৰাই আৰম্ভ কৰিব পাৰি শাৰীৰিক কছৰৎ৷ অৱশ্যে বয়সভেদে ব্যায়াম বা শাৰীৰিক অনুশীলনৰ পদ্ধতি বেলেগ হ’ব৷ আপোনাৰ মনত হয়তো প্ৰশ্ন জাগিব পাৰে পয়সত্তৰ বছৰীয়া এজন লোকে শাৰীৰিক অনুশীলন কৰিব পাৰে নে? আমাৰ মতে, পাৰে৷

শাৰীৰিক অনুশীলন মানে ব্যায়ামগাৰ বা জিমত গৈ ওজন দঙা নহয়৷ ত্ৰিশ মিনিট শৰীৰটো লৰচৰ কৰাটোও আমাৰ মতে ব্যায়ামেই হয়৷ কম বয়সীয়া লোকে শাৰীৰিক কছৰৎ কৰাৰ বাবে ফিটনেছ ট্ৰেইনাৰৰ পৰামৰ্শ ল’ব পাৰে৷ পৰামৰ্শ লৈ আগবঢ়াটো জৰুৰী, কাৰণ, ভুলকৈ শাৰীৰিক কছৰৎ কৰিলেও শাৰীৰিক বিসংগতিয়ে দেখা দিব পাৰে৷ এতিয়া আহো, স্বাস্থ্য ধৰি ৰখা বিষয়টোলৈ৷ স্বাস্থ্য ধৰি ৰাখিবলৈ মানে, শাৰীৰিক, মানসিক আৰু সামাজিকভাৱে সুস্থ হৈ থাকিবলৈ ত্ৰিশ মিনিটৰ ঘৰ্মাক্ত পৰিশ্ৰম যথেষ্ট বুলি কয় বহু চিকিৎসকেও৷ কিন্তু বয়সভেদে ব্যায়ামৰ পৰিমাণ আৰু ধৰণ কৰণ বেলেগ বেলেগ৷ আমি সেই বিষয়টো অলপ পঢ়া শুনা কৰি পিছত ভালকৈ লিখিম৷

ত্ৰিশ মিনিটৰ শৰীৰ সাধনাই আপোনাক ধনী হোৱাৰ আনন্দ কেনেকৈ দিব, সেই কথাটো অলপ ক’ব খুজিছো৷ নিয়মিত খোজ কঢ়া, দৌৰা বা কোৰ মৰাৰ দৰে শাৰীৰিক অনুশীলনে যিকোনো বয়সত মধুমেহ, হৃদৰোগ আদিৰ সম্ভাৱনা কমাই আনে‍৷ কেৱল খোজকঢ়াৰ বাবেও আপুনি অজীৰ্ণ, বদহজম, নিদ্ৰাহীনতা আদিৰ দৰে সমস্যাৰ পৰা মুক্ত হ’ব পাৰে৷ মানুহৰ স্বাস্থ্য আৰু মন, দুয়োটাই ভালে ৰাখিবলৈ নিদ্ৰাৰ প্ৰয়োজনীয়তা কিমান, সেই কথা যিকোনো বয়স্ক লোকে ভালকৈ অনুধাৱন কৰিব পাৰে৷ তদুপৰি, বয়স্ক লোকে একেলগে খোজ কঢ়াৰ অভ্যাসৰ মাজেদি সামাজিক পৰিৱেশ এটাও পায়৷ এইবোৰ কথা বিভিন্ন সময়ত কৈ থকা হয় যদিও আমি নিজৰ জীৱনত বিপৰ্যয় নহালৈ উপলব্ধি কৰিবলৈ টান পাওঁ৷ কিন্তু ধনী হোৱাৰ আনন্দ উপভোগৰ মাজত শৰীৰৰ অনুশীলন বা কছৰৎ কিমান প্ৰয়োজন সেই কথা এই আলোচনাৰ পৰা আপুনি হয়তো ধাৰণা এটা কৰিব পাৰিছে৷ আপুনি ঘটা ধন খৰচ কৰিবলৈ বা বিচৰামতে খাদ্য খাই হজম কৰিব পৰাকৈ স্বাস্থ্যবান হ’বলৈকে আপুনি শাৰীৰিক পৰিশ্ৰম কৰিব পাৰিব লাগিব৷ এটা বাক্যত ক’বলৈ গৈ, ধনী হোৱাৰ আনন্দ উপভোগ কৰিবলৈ হ’লে শাৰীৰিক কছৰৎ লাগিবই৷ অন্যথা, হাতত ধন থাকিব, মাছ, মাংস বা মন যোৱা সুস্বাদু খাদ্য খাব নোৱাৰিব৷ পিছে, শাৰীৰিক অনুশীসন কৰিলেও কিমান কেলৰী খাদ্য আপোনাৰ বয়সৰ জোখাৰে প্ৰয়োজন তাৰো তালিকা এখন প্ৰস্তুত কৰি ল’ব লাগিব৷ অন্যথা, আধা ঘণ্টা খোজ কাঢ়ি একাহী ভাত, মাছে মঙহে খালেও বিপদ আপোনাৰেই৷ পৰিমিত আহাৰ, পুষ্টিকৰ খাদ্যাভাসৰ এখন তালিকা লৈ নিয়মিত শাৰীৰিক কছৰৎ কৰি যাওক, বয়স বেছি হ’লেও মানে আপোনাক কোনোবাই বুঢ়া বুলি ভাবিলেও, কেতিয়াবা এদিন ডেকা ল’ৰাৰ দৰেও ঘূৰিব পাৰিব৷ বুঢ়া বয়সতো ল’ব পাৰিব ধনী হোৱাৰ সঁচা আনন্দ৷

Related Articles

Leave a Reply

Close