অসম

নলবাৰীত বিজেপিৰ সদস্য ভৰ্তি অভিযান

প্ৰথম খবৰ,প্ৰাঞ্জল শৰ্মা, নলবাৰী,২৭ জুলাই:সমগ্ৰ নলবাৰী জিলাতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক অশোক শৰ্মা,নাৰায়ণ ডেকা,জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, জিলা সদস্য ভৰ্তি অভিযানৰ প্ৰমুখ অপূৰ্ব শৰ্মা,দ্বীপন বৰ্মন,উপ সভানেত্ৰী আৰতি বৈশ্য,সাধাৰণ সম্পাদক পুলক শৰ্মা,অঞ্জন শৰ্মা, সম্পাদক দিলজিৎ বৰ্মন, তৌফিকুল হক চৌধুৰী,কোষাধ্যক্ষ ধ্ৰুৱজ্যোতি দত্ত,ৰাজ্যিক কাৰ্য্যনিৰ্বাহক প্ৰতুল কলিতা সহ জিলা সমিতি আৰু মণ্ডল সমিতিৰ নেতৃত্বত ইতিমধ্যে সদস্য ভৰ্তি অভিযানকলৈ ব্যাপক তৎপৰতা আৰম্ভ হৈছে। আজি জিলাখনৰ বালিলেছাত ঘৰ ঘৰ গৈ, বাটে- পথে, দোকানে -পোহাৰে যুৱক -যুৱতী সকলক লগ ধৰি আৰু পূৱ বাহঁজানীৰ অময়াপুৰ এলেংগীদল উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰাংগনত গেৰুৱা দলটোৰ সদস্য ভৰ্তি অভিযানৰ এখন প্ৰস্তুতি সভা হৈ যায়। বালিলেছাত নলবাৰী জিলা পৰিষদৰ সভাপতি তথা বিজেপি নেতা নিতুল ডেকা আৰু বুথ সভাপতি,পঞ্চায়ত সদস্য সকলক লৈ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰে। অঞ্চলটোত ঘৰ ঘৰ গৈ, বাটে পথে আৰু দোকান পোহাৰত সোমাই বিশেষকৈ যুৱচামক সদস্য ভৰ্তি কৰায় ।সদস্য ভৰ্তি কৰায় জিলা পৰিষদৰ সভাপতি নিতুল ডেকাই কয় যে – বিজেপিলৈ যুৱচামৰ আগ্ৰহ দেখি অভিভুত হৈছো। যুৱ শক্তি বিজেপি চৰকাৰ আৰু দলে কি কৰি আছে তাক উপলব্ধি কৰিয়েই দলটোলৈ ধাবমান হৈছে। কাৰণ কংগ্ৰেছে সাধাৰণ জনতাৰ লগতে যুৱক যুৱতী সকলক প্ৰতাৰণা কৰাৰ বাহিৰে একো উপকাৰ কৰি দিব পৰা নাছিল বুলি দোহাৰে। আনহাতে পূৱ বাহঁজানীৰ অময়াপুৰ এলেংগীদল আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত বিজেপি নেতা দিলিপ শৰ্মাৰ সভাপতিত্বত সদস্য ভৰ্তি অভিযানৰ এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়। সৰ্বেশ্বৰ কলিতাই আতঁ ধৰা সভাত জিলা বিজেপিৰ উপ সভাপতি তথা সদস্য ভৰ্তি অভিযানৰ জিলা প্ৰমুখ অপূৰ্ব শৰ্মা, পঞ্চায়ত সভানেত্ৰী নমিতা বৈশ্য, আঞ্চলিক সদস্য বংকিম শৰ্মা,জিলা কিষাণ মৰ্চাৰ উপ সভাপতি মিন্টু তামুলী,সম্পাদক বিজুমণি হালৈ, যুৱ নেতা নিৰঞ্জন শৰ্মা, নিহাৰ ভৰালী, বুথ সভাপতি সকল সহ ভালে সংখ্যক দলীয় কৰ্মী উপস্থিত থাকে।

সভাত ভাষন ৰাখি জিলা বিজেপিৰ উপ সভাপতি অপূৰ্ব শৰ্মাই কয় যে -প্ৰতিজন দলীয় সতীৰ্থই একনিষ্ঠ ভাবে সদস্য ভৰ্তি অভিযানত শৃংখলাবদ্ধ ভাবে লাগক। মনত ৰাখিব বিজেপি কিন্তু কংগ্ৰেছ দলৰ দৰে বা আন দলৰ দৰে নহয়। সদস্য ভৰ্তি অভিযানত যাতে কোনো খেলি মেলি নহয় তাকো দোহাৰে ।

Related Articles

Leave a Reply

Close