নিবন্ধসাহিত্য

প্ৰেম ,বিশ্বাস আৰু প্ৰতিশোধ

দেৱজানী কাজল নাহৰ ডেকা

প্ৰেম এক স্বৰ্গীয় অনুভূতি৷প্ৰেম অৱিহনে এই পৃথিৱীখনৰ কোনো অস্তিত্বই নাথাকে৷প্ৰেম অবিহনে শূন্যতাই বাস কৰিব ইহ সংসাৰত৷সেয়ে হয়তো কোৱা হয় প্ৰেমতে ঘূৰিছে ভূ মণ্ডল ,প্ৰেমতে ফুলিছে শতদল৷প্ৰেম হৈছে এক বিশ্বাস৷প্ৰেমৰ বাবেই হয়তো এই পৃথিৱীখন ৰঙীয়াল হৈ আছে৷প্ৰেম আছে বাবেই হয়তো আমি ইজনে আনজনৰ লগত বান্ধ খাই আছোঁ৷

দুখন হৃদয়ৰ মিলনেই হয়তো প্ৰেমক দিয়ে অন্য এক নাম৷হয়তো যি আকৰ্ষণে এজনৰ মনক অন্যজনৰ মনৰ পিনে আকৰ্ষণ কৰে তাকেই প্ৰেম আখ্যা দিয়া হয়৷প্ৰেমৰ তত্ত্ব বিচাৰি নানা জনে নানা সময়ত নানা কথাৰ অৱতাৰণা কৰিছে৷

“সংসাৰৰ সাধৰণ লোকৰ মতে বিপৰীত লিংগৰ প্ৰতি বিপৰীত লিংগৰ যি জৈৱিক আকৰ্ষণ সেয়ে প্ৰেম৷সহজ কথাত নাৰীৰ পুৰুষৰ প্ৰতি আৰু পুৰুষৰ নাৰীৰ প্ৰতি যি আকৰ্ষণ বা আন্তৰিক প্ৰীতি সেয়ে প্ৰেম৷কিন্তু বৰ্তমান সময়ত সঁচা প্ৰেমৰ মূল্য কিমান জনে বুজে?
আজিৰ সমাজত আধুনিকতাবাদৰ প্ৰভাৱ পৰি প্ৰেমৰ সংজ্ঞাও সলনি হৈছে যেন পাইছোঁ৷

কাৰণ বৰ্তমান সময়ত এহাল লৰা ছোৱালীৰ মাজত প্ৰেমৰ সম্পৰ্ক এটা গঢ়ি উঠাৰ লগে লগেই শাৰীৰিক সম্পৰ্কত লিপ্ত হোৱাটোৱে প্ৰধান উদ্দেশ্য হৈ পৰে৷যাৰ ফলত লৰা ছোৱালীবোৰ বহুত সমস্যাত ভুগিব লগা হয়৷

শাৰীৰিক সম্পৰ্কই প্ৰেম নেকি?হয়তো নহয়৷শাৰীৰিক হয়তো সম্পৰ্কতে প্ৰেম আৱদ্ধ নাথাকে৷প্ৰেম হৈছে শাৰীৰিক, মানসিক আৰু আত্মিক মিলন৷সঁচা প্ৰেমত আত্মৰ মিলন হয় প্ৰথমতে সেইবাবেই হয়তো ইজনে আনজনক চকু মুদি বিশ্বাস কৰে৷আৰু প্ৰেমত বিশ্বাস থকাতো বাঞ্ছনীয়ও ৷কাৰণ বিশ্বাস অৱিহনে কোনো সম্পৰ্কই দীৰ্ঘস্থায়ী নহয়৷

কিন্তু এইখিনি কথা কিমান জনে বুজে? 

আজিকালি যিকোনো সম্পৰ্ক ক্ষন্তেকীয়া হৈ গ’ল৷কাৰণ কম বেছি পৰিমাণে সকলো মানুহে স্বাৰ্থপৰ আৰু ভোকাতুৰ৷কোনোবাই দেহাৰ কামনা পুৰণ কৰিবলৈ প্ৰেমৰ জালত ফচাইছে আৰু কোনোবাই নিজৰ কিবা ব্যক্তিগত স্বাৰ্থ পুৰণৰ বাবে৷বহুত কম সংখ্যক লোকহে আছে বৰ্তমান সময়ত যিয়ে সঁচা প্ৰেমৰ মূল্য বুজি পায়৷

সঁচা ভালপোৱাত প্ৰতিশোধ নাথাকে৷আপুনি কাৰোবাক ভাল পালে বাবেই যে তেওঁ আপোনাৰ জীৱনসংগী হবই লাগিব সেইটো নহয়৷কাৰণ জন্ম, মৃত্যু ,বিবাহ ভগৱানৰ হাতত৷আমি কৰোঁ বুলি একো ক’ব নোৱাৰোঁ৷আপোনাৰ প্ৰেমিক/প্ৰেমিকা যদি কালিলৈ আপোনাক এৰি যাব লগা হয় তেতিয়া প্ৰতিশোধৰ কথা নাহে৷কাৰণ তেওঁ কি পৰিস্থিতিত পৰি আপোনাক এৰিব লগা হৈছে সেইটো বুজি পোৱা শক্তি আমাৰ থকা উচিত৷কাৰণ প্ৰতিশোধে নিজৰ লগতে আন বহুত মানুহৰ জীৱন ধ্বংস কৰে৷আৰু সঁচা প্ৰেমত কোনো বিনিময় নাথাকে,কোনো চৰ্ত নাথাকে ,কোনো স্বাৰ্থ নাথাকে৷

সঁচা প্ৰেম দুখন হৃদয়ৰ মাজত সৃষ্টি হোৱা এক সুন্দৰ অনুভূতি৷ সম্পৰ্ক এটা গঢ়িবলৈ বহুত সময়ৰ প্ৰয়োজন কিন্তু সম্পৰ্ক এটা শেষ কৰিবলৈ সময়ৰ প্ৰয়োজন নাথাকে ,এটা মাত্ৰ ভুল বুজা বুজিয়ে ভাল সম্পৰ্ক এটা নষ্ট কৰি পেলাই৷গতিকে আমি প্ৰতিটো ক্ষেত্ৰতে সাৱধান হোৱা উচিত৷আনে কোৱা কথাত মন নিদি আমি আমাৰ সম্পৰ্কটোৰ ওপৰত গভীৰ বিশ্বাস ৰাখিব লাগে৷

প্ৰেমিক/প্ৰেমিকাক মানসিক অত্যাচাৰ কৰি নিজৰ কৰি লোৱা যি মানসিকতা বৰ্তমান সময়ত দেখা পোৱা যায় সেইবোৰ সঁচাকৈ বৰ লজ্জাজনক কথা আজিৰ তাৰিখত৷কাৰণ সম্পৰ্ক এটা এনেকুৱা নহয় যে আপুনি জোৰ কৰিলেই গঢ়ি যাব৷সম্পৰ্ক হ’ল মনৰ বান্ধোন৷যেতিয়া মন মিলিব তেতিয়া সম্পৰ্ক এটা আপোনাআপুনি জন্ম হ’ব আৰু আজীৱন সেই সম্পৰ্কটো বৰ্তি থাকিব৷

নিজৰ পত্নীক বা প্ৰেমিকাক চাৰিবেৰৰ মাজত আৱদ্ধ ৰাখি মানসিক অত্যাচাৰ কৰিব বিচৰা পুৰুষ কেইজনক সুধিব মন যায় আপোনালোকে যে ৰাতি ৰাতি এগৰাকী মহিলা অনলাইন থাকিলে হাই ডাৰ্লিং,হাই চেক্সি,হাই হটী এইবোৰ অশালীন মেচেজ দিয়ে সেই কথাটো যদি আপোনাৰ পত্নী বা প্ৰেয়সীয়ে গ’ম পাই তেন্তে আপোনাৰ সন্মান ক’ত থাকিব? 

কাৰণ হজৰত মহম্মদে কৈছিল আগতে নিজে ভাল হোৱা তাৰ পিছত আনক উপদেশ দিয়া৷গতিকে নিজৰ ছোৱালীৰ বয়সৰ অন্য এজনী ছোৱালীক সেইবোৰ লেতেৰা মেচেজ দিয়াতকৈ নিজৰ পত্নীক বা প্ৰেয়সীক এবাৰ মৰমত মাতক৷তেতিয়া দেখিব আপোনাৰ সংসাৰখন বহুত সুখৰ হৈছে৷৷আনক ডমিনেট কৰি ৰখাতকৈ নিজৰ মানসিকতা সলনি কৰক৷তেতিয়া দেখিব আপোনাৰ মানসিকতাও কিছু পৰিমাণে কিছু পৰিমাণে সলনি হৈছে/শুদ্ধ হৈছে৷

আমি মানুহ৷গতিকে আমি মুক্ত৷জীৱনটো যিহেতু নিজৰ ইয়াক সজাই পৰাই লোৱা দায়িত্বও নিজৰ৷গতিকে কাৰো ইমান অধিকাৰ নাই যে প্ৰতিশোধৰ জুইত আমাক জ্বলাই দিব৷গতিকে শোষন কৰি নহয় মৰমেৰে বান্ধি ৰাখক সম্পৰ্কবোৰক তেতিয়া দেখিব সম্পৰ্কবোৰ মজবুত হৈছে৷শেষত এটা কথাই কম, আমি সকলোৱে মুখত ভদ্ৰ হৈ দেখালেই নহব অন্তৰৰ পৰাও ভদ্ৰ হব লাগিব, তেতিয়াহে যদি সুস্থ সমাজ এখন গঢ়ি উঠিব।

Related Articles

Leave a Reply

Close