অসমশীৰ্ষৰাষ্ট্ৰীয়

ফুৰিবলৈ যাব? 999 টকাত কিনক ইণ্ডিগ’ বিমানৰ টিকট

প্ৰথম খবৰৰ প্ৰতিবেদন: ইণ্ডিগ’ বিমান সেৱাই লৈ আহিছে আটাইতকৈ কম মূল্যৰ বিমান টিকট৷ দেশৰ ভিতৰত বিমান সেৱাৰ টিকট 999 টকাত আৰু আন্ত:ৰাষ্ট্ৰীয় বিমান সেৱাৰ ক্ষেত্ৰত 3499 টকাত সীমিত সময়ৰ বাবে টিকট বিক্ৰী মুকলি কৰি দিয়া হৈছে৷ ইণ্ডিগ’ই টুইটযোগে প্ৰকাশ কৰা মতে, 31 জুলাইৰ পৰা 4 আগষ্টৰ ভিতৰত ক্ৰয় কৰা টিকট এনে মূল্যত লাভ কৰিব৷

আনহাতে, এই টিকটৰ ভ্ৰমণৰ সময় 15 আগষ্টৰ পৰা 2020ৰ 28 জুলাইৰ ভিতৰত হ’ব লাগিব৷ অৱশ্যে কিমান টিকট এই ৰেহাই মূল্যত বিক্ৰী হ’ব সেই কথা স্পষ্ট কৰা নাই সংস্থাটোৱে৷ উল্লেখ্য যে, ইণ্ডিগ’ই ভিয়েটনামৰ ৰাজধানী হানৈৰ সৈতে অহা অক্টোবৰত পোনপটীয়া বিমান সেৱা আগবঢ়াব৷ ডিব্ৰুগড়- দিল্লী আৰু দিল্লী-আগৰতলা পোনপটীয়া বিমান সেৱাও 14 আগষ্টৰ পৰা আৰম্ভ কৰিব৷

Related Articles

Leave a Reply

Close