অসম

বক্তিত্ব বিকাশ আৰু নাট কর্মশালাৰ সফল সামৰণি।

প্ৰথম খবৰ,কাকজান: কাকজান এইচ,এম,কণিষ্ঠ মহাবিদ্যালয় আৰু স্বেচ্ছাসেৱী সংগঠন নবপ্রয়াস ৰ যুটীয়া উদ্দ্যোগত ১১ দিনীয়াকৈ আয়োজিত ব্যক্তিত্ব বিকাশ আৰু নাট কর্মশালা খনিৰ ২০ জুলাইত সফলতাৰে সামৰণি পৰে। এই সামৰণি অনুষ্ঠানত অসমৰ বোলছবি জগতৰ অন্যতম অভিনেতা শোণিত বৰা ই বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি কর্মশালাত অংশ গ্ৰহণ কৰা শিক্ষাৰ্থী সকলক অভিনয়ৰ বিভিন্ন দিশ সমূহ অবগত কৰে। এই অনুষ্ঠানত ডুমডুমা শাখা সাহিত্য সভাৰ সম্পাদক দেবেন ডেকাই শিক্ষাৰ্থী সকলক কঠোৰ অনুশীলন আৰু ধাৰাবাহিকতা অটুত ৰখাৰ পৰামর্শ আগবঢ়াই। আজিৰ সামৰণি অনুষ্ঠানত প্রশিক্ষার্থী সকলে নিজা চিন্তা চৰ্চাৰে ৪ খনকৈ নাট মন্থস্থ কৰি দর্শক ৰাইজৰ সমাদৰ বুটলে। এই অনুষ্ঠানত নব প্ৰয়াসৰ সভাপতি ৰুদ্র শিলপনীয়া,সম্পাদক দিবস বৰ শইকীয়া, সাংস্কৃতিক সম্পাদক বিৰো সোনোৱাল কে ধৰি ভালে সংখ্যক লোক উপস্থিত থাকে। সমগ্ৰ অনুস্থানৰ আত ধৰে মহাবিদ্যালয় খনৰ সঞ্চালক অভিজিত মৰাণ আৰু কর্মশালাৰ প্রশিক্ষক ঘন মৰাণে।

Related Articles

Leave a Reply

Close