কবিতাশীৰ্ষ

বন হাঁহ

জীবনানন্দ দাশ*

ফেঁচাৰ ধূসৰ পাখি উৰি যায় নক্ষত্রৰ দিশত-
ভূমিৰ পৰিধি এৰি জোনৰ আহ্বানত
বন হাঁহে পাখি মেলে – চট চট শব্দ শুনোঁ তাৰ;
এক-দুই-তিন চাৰি-অজস্র-অপাৰ-
ৰাত্ৰিৰ সমীপেৰে সিহঁতে পাখি কোবায়
ইঞ্জিনৰ দৰে শব্দ; উৰিছে-উৰিছে সিহঁত
তাৰ পাছত পৰি থাকে, নক্ষত্রৰ বিশাল আকাশ,
হাঁহৰ গাৰ ঘ্রাণ-দুই-এটা কল্পনাৰ হাঁহ;
মনত পৰে কেতিয়াৰ পাৰাগাৰ অৰুণিমা স্যানালৰ মুখ;
উৰক উৰক সিহঁত পুহৰ জ্যোৎস্নাত নীৰৱে উৰক
কল্পনাৰ হাঁহ সব — পৃথিৱীৰ সব ধ্বনি সব ৰং মছি গ’ল পিছত
উৰক উৰক সিহঁত হৃদয়ৰ শব্দহীন জোছনাৰ ভিতৰত।

Related Articles

Leave a Reply

Close