অসমশীৰ্ষৰাষ্ট্ৰীয়

বানপানী: সংসদ ভৱনৰ সন্মুখত প্ৰতিবাদ ৩ কংগ্ৰেছ নেতাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: ৰাজ্যত বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়ত দিল্লীত সৰৱ হৈ উঠিছে কংগ্ৰেছ। হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদত নামি পৰিল দিল্লীৰ সংসদ ভৱনৰ সন্মুখত অসমৰ তিনিগৰাকী নেতা। বানপানীক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাৰ দাবীত প্ৰতিবাদমুখৰ হৈ উঠে কংগ্ৰেছ নেতাকেইগৰাকী।

বৰ্তমান সকলোৰে মুখে মুখে এটাই প্ৰশ্ন, অসমৰ সম্পদসমূহ যদিহে ৰাষ্ট্ৰীয় সম্পদ, তেন্তে বানপানী ৰাষ্ট্ৰীয় সমস্যা হ’ব নোৱাৰে কিয়? এই প্ৰশ্ন ৰাজ্যৰ বহুজনক।

উল্লেখ্য যে, বৰ্তমান বানপানীয়ে সমগ্ৰ ৰাজ্যত এক সংহাৰী ৰূপ ধাৰণ কৰিছে। ফলত বৰ্তমানলৈকে ১১জন লোক মৃত্যু মুখত পৰিছে যদিও এতিয়ালৈ অসম চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া দেখিবলৈ পোৱা নাই ।

এনে অৱস্থাত অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, অসমৰ বানাক্ৰান্ত ৰাইজক উচিত সাহায্য প্ৰদান আদিকে মূল বিষয় হিচাপে লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰিপুণ বৰা, প্ৰদ্যুৎ বৰদলৈ আৰু আব্দুল খালেকে।

Related Articles

Leave a Reply

Close