অসম

বানাক্ৰান্তৰ খবৰ ললে সাংসদ দীলিপ শইকীয়াই

 প্ৰথম খবৰ নলবাৰী,প্ৰাঞ্জল শৰ্মা: মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী জিলাৰ নমাটি অঞ্চলত পাগলাদিয়া নৈৰ সুতী চেংনৈৰ বাঢ়নী পানীয়ে সৃষ্টি কৰা বৃহৎ বানপানীত ব্যাপক ক্ষতি সাধন কৰে । অঞ্চলটোৰ বাট পথ, কৃষি পথাৰ, মীন মহল আদিকে ধৰি বিভিন্ন দিশত ক্ষতি হয়। সম্প্ৰতি পানী কমাত জ্বৰ – কাহৰ প্ৰাদুৰ্ভাৱ আৰম্ভ হৈছে। অৱশ্যে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী ৰাজহঁ চক্ৰ বিষয়া বনশ্ৰী ডেকাৰ নেতৃত্বত প্ৰশাসনে চৰকাৰী ভাবে বান সাহায্য প্ৰদান কৰিছে। আজি স্থানীয় সাংসদ দিলীপ শইকীয়া জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, উপ সভাপতি অপূৰ্ব শৰ্মা, আৰতি বৈশ্য, বিজেপি নেতা ধনমণি দাস, কিশোৰ কলিতা,জিলা যুৱ মৰ্চাৰ সভাপতি পংকজ ডেকা, পাচঁ নম্বৰ পূৱ বতাহগিলা পঞ্চায়তৰ সভাপতি অঞ্জনজ্যোতি তালুকদাৰ, আঞ্চলিক সদস্য লতিকা ৰাজবংশীক লগত বান বিধ্বস্ত নমাটি অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ খা খবৰ লয় আৰু সমস্যা অনুধাবন কৰে।সাংসদ শইকীয়াই ৰাইজক উদ্দেশ্যি কয় যে বানপানীত ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে ইতিমধ্যে অসম চৰকাৰে সহায় কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰেও সাহায্যৰ বাবে ধন আবন্টন দিছে। সকলো ক্ষতিগ্ৰস্ত ৰাইজে উপযুক্ত ভাবে চৰকাৰী সহায় লাভ কৰিব বুলিও কয় সাংসদ গৰাকীয়ে ।

Related Articles

Leave a Reply

Close