অসমশীৰ্ষ

বানৰ সুযোগ গ্ৰহণ দুৰ্বৃত্তৰ, যুৱতী অপহৰণ কৰি বংগত বিক্ৰী

পতিতালয়ত উদ্ধাৰ যুৱতীক

প্ৰথম খবৰ, দক্ষিণ শালমাৰা, ২৮ জুলাইঃ- দক্ষিণ
শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানা এলেকাৰ ভাৰত-বাংলাদেশ
সীমান্তৱৰ্তী এখন গাৱৰ পৰা এটি ১৬ বছৰীয়া যুৱতীক চাৰিজনীয়া অপহৰণকাৰীৰ দল
এটা বিয়াৰ প্ৰলোভন দি অপহৰণ কৰি চুবুৰীয়া ৰাজ্য পশ্চিম বঙ্গৰৰ এখন
পতিতালয়ত বিক্ৰী কৰাৰ পিছত আৰক্ষীয়ে যুৱতী গৰাকীক উদ্ধাৰ কৰি যোৱা নিশা
ঘটনাৰ লগত জৰিত চাৰি অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰে।

জানিব পৰা বাতৰি মতে, প্ৰায় দুই-তিনি মাহ পূৰ্বে দক্ষিণ শালমাৰা-থানা
এলেকাৰ ৰিজাবেৰচৰ গাঁৱৰ ১৬ বছৰীয়া যুৱতী গৰাকীক প্ৰেমৰ প্ৰস্তাব দিয়ে
উক্ত গাঁৱৰে ছাত্তাৰ আলী নামৰ অপহৰণকাৰী জনে। ইয়াৰ পাছতেই যুৱতী গৰাকীক
প্ৰেমৰ জালত পেলাই বিয়াৰ প্ৰস্তাব দি প্ৰায় এমাহ পূৰ্বে যুৱতী গৰাকীক
উক্ত যুৱকজনে আন তিনি সহযোগীৰ সহযোগত অপহৰণ কৰি নি চুবুৰীয়া ৰাজ্য
পশ্চিমবঙ্গলৈ লৈ যায়। তাত দুদিনমান হোটেলত ৰখাৰ পাছত শিলিগুৰীলৈ নি
খালপাৰা নামৰ ঠাইত থকা এখন পতিতালয়লৈ বিক্ৰী কৰে। ইয়াৰ পাছতেই যুৱতী
গৰাকীক এৰি থৈ উক্ত চাৰিজনীয়া অপহৰণকাৰীৰ দলটো ঘৰলৈ উভতি আহে।
ইফালে যুৱতী গৰাকীৰ পৰিয়ালে যুৱতী জনী নিৰুদ্দেশ হোৱা সন্দৰ্ভত দক্ষিণ
শালমাৰা থানাত এটি এজাহাৰ দাখিল কৰাৰ পাছত দক্ষিণ শালমাৰা থানাৰ
ভাৰপ্ৰাপ্ত বিষয়া আবুল কালাম আজাদ ঘটনাক লৈ অনুসন্ধান আৰম্ভ কৰে। বিভিন্ন
ধৰণৰ অনুসন্ধানৰ পাছত যুৱতী গৰাকী চুবুৰীয়া ৰাজ্য পশ্চিম বংগত থকা বুলি
খবৰ লাভ কৰি আৰক্ষীৰ দল এটা শিলিগুৰীলৈ গৈ শিলিগুৰী আৰক্ষীৰ সহযোগত যোৱা
চাৰি জুলাই তাৰিখে যুৱতী গৰাকীক উদ্ধাৰ কৰি আনি পৰিয়ালৰ হাতত চমজাই দিয়ে।
ঘটনাক লৈ আৰক্ষীয়ে যুৱতী গৰাকীৰ পৰা ঘটনাৰ সবিশেষ জনাৰ পাছত অভিযুক্ত
কেইজনক কৰায়ত্বৰ বাবে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে যদিও অপহৰণকাৰীৰ দলটো
যুৱতী গৰাকী উদ্ধাৰ হোৱাৰ পাছতেই পলায়ন কৰে। ইফালে বানৰ বাবে ঘৰলৈ আৰক্ষী
আহিব নোৱাৰিব বুলি ভাবি চাৰিও নিজৰ ঘৰত অহা বুলি আৰক্ষীয়ে গোপন সুত্ৰৰ
আধাৰত খবৰ পাই যোৱা কালি নিশা চাৰিও জনক নিজ নিজ ঘৰৰ পৰা কৰায়ত্ব কৰে।
ধৃত অপহৰণকাৰী কেইজন ক্ৰমে ৰিজাবেৰচৰ গাঁৱৰ আমিৰ হুছেইনৰ পুত্ৰ ছাত্তাৰ
আলী, মুঠাখোৱা গাঁৱৰ খইবৰ আলীৰ পুত্ৰ মফিজুদ্দিন আলী, ৰিয়াজউদ্দিনৰ পুত্ৰ
মিয়া চান্দ আলী আৰু আয়নাল হকৰ পুত্ৰ নিজাম আলী বুলি আৰক্ষীয়ে জানিব দিয়ে।
মন কৰিবলগীয়া যে দক্ষিণ শালমাৰা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা নাৰী
সৰবৰাহকাৰীৰ চক্ৰ এটাই দীৰ্ঘ দিনৰ পৰা এইদৰে দৰিদ্ৰ তথা অশিক্ষিত যুৱতীক
বিয়াৰ প্ৰলোভন দি অপহৰণ কৰি বহি ৰাজ্যত বিক্ৰী কৰি আহিছে। ইতিমধ্যে বহু
কেইটা ঘটনা পোহৰলৈ আহিছে যদিও উক্ত চক্ৰটোক আৰক্ষীয়ে কি কাৰণত নিয়ন্ত্ৰঁণ
কৰিব পৰা নাই সেয়া অতিকৈ দূৰ্ভাগ্যজনক।

Related Articles

Leave a Reply

Close