শীৰ্ষৰাষ্ট্ৰীয়

বিষাক্ত সাপ কামুৰি ছিঙি পেলালে সুৰাসক্ত ব্যক্তিয়ে

নিউজ ডেস্ক, প্ৰথম খবৰ: এজন ব্যক্তিক সৰ্পই দংশন কৰা পাছত বিষাক্ত সাপটোকে কামুৰি টুকুৰা টুকুৰ কৰি ছিঙি পেলালে  ব্যক্তিজনে। এই ঘটনা সংঘটিত হৈছে দেওবাৰে নিশা উত্তৰ প্ৰদেশৰ ইতাহ নামৰ এখন গাওঁত।

 জানিব পৰা মতে, ৰাজকুমাৰ নামৰ সুৰাসক্ত ব্যক্তিজনে ঘৰত থকা অৱস্থাত এডাল বিষাক্ত সৰ্পই দংশন কৰাৰ পিছমুহূৰ্ততে ৰাজকুমাৰে উক্ত সাপডাল নিজ মুখেৰে কামুৰি কামুৰি টুকুৰা টুকুৰ কৰি ছিঙি পেলালে।

বৰ্তমান তেওঁৰ অৱস্থা সংকটজনক অৱস্থাত আছে বুলি সংবাদ কৰ্মীক জানিবলৈ দিয়ে ৰাজকুমাৰৰ দেউতাক বাবু ৰামে। 

Related Articles

Leave a Reply

Close