জীৱনৰ আনন্দনিবন্ধযুৱশীৰ্ষ

বুঢ়া হোৱাৰ আনন্দ: ড: কুমুদ দাসৰ বিশেষ লেখা

জীৱনৰ আনন্দ

এইকেইদিন বহুত বন্ধু- বান্ধবীয়ে বুঢ়াকালত নিজকে কেনেকুৱা দেখিব ছ’চিয়েল মিডিয়াত ফটো দি জনাই আছে৷ এপ ব্যৱহাৰ কৰি নিজকে পঞ্চাশ বছৰৰ পিছত কেনেকুৱা দেখিব চাই সন্তোষ লভিছে৷ বহুতে ফেচবুকত মৰম লগা বুঢ়া, মৰমলগা বুঢ়ী প্ৰশংসা পাই ধন্য হৈছে৷ মানুহে ভৱিষ্যতৰ বিষয়ে জানিব খোজাটো আজিৰ অনুসন্ধিৎসা নহয়৷ মানুহে সমাজ পাতি বসবাস কৰিবলৈ লোৱাৰ আদিস্তৰৰ পৰাই কাইলৈ কি হ’ব জানিবলৈ চেষ্টা কৰি আহিছে৷ গ্ৰহ, নক্ষত্ৰৰ অৱস্থিতিৰ পৰা জ্যোতিষ চৰ্চা আজিও জনপ্ৰিয় হৈ থকাৰ কাৰণ হয়তো এয়াই৷ এক অলীক কল্পনাত্মক ভৱিষ্যতৰ কথা ভাবি থকাতকৈ ভৱিষ্যতটো আজিয়ে জানিব পৰা হ’লে? মানুহৰ সেই অনুসন্ধিৎসাৰ বাবেই হয়তো আজিও মানুহে জ্যোতিষ শাস্ত্ৰত বিশ্বাস কৰে৷ মনে বিচৰাধৰণে ভৱিষ্যত সলনি হওঁক বুলি আঙঠি পৰিধান কৰে৷ আমি আজিলৈকে হাতত মণি, মুকুতাৰ আঙঠি পিন্ধা নাই৷ বিয়াৰ সময়ত পত্নীয়ে দিয়া সোণৰ আঙঠিটো এদিন পিন্ধি খুলি থলো৷ বেলেগ গ্ৰহদোষত আঙঠি পিন্ধাৰ কথা কেতিয়াও মনলৈ অহা নাই৷ কিন্তু ভৱিষ্যত সম্পৰ্কে জনাৰ আগ্ৰহ আছে৷ কিন্তু আমাৰ ব্যক্তিগত জীৱনত ভৱিষ্যতটো কেনেকুৱা হ’ব কোনো জ্যোতিষ শাস্ত্ৰৰ গণনাই সঠিককৈ ক’ব পাৰিব বুলি মনে নধৰে৷ আমাৰ ভৱিষ্যতটো আমাৰ হাতৰ মুঠিত৷ নিজে কি ভাবে গঢ় দিব খোজো ভৱিষ্যতটো, তেনেভাৱেই গঢ় ল’ব৷ আচলতে, ভৱিষ্যতটো কেনে হ’ব জানিব খোজা বেছিভাগ মানুহেই কোনো ভাগ্যৰ ৰেখাৰ বলত এক সমৃদ্ধিশালী জীৱন হ’ব বুলি পৰিকল্পনা কৰি ভাল পায়৷ এলেহুৱাকৈ জীৱন কটাই কেৱল ভাগ্যৰ বলতে এক স্বাচ্ছন্দ্যময় জীৱনৰ কল্পনা কৰি ভাল পায়৷ দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এপিজে আব্দুল কালামে জ্যোতিষ শাস্ত্ৰক বিশ্ববিদ্যালয় পাঠ্যক্ৰমত অন্তৰ্ভূক্ত হোৱাটো উচিত নহয় বুলি কৈছিল, তেওঁৰে উইঙচ অৱ ফায়াৰ গ্ৰন্থখনত৷ আমি ভাবো, জ্যোতিষীয়ে অন্যৰ ভৱিষ্যত ঠিকমতে নিৰূপণ কৰিব নোৱাৰিলেও নিজৰ বিত্তীয় ভৱিষ্যতটো ঠিক যে কৰি ল’ব পাৰে সেইটো খাটাং৷ কাৰণ, যিটো সময়ত চন্দ্ৰযান, মঙলযান উৰুৱাবলৈ আমাৰ দেশ আগবাঢ়ি গৈছে, সেই সময়ত গ্ৰহ, নক্ষত্ৰৰ অৱস্থিতিৰ কথা কৈ ৰত্ন ধাৰণ কৰাটো বিজ্ঞান মানসিকতা যে নহয়, সকলোৱে জানিও হয়তো কথাটো স্বীকাৰ নকৰো৷ জ্যোতিষ শাস্ত্ৰ(Astrology) আৰু জ্যোতি বিজ্ঞান (Astronomy) একে যে নহয়, সেই কথাটো আমি পৰৱৰ্তী লেখা এটাত ভালকৈ আলোচনা কৰিম৷

যিহেতু এই লেখাটো বুঢ়াকালৰ বিষয়ে ভাইৰেল এপ আৰু আলোকচিত্ৰক লৈ আৰম্ভ কৰিছিলো, গতিকে, মূল প্ৰসংগলৈ আকৌ উভতি আহিছো৷ এতিয়া প্ৰশ্নটো হ’ল- বুঢ়াকাল কেতিয়াৰ পৰা আৰম্ভ হয় মানুহৰ? আমি যদি চৰকাৰী চাকৰিৰ পৰা অৱসৰ লোৱাৰ বয়সটোকে বুঢ়া হোৱাৰ আৰম্ভণি বুলি ভাবো, তেতিয়া হ’লে 60-65 বছৰ বয়সৰ পিছত আমি নিজকে বুঢ়া বুলি ধৰি ল’ম নে?
কিন্তু 65 বছৰ বয়স হোৱা মানুহ এজনেও ভাবে বুঢ়া কাল 75 বছৰ মানৰ পৰাহে আৰম্ভ হয়৷ ত্ৰিশ বা পয়ত্ৰিশ বছৰীয়া লোক এজনে 69 বছৰ মানত বুঢ়া কাল আৰম্ভ হোৱা বুলি ভাবে৷ লাইভএবাউটডটকমত প্ৰকাশিত সমীক্ষা মতে, It’s no surprise that the older people get, the longer they think it takes for a person to reach old age: On average, adults between the ages of 30 and 49 think old age begins at 69. People who are currently 50-64 believeold age starts at 72. Responders who are 65 and older say old age begins at 74,

মানুহভেদে, দেশভেদেও বুঢ়া কালৰ ধাৰণা বেলেগ৷ ব্ৰিটিছসকলে 59 বছৰ বয়সৰ পৰা বুঢ়া কাল আৰম্ভ হোৱা বুলি ভাবে৷ ইউৰোপৰ দেশবোৰতকৈ প্ৰায় ন বছৰ পূৰ্বেই বুঢ়াকাল আৰম্ভ হোৱাৰ ধাৰণা ব্ৰিটেইনত৷ বাকী দেশবোৰৰ কথা বাদেই দিয়ক, আমাৰ দেশ ভাৰতবৰ্ষত চাকৰিৰ পৰা অৱসৰ লোৱা সময়ৰ পৰাই বৃদ্ধকালীন জীৱন আৰম্ভ হয় বুলি বহুতেই মোটামুটি ধাৰণা এটা কৰি লয়৷ আমিও তেনে এক ধাৰণাই কৰি ৰাখো৷ কিন্তু এনে ধাৰণাৰ মাজতো অন্য এটা কথাইহে দোলা দি আছে আমাৰ মনত৷ আমাৰ দেশৰ বহু চাকৰিৰ আবেদনৰ বয়স পচিশ বছৰ উৰ্ধসীমা৷ সেনা জোৱানসকলেও 15-17 বছৰ চাকৰি কৰি চল্লিশৰ পূৰ্বেই অৱসৰ পায়৷ এতিয়া নতুন নীতি মতে, অৱসৰৰ বয়স চল্লিশ পৰ্যন্ত বৃদ্ধি কৰাৰ কথা চলি আছে৷ ( বাতৰি উৎস- https://www.timesnownews.com/india/article/indian-army-considering-increasing-retirement-age-of-jawans-to-40-in-a-phased-manner-army-chief-general-bipin-rawat-ministry-of-defence-nirmala/361842)
অৱশ্যে উচ্চ পদবীৰ সেনা বিষয়াৰ অৱসৰৰ উৰ্ধসীমা 60 বছৰ পৰ্যন্ত আছে৷ তদুপৰি, বহু চাকৰিত আবেদন কৰাৰো উৰ্ধসীমা আছে৷ প্ৰয়োজনীয় শিক্ষা দীক্ষা আৰু অৰ্হতা থকাৰ পিছতো চাকৰিৰ উৰ্ধসীমাৰ বাবে আবেদন কৰিব নোৱাৰা এজন ব্যক্তিক সোধক, বুঢ়া হোৱাৰ আনন্দ আছেনে নাই?

এটা কথা মানুহৰ জীৱনত ভালকৈ যদি লক্ষ্য কৰে, উমান আপুনিও পাব, চল্লিশ বছৰ পাৰ হোৱাৰ পৰাই পুৰুষ, নাৰীৰ জীৱনত বহুত সমস্যা আহিবলৈ লয়৷ মানুহৰ জীৱনলৈ ক’ব নোৱাৰাকৈ এক কিবা এক অৱসাদগ্ৰস্ততা আহিবলৈ লয়৷ বহুত বেমাৰ আজাৰৰ আৰম্ভণি এই চল্লিশৰ পৰাই হয়৷ মধুমেহ, ভাগৰ লগা, শৰীৰৰ বিষ বেদনাতকৈ এক বেলেগধৰণৰ যৌন জীৱনৰো আৰম্ভণি চল্লিশৰ পৰাই হ’বলৈ লয়৷ লিখিবলৈ বা ক’বলৈ ভাল নলগা যেন লাগিলেও যৌন জীৱনৰ প্ৰতি বিৰাগ আৰম্ভ হয় এই চল্লিশৰ পৰাই৷ শাৰীৰিক সক্ষমতাও বেছিভাগৰে কমি আহে৷ মহিলাৰ ক্ষেত্ৰতো কিছুমান যৌন জীৱনৰ সমস্যা আৰম্ভ হয় চল্লিশৰ পৰাই৷ নতুন কিবা এটা আৰম্ভ কৰাৰ মানসিক আৰু শাৰীৰিক শক্তি কমি আহে চল্লিশৰ পৰাই৷ হয়তো বহুতেই বা চল্লিশ বছৰ পাৰ অনেক লোকেই মনৰ বল আৰু যুক্তিৰে এই কথাৰ বিৰোধিতা কৰিব, মই জানো৷ তেওঁলোকৰ সৈতে মই তৰ্ক নকৰো, মানুহৰ আচল জীৱনৰ আৰম্ভণি চল্লিশৰ পৰাই হয় বুলি বহুতেই আত্মসন্তুষ্টি লয়৷ আমিও বন্ধু মহলত এনে ভাষণ দিয়েই থাকো৷ কিন্তু কিছুমান কাম আৰু চাকৰিৰ অৱসৰৰ বয়স পয়ত্ৰিশতে কিয় কৰা হয়, তাৰ বাখ্যা বিজ্ঞানসন্মত আছে যদিও আমি বুঢ়া হোৱাটো কোনো কালেই সহ্য কৰিব নোৱাৰো৷ মানি ল’ব নোখোজো যে, চল্লিশৰ দেওনা গৰকিলো মানে কিছুমান কাম আমি কৰিব নোৱাৰো বা কৰিবলৈ শৰীৰটোৱে অনুমতি নিদিয়ে৷

আমাৰ অসমত এটা কথা প্ৰায়েই কোৱা যায় যে ছোৱালীৰ বয়স সুধিব নাপায়৷ কিয় নাপায়? কেতিয়াবা কাৰণটো ভাবি চাইছেনে? বিবাহৰ উপযুক্ত ছোৱালী এজনীৰ বয়স পাৰ হৈ যোৱা বুলি যাতে কোনেও ভাবিব নোৱাৰে, সেই কাৰণেই কিছুমান ‘ নাপায়’ চলি থাকে সমাজত৷ এই লেখাটো লিখি থকাৰ সময়ত আমাৰ স্কুলীয়া দিনলৈ মনত পৰিছে৷ আমাক ইংৰাজীৰ পাঠ লোৱা ছাৰ এজনে কৈছিল, বয়স টানি লোৱাটো বৰ ভাল কথা নহয়৷ ছাৰে কোৱা কথাটো তেতিয়া বুজি পোৱা নাছিলো যদিও এতিয়া খুব ভালকৈ বুজিব পাৰিছো৷ ছাৰে আমাৰ কোনো সহপাঠীৰ কাণ্ডত অতীষ্ঠ হৈ সেই কথা কৈছিল৷ ছাৰে বুজাইছিল যে, বয়স টানি লোৱা মানে, বয়স হোৱাৰ পূৰ্বেই কিছুমান অনুভূতি জোৰকৈ আনিব নালাগে৷ ছাৰে হয়তো স্কুলীয়া দিনৰ প্ৰেমৰ কথাকেই ইংগিত কৰিছিল৷ আজিও মোৰ ছাৰৰ কথাকেইটা খুব ভালকৈ মনত আছে৷ আমাৰ ব্যক্তিগত জীৱনত বন্ধু-বান্ধৱীৰ সংখ্যা বৰ বেছি নহয়, কাৰণ বন্ধুত্ব ধৰি ৰাখিব পৰাকৈ হাতত সময়ো কম৷ কিন্তু আমাতকৈ বেছি বয়সৰ বহু মানুহৰ লগতে বন্ধুত্ব আছে৷ বেছি বয়স হোৱা অভিজ্ঞ মানুহৰ লগত কথা পাতি ভাল পাও বাবেই আমাৰ বন্ধু তালিকাত বয়সীয়াল লোক ভালেকেইজন আছে৷ তেওঁলোকৰ সৈতে কথা পাতি এতিয়াও এক বেলেগ ধৰণৰ পৰিতৃপ্তি লাভ কৰো৷ সমস্যা হ’লেও মুক্তমনে আলোচনা কৰি সমাধানৰ পথ বিচাৰো৷ কিন্তু এটা সময়ত হয়তো কনিষ্ঠজনেও আমাৰ বন্ধুত্ব ভাল পোৱা পৰিৱেশ আৰম্ভ হ’ব৷ কাৰণ, বন্ধুত্বৰ বাবে বয়সতকৈ মানসিকতাৰ মিল হোৱাটোহে বেছি জৰুৰী বুলি আমি ভাবো৷
আলোকচিত্ৰ সৌজন্য- ডলী দাস

এতিয়া আহো, বুঢ়া কালৰ ফটো বিষয়ক চৰ্চালৈ‍৷ ভৱিষ্যত সম্পৰ্কে জনাৰ আগ্ৰহ বা বুঢ়া বয়সত কেনে দেখিব জনাৰ আগ্ৰহৰ বাবেই বহুতেই এপ ব্যৱহাৰ কৰি বুঢ়াকালৰ ফটো চাইছে৷ কিন্তু বুঢ়া কাল চাব পৰা এপৰ জৰিয়তে এপ ব্যৱহাৰকাৰীৰ ব্যক্তিগত সকলো তথ্য তৃতীয় পক্ষই লাভ কৰাৰ কথা ইতিমধ্যেই আলোচনা হৈছে৷ কিন্তু সেই কাৰণত আমি এপটো ব্যৱহাৰ নকৰাকৈ থকা নাই৷ আমাৰ ক্ষতি কৰিব পৰাকৈ বিশেষ ব্যক্তিগত তথ্য নাইয়েই৷ আমি আমাৰ বুঢ়াকালৰ ফটোখন চাবলৈ আচলতে ভয় কৰা বুলিও আপুনি ক’ব পাৰে৷ কিবা বুঢ়া হ’বলৈ ভয় এটা মনত সোমাই আছে৷ কি কাৰণে নাজানো, নিজকে বয়স হ’ল বুলি ভাবিলৈকে ভাল নালাগেচোন৷
আমাৰ ঘৰৰ অলপ ওচৰতে এজন বৃদ্ধ আছিল৷ আমি যেতিয়া স্কুললৈ যাও, তেতিয়া বৃদ্ধজনে ঘৰৰ বাৰাণ্ডাত বহি বাতৰি কাকত পঢ়ি থাকে, বা কেতিয়াবা চাহৰ কাপত চুমুক দি থাকে৷ স্কুলৰ পৰা উভতি অহা সময়ত ঘৰৰ কাষৰে গছৰ তলত বিচনীৰ বা লগাই বহি থাকে তেওঁ৷ ককাজনক দেখিলে সকলোৰে ঈৰ্ষা হোৱা কথা৷ ইমান আৰাম৷ এদিন আমাৰ লগৰে এজনে ককাজনক ক’লে- ককা, তোমাৰে ভাল দিয়া, আৰামেই আৰাম৷ কোনো চিন্তা নাই, কেৱল শুই বহিয়ে পাৰ কৰা দিনটো৷ আমি কিমান কষ্ট কৰো৷ ককাই উত্তৰ দিছিল- মোৰ যদি ভালেই বোপাই, তোমাৰো মোৰ দৰে হওঁক দিয়া৷ ককাজনে কথাটো কৈ হুমুনিয়াহ এৰিছিল৷ ককাই পিছত আৰু কৈছিল, যেতিয়া মোৰ সমান বয়স হ’ব, তেতিয়া গম পাবা, কিমান আৰামদায়ক এই বুঢা়ৰ জীৱন৷ আমাৰ বন্ধুৱে কিবা অনুমান কৰিব নোৱাৰিলেও বৃদ্ধাৱস্থাৰ জীৱন কিমান ভয়ানক তেতিয়াই এক ধাৰণা আমাৰ মনত গঢ় লৈ উঠিছিল৷ তেতিয়াৰে পৰাই আমাৰ হয়তো বুঢ়া হ’বলৈ ভয় খোৱাৰ এটা প্ৰৱণতা আছে৷ বুঢ়া হোৱা কল্পনাও কৰি ভাল নাপাওঁ৷

আচলতে, অলপ চেষ্টা কৰিলে বুঢ়া হোৱাৰ বয়সটো অলপ পিছুৱাব পাৰি৷ নীতি নিয়ম আৰু স্বাস্থ্য বিধান মানি চলিলে বৃদ্ধত্বপ্ৰাপ্তি কিছু বিলম্বিত কৰিব পৰা যায়৷ নিয়মিত শাৰীৰিক পৰিশ্ৰম, ব্যায়াম, পৰিমিত আহাৰ আৰু পানী, উদ্বেগমুক্ত আৰু প্ৰদুষণমুক্ত পৰিৱেশত জীৱন চলাই নিলে বৃদ্ধত্বপ্ৰাপ্তি কিছু পলমকৈ হ’ব পাৰে৷ হয়তো এপত দেখুওৱাৰ দৰে নহৈ অন্য শাৰীৰিক অৱয়বো গঢ়িব পাৰি নিজৰ শৰীৰৰ যত্ন আৰু সাধনাৰ মাজেদি৷ কিন্তু বুঢ়াকাল বা বৃদ্ধকালীন জীৱন যে বৰ সুখকৰ নহয়, সেই কথা আমাৰ মনলৈ আহি থাকে অবিৰাম৷ মনৰ ইচ্ছা থাকিলেও শৰীৰটোৱে বহু কথাতেই অনুমতি নিদিয়ে মানুহক বৃদ্ধ বয়সত৷ সেইবাবেই বৃদ্ধ বয়সত বহুতেই ডেকাকালৰ নায়কোচিত কথাবোৰ মনত পেলাই আত্মসন্তুষ্টিত ভোগে৷ জীৱনটো নতুনকৈ আৰম্ভ কৰাৰ সুযোগ পালে হয়তো বুঢ়া নহ’লো হৈ কেতিয়াও৷ এনে কথাৰো কল্পনা হয়তো কৰে বহু বৃদ্ধ লোকে৷ প্ৰিয়জনৰ বিয়োগৰ পিছৰ একাকীত্ব আৰু নিশ্চিত মৃত্যুলৈ অপেক্ষা কৰাটো কিমান যন্ত্ৰণাদায়ক সেই কথা আমি ভাষাৰে বৰ্ণনা কৰিব নোৱাৰো বা অনুমানো কৰিব নোৱাৰো৷ তাৰ মাজতো বৃদ্ধকালীন জীৱন বা অৱসৰকালীন জীৱনক মোহনীয় কৰি জীৱন চলাই নিয়া বহুত আছে আমাৰ সমাজতেই৷ আমাৰ বোধেৰে বুঢ়া কালৰ ফটো চাই আজিৰ প্ৰজন্মৰ বহুতেই আত্মসন্তুষ্টি লৈছে৷ কিন্তু অনুধাৱন কৰা নাই, বুঢ়াকালটো কিমান নি:সংগ৷ বন্ধুবোৰ কমি আহে, লাহে লাহে দুই এজন বন্ধুৰ মৃত্যুৰ খবৰ আহিলেই শোকে বুকুত খুন্দা মাৰি ধৰে৷ সংগী যদি বহু আগেয়েই পৃথিৱীৰ পৰা বিদায় লয়, তেতিয়া আৰু অধিক কষ্টকৰ হয় বৃদ্ধকালীন জীৱন পৰিক্ৰমা৷ তাতোকৈ ডাঙৰ কথা, আউটডেটেড বুঢ়া বুলি সকলোৱে যেতিয়া এৰাই চলিবলৈ লয়, তেতিয়া গভীৰ দুখবোধৰ আৰম্ভণি হয়৷ আমাৰ বোধেৰে, বুঢ়া হোৱাৰ আনন্দ তেনেই নাই৷ তাতকৈ আজীৱন ডেকা হৈ থকাৰ কল্পনা কৰিলেহে মনটো ভৰি যায়৷ পৰালৈকে ডেকা হৈয়ে থাকোচোন৷ যদি আপুনি যদি এই লেখাটো মনোযোগে পঢ়িছে, একাকীত্বৰ যন্ত্ৰণাৰে পিষ্ট বৃদ্ধজনৰ সৈতে অলপ কথা পাতক৷ তেওঁৰ অতীত কিমান মোহনীয় আছিল, অলপ শুনক৷ তেওঁৰ শৈশৱ, কৈশোৰ, যৌৱনকাল ৰোমন্থন কৰাৰ সুযোগ দিয়ক৷ আপোনাৰ অলপ সময়ৰ সাহচৰ্যই জীয়াই থাকিবলৈ প্ৰেৰণা দিব তেওঁক৷

Related Articles

Leave a Reply

Close