ৰাষ্ট্ৰীয়

বৈশালীত সংঘটিত ভয়ংকৰ হত্যাকাণ্ড

নিউজ ডেস্ক, প্ৰথম খবৰ: মঙলবাৰে বিহাৰৰ বৈশালীত এজন লোকক এখন ঘৰৰ পৰা চোৰ কৰি ধৰা পৰাৰ পিছত মৰিয়াই মৰিয়াই হত্যা কৰা হয়। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে চোকা অস্ত্ৰ উদ্ধাৰ কৰে। ষ্টেচন হাউছ বিষয়া ধৰমজীত মহতোয়ে কয় যে, মৃতদেহতো তেওঁলোকে মৰণোত্তৰ পৰীক্ষাৰ কাৰনে পঠিয়াই দিয়ে। তেখেতৰ হত্যা সন্দৰ্ভত সম্বন্ধ থকাৰ অনুমান কৰা পৰিচয়বিহীন মানুহৰ বিৰূদ্ধে ইতিমধ্যে কেছ ৰেজিষ্টাৰ কৰা হৈছে। যোৱা মাহত ঝাৰখণ্ডৰ খৰচাবাং জিলাত তবৰেজ আনচাৰী নামৰ লোক এজনকো চুৰিৰ সন্দেহত আক্ৰমন কৰা হৈছিল। পুলিচৰ হাতত দিয়াৰ আগতে মানুহজনক বহুত বেয়াকৈ আক্ৰমন কৰা হয় যাৰ কাৰনে ২২জুনৰ দিনা ওচৰৰে এখন স্থানীয় চিকিৎসালয়ত মানুহজনে মৃত্যুক সাৱটি লয়। তবৰেজৰ পৰিয়ালে কয় যে এই আক্ৰমন সাম্প্ৰদায়িকতাবাদৰ কাৰনে সংঘটিত হৈছে আৰু সেয়া হৈছিল জয় শ্ৰীৰাম আৰু জয় হনুমান কোৱাৰ কাৰনে।

Related Articles

Leave a Reply

Close