Uncategorized

ভূমিকম্প আহিব বুলি আগজাননী দিয়া ভুৱা ভাইৰেল বাৰ্তা কাৰ?

ভুৱা বাৰ্তাৰ পৰা সাৱধান

প্ৰথম খবৰ প্ৰতিবেদন: ভুৱা বাতৰিৰ পৰা সাৱধান৷ নিশালৈ ভূমিকম্প আহিব৷ গতিকে, সাৱধান হওঁক৷ প্ৰিয়জনকো জনাই দিয়ক এই খবৰ৷ এনে ভুৱা বাৰ্তা এটাক সৈ হৈ চৈ লাগিছে হোৱাটছএপত৷ ভাইৰেল হৈ পৰা এই ভুৱা বাৰ্তাটোত লিখা হৈছে এনেকৈ– আজিৰ নিশা প্ৰায় ১:৩৪ মিনিটত ৮.৬৭ ৰিখ্টাৰ স্কেলৰ প্ৰাবল্যত এক ভয়ংকৰ ভুমিকম্পৰ আগ জাননি জনাইছে অসমৰ বতৰ বিজ্ঞান
কেন্দ্ৰই । এক সমীক্ষাৰ মতে এই ভয়ংকৰ দুৰ্যোগৰ মূল অধিকেন্দ্ৰ অসম আৰু মেঘালয়ৰ সীমান্তৱৰ্তী
ঠাই সমূহ বুলি অনুমান কৰা হৈছে।
অনুগ্ৰহ কৰি জনহিতাথে প্ৰচাৰ কৰে যেন।
আজি নিশা অসমবাসী ৰাইজক সাৰে থাকিবলৈ অনুৰোধ জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই । যিকোনো মূহূততে যিকোনো পৰিস্থিতি হব
পাৰে । জনহিতাথে প্ৰচাৰ কৰক সকলোতে । আপুনি
বাচক আনকো বচাওক
please Forward. . . .কাবৌ কৰিছো, এনে ভুৱা বাৰ্তা আৰু ফৰৱাৰ্ড নকৰিব৷ এতিয়া ভূমিকম্পৰ আগজাননী দিয়া কোনো যন্ত্ৰই নাই৷ বতৰ বিজ্ঞান কেন্দ্ৰই বতৰৰ বতৰাহে দিয়ে, ভূমিকম্পৰ আগজাননী নিদিয়ে৷ ভূমিকম্পৰ ভয় দেখুৱাই ভুল বাৰ্তা বিয়পোৱাসকলৰ বিৰুদ্ধে এতিয়াই সতৰ্ক হওঁক৷ হোৱাটছএপৰ ভুৱা বাৰ্তাত বিশ্বাস নকৰিব৷

Related Articles

Leave a Reply

Close