ৰাষ্ট্ৰীয়

মহানগৰীত উবেৰ চালকৰ বিক্ষোভ

নিউজ ডেস্ক প্ৰথম খৱৰ:মহানগৰীৰ জয়়ানগৰ স্থিত উবেৰৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ উবেৰ চালকে।উবেৰ কৰ্তৃপক্ষই কোনো আগতীয়া জাননী প্ৰেৰণ নকৰাকৈ হঠাৎ প্ৰায় ৫০০ তকৈ অধিক উবেৰ চালকৰ একাউন্ত সমূহ বন্ধ কৰাৰ পৰিপ্ৰেক্ষিতত এই অসন্তুষ্টি প্ৰদৰ্শন। চালক সকলে উবেৰ কাৰ্যালয়ত উপস্থিত হৈ উবেৰ গো বেক ধ্বনি দিয়াৰ লগতে বহিৰাগত উবেৰ কোম্পানিক চিৰ বিদায় দিয়াৰ হুংকাৰ প্ৰদান কৰি পৰিৱেশ উত্তপ্ত কৰি তোলে। অৱশ্যে ঘটনা স্থলীত অৰ্ধ সামৰিক বিষয়া আৰু আৰক্ষীৰ উপস্থিটিত পৰিবেশ অলপ নিয়ন্ত্ৰণলৈ আহে । উল্লেখ্যযোগ্য যে সংবাদ মাধ্যমৰ লোককো উবেৰৰ কাৰ্য্যলয়ত সোমোৱাত বাধা প্ৰদান কৰাৰ লগতে উবেৰ কৰ্তৃপক্ষৰ ভেৰণীয় গুণ্ডা বাহিনীয়ে সংবাদ মাধ্যমৰ সাংবাদিককো অপব্যৱহাৰ কৰে ।

Related Articles

Leave a Reply

Close