সাহিত্য

“মা”- এক প্ৰেম

হিমাশ্ৰী কলিতা

“মা”, প্ৰেমৰ এক বিশাল পৰিধি। পৃথিৱীৰ আটাইতকৈ মৰম লগা শব্দই হৈছে “মা”। জীৱনৰ হেজাৰ কঠিন পৰিস্থিতিয়েও কেতিয়াও হেঙাৰ হৈ থিয় দিব নোৱাৰে “মা” শব্দটোৰ সন্মুখত।

১০মাহ ১০দিন অতি কষ্টৰে থাকি অৱশেষত আমাক জন্ম দিয়াজনীয়েই হ’ল আমাৰ “মা”। দিনৰ দিনটো কষ্ট কৰি নিজে নাখাইয়ো আমালৈ ৰৈ থকাজনীয়েই আমাৰ “মা”। বহুখিনি কষ্টৰ মাজেৰে নিজৰ সন্তানক আগুৱাই নিবলৈ চেষ্টা কৰা মানুহজনীয়েই হৈছে “মা”।
দুচকুত অলীক স্বপ্ন সাঁচি ৰাখিয়েই সন্তানক ডাঙৰ মানুহ বনোৱাত ব্যস্ত প্ৰতিগৰাকী মাতৃ। প্ৰতিগৰাকী মাতৃৰে এটাই চিন্তা তেওঁলোকৰ সন্তানৰ ভৱিষ্যৎ কি হ’ব? ইয়াক লৈ বহুত জল্পনা-কল্পনা প্ৰতিগৰাকী পিতৃ-মাতৃৰ। প্ৰতিগৰাকী পিতৃ-মাতৃৰে চিন্তা-ভাৱনা অতি দায়িত্বশীল নিজৰ সন্তানৰ কাৰণে। সন্তানৰ সুন্দৰ ভৱিষ্যত গঢ়াৰ কৰ্মশালা এখনৰ আৰম্ভণি হয় তেওঁলোকৰ পৰিয়ালৰ পৰাই আৰু সেয়া নেতৃত্ব দিয়ে তেওঁলোকৰ পিতৃ-মাতৃয়ে।
এগৰাকী সন্তানে জন্মৰ পৰাই তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে থাকে। কোনোধৰণৰ অভাৱ তেওঁলোকে অনুভৱ নকৰে পৰিয়ালৰ পৰা। তেওঁলোকে জানেই কাৰণ তেওঁলোকৰ কাষত তেওঁলোকৰ পিতৃ-মাতৃ আছে। শিক্ষাগ্ৰহণৰ কাৰণে যেতিয়া সন্তানক দুৰৈৰ কোনো শিক্ষানুষ্ঠানত নামভৰ্তি কৰি দিয়া হয় আৰু সুবিধাৰ বাবে হোষ্টেল বা ৰূম আদিত থৈ অহা হয় তেতিয়া পিতৃ-মাতৃৰ লগতে তেওঁলোকৰো বেয়া লাগে। এইক্ষেত্ৰত ল’ৰাবিলাকৰ কথা সুকীয়া কিয়নো তেওঁলোকে নিজকে বহুত শক্তিশালী ভাৱে। এইক্ষেত্ৰত বিশেষকৈ যদি ছোৱালীসকলৰ কথা কোৱা হয় তেতিয়া বহুখিনি বিশেষ কথা আহি পৰে। এইখিনি সময়ত ছোৱালীখিনিৰ নিজৰ পৰিয়ালৰ সদস্য তথা পিতৃ-মাতৃৰ কথা মনলৈ আহে।
বিশেষকৈ হোষ্টেলত থকা ছোৱালীখিনিয়ে বহুখিনি সময়ত নিজৰ নিজৰ “মাতৃ”ক মনত পেলায়। “মা”কে কোৱা বা কিবা কাৰণত কৰা বাধাখিনিৰ ওপৰত তথা “মা”কে ভাল হ’বলৈ প্ৰতিটো পদতে কোৱা কথাৰ লগতে বিভিন্নধৰণৰ কথাক লৈ নিজৰ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰা বা খং কৰা ছোৱালীজনীকো যেতিয়া হোষ্টেলত থৈ অহা হয় তেতিয়া তাইৰো মনত পৰে সেই “মা”কে কোৱা কথাবোৰলৈ। কিমান যে ভাৱত বিভোৰ হৈ পৰে তাই। যেতিয়া প্ৰতিটো পদে পদে হোষ্টেলত থাকিও মাকৰ অভাৱ অনুভৱ কৰি চকুপানী টোকে সেয়া যে বহুত দুখৰ বিষয়। যেতিয়া মহাবিদ্যালয়ত ক্লাছ কৰি হোষ্টেললৈ আহে তেতিয়া কিবা এটা খাবলৈ বহাৰ লগে লগে মাকৰ মুখখন মনলৈ আহে প্ৰতিগৰাকী বাহিৰত পঢ়ি থকা ছোৱালীৰ মনত। খাবলৈ বহিলেই মনত পৰে মাকে কেনেদৰে তাইৰ কাৰণে ৰৈ আছিল। কিবা নাখাও বুলি আপত্তি কৰিলে কেনেদৰে জোৰ কৰি নোখোৱালৈকে ৰৈ আছিল। ইত্যাদি ভিন্ন ভিন্ন কথাবোৰ মনত পৰে সকলো ছোৱালীৰে যেতিয়া বাহিৰত থাকে। কিয়নো “মা” যে সদায় “মা” হয়।
জীৱনৰ সকলো ত্যাগ কৰি নিজৰ পতি, সন্তানৰ মোহত বন্দী প্ৰতিগৰাকী “মা”। অকল “মা”ইহে বুজি পায় সকলোবোৰ কথা। ১০মাহ ১০দিন গৰ্ভত ৰাখি জন্ম দিয়া সন্তানৰ কাৰণে সকলো ত্যাগ কৰিবলৈও সাজু প্ৰতিগৰাকী মাতৃ। মাতৃৰ লগতে পিতৃগৰাকীয়েও যি ত্যাগ কৰে সেয়া অতুলনীয়। পিতৃ-মাতৃৰ ঋণ দান দিব কোনো সন্তানে নোৱাৰে। বৰ্তমান সময়ত কিন্তু এটা কথা স্পষ্ট যে কিছুমান এনেকুৱা সন্তান আছে যিসকলে পিতৃ-মাতৃক শ্ৰদ্ধাটো দূৰৰে কথা মৰমৰ এষাৰ মাতো দিব নিবিচাৰে। পুত্ৰই বিয়া পাতি অনাৰ পিছত নিজৰ নিজৰ জন্মদাতা পিতৃ আৰু জন্মদাত্ৰী মাতৃক জীৱনৰ শেষ সময়ছোৱালৈ নিজৰ লগতে ৰখাৰ বিপৰীতে নিৰ্বাচন কৰি লয় বৃদ্ধাশ্ৰম কেইখন। নিজৰ সপোন পূৰ্ণ হোৱাৰ পিছত এনেকুৱা ব্যৱহাৰ জানো প্ৰযোজ্য হয়? ইয়াৰ বিপৰীতে কিন্তু বহুত এনেকুৱা সন্তানো আছে যিসকলে নিজৰ পিতৃ-মাতৃক অতিশয় সন্মান কৰে আৰু নিজৰ আদৰ্শ হিচাপে মানি লয় পিতৃ-মাতৃক।
বহুত মানুহে কয় কন্যা সন্তানে বংশ ৰক্ষা কৰিব নোৱাৰে। বংশ ৰক্ষাৰ কাৰণে দৰকাৰ কেৱল পুত্ৰ সন্তানৰ। বৰ্তমান সময়ত একাংশ এনেকুৱা পুত্ৰ সন্তানৰ জন্ম হৈছে যিয়ে নেকি পিতৃ-মাতৃক সন্মান কৰিব নাজানে। সুৰাপান কৰি পিতৃ-মাতৃক অত্যাচাৰ কৰে বহুত পুত্ৰ সন্তানে। ছোৱালী সন্তানৰ কাৰণে বংশ ৰক্ষা সম্ভৱ নহয় বুলি যিসকল মানুহে কয় সেইসকলক কিন্তু পুত্ৰই উলিয়াই দিয়াৰ পিছত কন্যা সন্তানেই গুৰুত্ব দিব লগা হয়। গতিকে আপোনাৰ চিন্তা-ভাৱনা সলনি কৰক তেতিয়াহে সমাজ সলনি হ’ব। আপোনাৰ চিন্তাই আপোনাক সলনি কৰিব লগতে আন দহজনকো সলনি কৰিব।

Related Articles

Leave a Reply

Close