শীৰ্ষৰাষ্ট্ৰীয়

মুম্বাইৰ হস্পিতালত কৰ্ণাটকৰ কংগ্ৰেছ বিধায়ক

নিউজ ডেস্ক, প্ৰথম খবৰ: কৰ্ণাটকৰ কংগ্ৰেছ বিধায়ক শ্ৰীমন্ত বালাচাহেব পাটিল স্বাস্থ্যজনিত কাৰণত বৰ্তমানেও মুম্বাইৰ এখন হস্পিতালত ভৰ্তি হৈ আছে। এগৰাকী শীৰ্ষ নেতাই কোৱা মতে বুকুৰ বিষত আক্ৰান্ত হোৱা বুলি গম পোৱাৰ পিছতে বৃহস্পতিবাৰে তেখেতক মুম্বাইৰ এখন হস্পিতালত ভৰ্তি কৰোৱা হয়। ছাৰ জে জে হস্পিতালৰ ডীন ডাঃ অক্ষয় চন্দনৱালে আইএএনএচক কয় যে চেইণ্ট জাৰ্জ হস্পিতালৰ হৃদৰোগ বিশেষক গৰাকীয়ে বিধায়ক গৰাকীৰ চিকিৎসা কৰে আৰু তেখেতক সম্পূৰ্ণ আৰাম কৰাৰ উপদেশ দিয়ে। উল্লেখ্য যে ৬৪বৰ্ষীয় কংগ্ৰেছ বিধায়ক পাটিলে বাংগালোৰোৰ পৰা কংগ্ৰেছ-জনতা দল-বাগীৰ বিধায়কসকলৰ লগত মিলিত হ’বৰ কাৰণে আহিছিল। যোৱা প্ৰায় দুইসপ্তাহ ধৰি বাগীৰ বিধায়কৰ এটা দলে মুম্বাইৰ এখন হোটেলত বাহৰ পাতি আছে। দাদৰ অহাৰ পিছত পাটিলৰ বুকুৰ বিষ, মূৰৰ বিষ ইত্যাদিকে ধৰি হোৱা বিভিন্নধৰণৰ সমস্যাৰ বাবে তেখেতক মুম্বাইৰ সঞ্জীৱনী হস্পিতালত ভৰ্তি কৰোৱা হয়। ইয়াৰ পিছত তেখেতক চেইণ্ট জাৰ্জ হস্পিতাললৈ পঠিয়াই দিয়া হয়। কংগ্ৰেছৰ এজন বলিষ্ঠ নেতা আৰু কৰ্ণাটকৰ মন্ত্ৰী ডী কে শিৱকুমাৰৰ মতে বালাচাহেব পাটিলক আভুৱা ভৰাহে হৈছে কিন্তু বিধায়ক গৰাকীয়ে তেখেতৰ মন্তব্যক নস্যাৎ কৰি কয় যে, তেখেত বৰ্তমান বেমাৰত আক্ৰান্ত হৈ হস্পিতালত ভৰ্তি হৈ আছে আৰু আৰোগ্য হোৱাৰ লগে লগেই পুনৰ বাংগালোৰোলৈ উভতি আহিব।

Related Articles

Leave a Reply

Close