আন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

“মোৰ উত্তৰাধিকাৰী নিৰ্বাচন কৰাৰ অধিকাৰ নাই চীনৰ” – দালাইলামা

নিউজ ডেস্ক, প্ৰথম খবৰ: দালাইলামাৰ উত্তৰাধিকাৰী নিৰ্বাচন কৰাক লৈ এতিয়া চীন তৎপৰ হৈ পৰিছে। তেওঁলোকৰ মতে দালাইলামাৰ উত্তৰাধিকাৰী নিৰ্বাচন সম্বন্ধীয় যিকোনো নিৰ্ণয় দেশৰ ভিতৰতে থকাটো উচিত। ইয়াৰ উত্তৰত বৌদ্ধ ধৰ্মগুৰু গৰাকীয়ে কয় যে তেওঁৰ উত্তৰাধিকাৰী বিচৰাৰ ক্ষেত্ৰত চীনৰ কোনো অধিকাৰ নাই। লগতে তেওঁ কয় যে তেওঁৰ উত্তৰাধিকাৰী নিৰ্বাচনৰ অধিকাৰ অকল চীনৰ হাততেই নহয় তেওঁৰ হাততো নাই কিয়নো ইয়াৰ অধিকাৰ তেওঁৰ নাই। ইয়াৰ সিদ্ধান্ত কেৱল তিব্বতৰ জনতাই হে কৰিব। দালাইলামাৰ মতে তেওঁলোকৰ উত্তৰাধিকাৰী বিচৰা প্ৰক্ৰিয়া যেতিয়া তেওঁ ৯০বৰ্ষীয় হ’ব অৰ্থাৎ ২০২৫ চনৰ পৰাহে আৰম্ভ হ’ব এই প্ৰক্ৰিয়া। উল্লেখ্য যে তিব্বতীয় ধৰ্মগুৰুজনাই ইতিমধ্যে যোৱা সাত বছৰ ভাৰতত নিৰ্বাসিত জীৱন যাপন কৰি আহিছে। ইতিমধ্যে যিহেতু চীনে তিব্বতীয় ধৰ্মগুৰু জনাক মান্যতা প্ৰদান কৰিছে সেয়ে তেখেতৰ উত্তৰাধিকাৰীকো চীন দেশৰ ভিতৰতে বিচৰাৰ দায়িত্বও তেওঁলোকে লৈছে।

Related Articles

Leave a Reply

Close