কবিতাসাহিত্য

সন্ধ্যা নমাৰ সময় হ’ল জানো?

দেৱজানী কাজল নাহৰডেকা

সন্ধ্যা নমাৰ সময় কিয় সমাগত ?
দিনটোৰ বহু কাম থাকিল বাকী
পৰিকল্পনা কৰি কৰি পৰিলো ভাগৰি
সময় নহওঁতেই পশ্চিম আকাশত থাকিল বেলি ডুবি ৷

নাজানো কেনেকৈ আহিলা তুমি ?
আপোন বুলি মোক ল’লা সাৱটি ৷
দুচকুত তোমাৰ দেখিলো সঁচা সহানুভূতি
সেইহে নোৱাৰিলো ক’ব নাহিবা বুলি ৷

বুকুৰ প্ৰতি এক তৰপত এতিয়া তুমি
কেনেকৈ আঁতৰাই পথাওঁ বুকু খালি কৰি ?
নোৱাৰোঁ দেখুন জীয়াব তুমিবিহীন জীৱনটি
ক’ব নোৱাৰাকৈয়ে কান্দিছোঁ মই উচুপি আজি ৷

তুমি দিয়া মৰমৰ অনুভৱ কেতিয়াও নাইপোৱা ,
তোমাৰ দুচকুত দেখা বিশ্বাস ক’তো নাই দেখা
মোৰ হাঁহিত চকুলো থকাৰ কথা আনে নাই বুজা
তোমাৰ অবিহনে জীৱনৰ অন্য এক যাত্ৰা কি দৰে আজি কৰোঁ মই কোৱা ?
এনে লাগিছে নামি আহিছে যেন অসময়ত সন্ধ্যা
পৰি থাকিল সপোনবোৰ তাতে ,তুমি যে আঁতৰিব খুজিছা——

Related Articles

Leave a Reply

Close