অসমনিবন্ধশীৰ্ষ

সপ্ততীৰ্থৰ অন্যতম ভৈৰৱী মন্দিৰৰ কিছু কথা

বাণ ৰজাৰ জীয়ৰী ঊষাই অনিৰুদ্ধক স্বামীৰূপে বাঞ্ছা কৰি নিতৌ ভৈৰৱী মন্দিৰত পূজা অৰ্চনা কৰিছিল

বিজয়লক্ষ্মী বৰা 

***

সাংস্কৃতিক নগৰী তেজপুৰৰ বামুণী পাহাৰৰ কিছু পূবে ব্ৰহ্মপুত্ৰৰ পাৰত সৰু টিলাৰ ওপৰত ভৈৰৱী মন্দিৰ অৱস্থিত। ভক্তসকলে এই মন্দিৰক মাই থান বুলিও কয়। প্রায় ১৫ জনীয়া মন্দিৰ পৰিচালনা কমিটীৰ লগতে এই মন্দিৰত প্রতিদিনে তিনিজন পূজাৰীয়ে দিনৰ ভাগত পাল পাতি শাক্ত বিধানেৰে পূজা সম্পন্ন কৰে।

মন্দিৰটি কোনে কেতিয়া নিৰ্মাণ কৰিছিল তাৰ কোনো ঐতিহাসিক সমল পোৱা নাযায় যদিও মন্দিৰ চৌহদত পুৰণিকলীয়া শিল পোৱা যায়।

কিংবদন্তি মতে, এসময়ৰ বাণ ৰজাৰ জীয়ৰী ঊষাই অনিৰুদ্ধক স্বামীৰূপে বাঞ্ছা কৰি নিতৌ ভৈৰৱী মন্দিৰত পূজা অৰ্চনা কৰিছিল।

ভৈৰৱী মন্দিৰৰ চাৰিসীমা হৈছে, পূবে ভোমোৰাগুৰি পাহাৰ, হনুমান মন্দিৰ, দক্ষিণে ব্ৰহ্মপুত্ৰ নদী, উত্তৰে গেৰেকী গাঁও, পশ্চিমে বামুণী পাহাৰ আৰু ঔগুৰি পাহাৰ। উল্লেখ্য যে, দুৰ্গা পূজাৰ সময়ত দৰ্শনাৰ্থীৰ ব্যাপক ভিৰ পৰিলক্ষিত হয়। এই দেৱী মন্দিৰৰ বিশেষত্ব হ’ল বলি প্ৰথা।

ভৈৰৱী দেৱীৰ মন্দিৰত থকা দুৰ্গা, কালী, শিৱ, গণেশ, শালেগ্ৰাম মূৰ্তিৰ নিতৌ পূজা হয়। মন্দিৰটিৰ আন্তঃগাঁথনি নিৰ্মাণৰ হকে সদ্যহতে গড়কাপ্তানি বিভাগে মন্দিৰৰ মাটিকালিৰ জোখমাখ লৈছে বুলি মন্দিৰ পৰিচালনা কমিটীৰ সদ্স্য ৰাজীৱ শৰ্মাই সদৰী কৰে। ভৈৰৱী মন্দিৰত কুমাৰী পূজাৰ প্ৰচলনো আছে।

অতীতৰেপৰা বলি-বিধান প্ৰথাৰে আজিলৈ বলি বিধান প্ৰথাৰে গোসানীক প্ৰসন্ন কৰা হয়। অসমীয়া নৱবৰ্ষ, অৰ্থাৎ ব’হাগ মাহতো মন্দিৰত যাত্রীৰ ভিৰ হয়। শৰাই, নৈবেদ্য, বলি, ভোগ খিচিৰি-পায়স দি উচৰ্গা কৰি দেৱীৰ আশিষ লয়।

তেজপুৰক সপ্ততীৰ্থ বুলি জনা যায়। কাৰণ হলেশ্বৰ, শুক্লেশ্বৰ, টিংগেশ্বৰ, মহাভৈৰৱ, ৰুদ্ৰপদ, ভৈৰৱপদ আৰু ভৈৰৱী; এই সাতোমন্দিৰেই হ’ল সপ্ততীৰ্থ। সেউজী প্ৰাকৃতিক সৌন্দর্যৰে ভৰপূৰ মন্দিৰৰ সোমোৱা পথৰ চিৰিৰ কাষে কাষে কেইখনমান ধূপ-দীপ-নৈবেদ্যৰ দোকানো আছে।

যুগ-যুগান্তৰলৈ দেৱী মন্দিৰৰ মাহাত্ম্য, ৰীতি-নীতি, প্রাকৃতিক সৌন্দর্য অক্ষুণ্ণ হৈ থাকক।

Related Articles

Leave a Reply

Close