অসম

হামৰেণত বিজেপিৰ প্ৰাথমিক সদস্যতা অভিযান

খেৰণি, ৩১ জুলাই : পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি পৰিষদীয় ৮ নম্বৰ হামৰেণ সমষ্টিত কাৰ্বি পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙৰ ব্যাপক তৎপৰতাত চলিছে বিজেপিৰ প্ৰাথমিক সদস্য ভৰ্তি অভিযান। ৰাজ্যৰ অন্যান্য জিলাৰ সমান্তৰালকৈ কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্ততো অব্যাহত আছে বিজেপিৰ সদস্য ভৰ্তি অভিযান। উল্লেখযোগ্য যে যোৱা ৬ জুলাইৰ পৰা ১১ আগষ্টলৈ অব্যাহত থকা বিজেপিৰ প্ৰাথমিক সদস্য ভৰ্তি অভিযানক কেন্দ্ৰ কৰি পশ্চিম কাৰ্বি আংলঙৰ জেংখাত আজি এখন সাধাৰণ সভা অনুষ্ঠিত হয়। আয়োজিত সভাত কাৰ্বি পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙৰ লগতে পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সাধাৰণ সম্পাদক তথা সদস্যতা অভিযানৰ জিলা আহ্বায়ক ৰিদিপ ৰংহাং, হামৰেণ গাওঁ উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংছ’, প্ৰাক্তন অধ্যক্ষ বীৰেন তিচ্ছ’কে ধৰি বিভিন্ন দায়িত্বত থকা বিজেপিৰ নেতাকৰ্মীৰ উপস্থিতিত জিলাখনৰ তথা হামৰেণ সমষ্টিৰ বিজেপি স্থানীয় সমিতি, বুথ কমিটিৰ তদাৰকতাত ইতিমধ্যে কিদৰে আৰু কিমান সংখ্যক সদস্য ভৰ্তি হৈছে সেই সম্পৰ্কে সামগ্ৰিক প্রতিবেদন সংগ্ৰহ কৰাৰ বিপৰীতে নিৰ্ধাৰিত সময়ৰ ভিতৰত আৰু অধিক সদস্য ভৰ্তি কৰাই জিলাখনত কিদৰে বিজেপি দলক অধিক শক্তিশালী কৰিব পৰা যাব সেই সম্পৰ্কেও বিতংভাৱে আলোচনা কৰে। সভাত বিভিন্ন দিশৰ দলীয় কামকাজ সন্দৰ্ভত পৰ্যালোচনা কৰাৰ উপৰিও প্ৰসংগক্ৰমে ক্ৰমাৎ পাহাৰীয়া জিলাখন বিৰোধীমুক্ত হৈ আহিছে আৰু বহু কংগ্ৰেছ-এ এছ ডি চি দলৰ সদস্য ইতিমধ্যে বিজেপিত সদস্যভৰ্তি হৈছে। আৰু এনেদৰে  সদস্যভৰ্তি হৈ বিজেপিক শক্তিশালী আৰু বিৰোধীমুক্ত হোৱাৰ কথাকে প্ৰমাণ কৰিছে বুলি মন্তব্য কৰে মঙ্গলছিং তিমুঙে। মূলতে বিজেপি চৰকাৰে দেশৰ জনতাৰ বাবে কৰা উন্নয়মূলক কামকাজ, কল্যাণমূলক আঁচনি ৰূপায়ন, প্ৰকল্প নিৰ্মাণ আদি কামকাজৰ শলাগ লৈ বিজেপিক সমৰ্থন জনাই দেশৰ জনতা সম্প্ৰতি বিজেপিমুখী হৈ পৰিছে বুলিও মন্তব্য কৰে তিমুঙে। যাৰ পৰিপ্ৰেক্ষিতত জনসমৰ্থন লৈ ৰাইজৰ সহায় সহযোগিতাত বিজেপি চৰকাৰখনে ৰাইজক পৰিচালনা কৰা অথবা চৰকাৰখনৰ জৰিয়তে সুচাৰুৰূপে চৰকাৰী কামকাজ কৰাত সহজ সম্ভৱ হৈ উঠিছে বুলি প্ৰকাশ কৰে তিমুঙে।

Related Articles

Leave a Reply

Close