Uncategorized

ৰঙিয়াত নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদান কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেঃ অসমীয়া জাতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ আহ্বান

ৰঙিয়াত সাংস্কৃতিক কেন্দ্ৰ স্থাপনৰ ঘোষনা মন্ত্ৰী নব দলেৰ

প্ৰথম খবৰ ৰঙিয়া ৩১ জুলাই : নটসূৰ্য ফণী শৰ্মাৰ মৃত্যু দিৱস ৩১ জুলাই দিনটো সমগ্ৰ অসমবাসীৰ বাবে এক পবিত্ৰ দিন তথা সংকল্প লোৱাৰ দিন। নটসূৰ্য ফণী শৰ্মাৰ দৰে মহান ব্যক্তিত্বৰ চেতনা তথা আদৰ্শৰে উদ্বুদ্ধ হৈ আমি একবিংশ শতিকাত অসমীয়া জাতিৰ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব। এই আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ।আজি আবেলি তেওঁ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত এক গাম্ভিৰ্য্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যৰ দুই প্ৰবাদ প্ৰতীম নাট্য ব্যক্তিত্ব দুলাল ৰয় আৰু আৰতি দাস বৈৰাগীক ২০১৯ চনৰ নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদান কৰি দিয়া ভাষনত এই দৰে কয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে তেওৰ ভাষণত আৰু কয় যে মহান ব্যক্তি নটসূৰ্য ফণী শৰ্মা দৰে লোক সকলে নাটকৰ দ্বাৰা আমাৰ সমাজ জীৱনত বহু অৱদান দি গৈছে । সেই অৱদান সমুহৰ বৰ্তমানৰ সমাজখনে মুল্য দিব লাগিব । ভাল সমাজ এখন গঢ়ি তুলিবলৈ হলে সকলো শ্ৰেণীৰ অৱদান থাকিব লাগিব । ঠিক তেনেদৰে সাংস্কৃতক ক্ষেত্ৰখনৰো অবদান লাগিব । সাংস্কৃতিক ক্ষেত্ৰ খনৰ জৰিয়তে নাট্য কৰ্মী সকলে সমাজত সদায় ঘটিথকা বিষয় সমুহ নাটকৰ জৰিয়তে সমাজৰ মাজত উপাস্থাপন কৰি ইয়াৰ ভাল আৰু বেয়া দিশটো আঙুলীয়া দি আহিছে । যাৰ জৰিয়তে এখন শুদ্ধ সমাজ গঢ়াৰ ক্ষেত্ৰত সহায়ক হৈছে । সেইবাবে চৰকাৰে শিল্পী সকলক অধিক আগ্ৰহি কৰিবলৈ এনেদৰে চৰকাৰী ভাবে সন্মান প্ৰদান কৰিছে বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে কয় । মুখ্যমন্ত্ৰীৰ মতে যি অসমীয়া জাতিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ উপৰিও শংকৰদেৱ, মাধব দেৱ আজান ফকীৰৰ দৰে এই মহান জাতিটোক সাংস্কৃতিক আৰু আধ্যাত্মিক চেতনাৰে জাগ্ৰত কৰিছিল সেই জাতি এদিন বিশ্বৰ দৰবাৰত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবই। অৱশ্যে ইয়াৰ বাবে আমি সকলোৱে কঠোৰ পৰিশ্ৰম কৰিব লাগিব তেওঁ কয়। মুখ্যমন্ত্ৰী গৰাকীয়ে বঁটা প্ৰাপক দুজনৰো অবদান শ্ৰদ্ধাৰে স্মৰণ কৰে। আজিৰ বঁটা প্ৰদান অনুষ্ঠানটোত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে তেওৰ ভাষণত সাংস্কৃতিক কৰ্মী সকলৰ অৱদানৰ বিষয়ে উল্লেখ কৰে । মন্ত্ৰী গৰাকীয়ে ৰঙিয়াৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাৰ অনুৰোধ মৰ্মে ৰঙিয়াত এখন সাংস্কৃতিক কেন্দ্ৰ স্থাপনৰ কথা ঘোষনা কৰে। অনুষ্ঠানত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতাও ভাষণ প্ৰসংগত নাট্য কৰ্মী সকলৰ অৱদানৰ বিষয়ে দোহাৰে । উল্লৈখ্য যে অসমীয়া চলচ্চিত্ৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ত গাঠিঁ হাজৰিকাৰ চৰিত্ৰত অভিনয় কৰা নটসূৰ্য ফণী শৰ্মাই ১৯৩০ চনতেই প্ৰথম অসমীয়া ভ্ৰাম্যমাণ নাট্যগোষ্ঠী ‘কহিনুৰ অপেৰা’ৰ জৰিয়তে নাট্যজগতত ভুমুকি মাৰিছিল । ১৯৪৮ চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে ‘চিৰাজ ‘ৰ নিৰ্মাণৰ পিছত ১৯৫৫ চনত ‘পিয়ঁলি ফুকন’ত অভিনয় আৰু পৰিচালনাৰে অনবদ্য বৰঙণি আগবঢ়াইছিল অসমীয়া চলচ্চিত্ৰ জগতত । লক্ষণীয় যে, স্বপ্ৰতিভাৰে মহীয়ান অভিনেতা, নাট্যকাৰ, পৰিচালক তথা অসমৰ সাংস্কৃতিক জগতৰ মহীৰূহ নটসূৰ্য ফণী শৰ্মাৰ সোঁৱৰণত আগবঢ়োৱা বঁটাৰ বাবে মনোনীত দুলাল ৰয় হৈছে অসমৰ নাট্য আন্দোলনৰ জীৱন্ত কিম্বদন্তিস্বৰূপ । ১৯৪৩ চনত গুৱাহাটীত জন্ম গ্ৰহণ কৰা দিল্লীৰ ‘ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়’ৰ স্নাতক ডিগ্ৰীধাৰী দুলাল ৰয়ে পিগমেলিয়ন,ইন্সপেক্টৰ জেনেৰেল, ওৱেইটিং ফৰ্ গড, অন্ধ যুগ আদিকে ধৰি বৰ্তমানলৈকে বহু নাটক পৰিচালনা কৰি খ্যাতি লাভ কৰিছে । ইতিমধ্যে তেখেতে লাভ কৰিছে সংগীত নাটক একাডেমী বঁটা, নাট্য ভাস্কৰ আদি সন্মান । একেদৰে, ১৯৪৩ চনত জন্মগ্ৰহণ কৰা আৰতি দাস বৈৰাগীয়েও অসমীয়া নাট্য জগতলৈ আগবঢ়াইছে গুৰুত্বপূৰ্ণ অৱদান । ১৯৬৯ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাত যোগদান কৰা বিশিষ্ট নাট্যশিল্পী বৈৰাগীয়ে বহু নাট ৰচনা কৰাৰ উপৰিও বিভিন্ন ভাষাৰ বহু নাটক অসমীয়ালৈ অনুবাদ কৰি অসমীয়া নাট্য সাহিত্যৰ ভঁৰাল চহকী কৰিছে । ২০১৭ চনত তেখেতে লাভ কৰে শিল্পী প্ৰাণ মাখন দেৱান স্মাৰক বঁটা । আজিৰ এই গাম্ভীৰ্য্যপুৰ্ণ অনুষ্ঠানটোৰ প্ৰাক মুহুৰ্তত মুখ্যমন্তী সৰ্বানন্দ সোনোৱাল সহ অন্যান্য বিশিষ্ট ব্যক্তি সকলে নটসূৰ্য ফনী শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ উপৰিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসমৰ অভিনয় জগতৰ মুকুট বিহীন সম্ৰাট, নাট্য আন্দোলনৰ বাটকটীয়া , নাট্যজগতৰ প্ৰবাদ পুৰুষ নটসূৰ্য ফণী শৰ্মাৰ নামত প্ৰদান কৰি অহা নটসূৰ্য বঁটা এইবাৰ বিশিষ্ট নাট্যশিল্পী ক্ৰমে দুলাল ৰয় আৰু আৰতি দাস বৈৰাগীক প্ৰদান কৰা বঁটাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এটা ফুলাম গামোচা, অংগবস্ত্ৰ, প্ৰশস্তি পত্ৰ আৰু দুই লাখ টকাৰ চেক প্ৰদান কৰে। বিশিষ্ট নাট্যশিল্পী দুগৰাকীক আনুষ্ঠানিক ভাৱে এই বঁটা বিতৰণ উপলক্ষে আজি আবেলি ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত এক গাম্ভিৰ্য্যপূৰ্ণ অনুষ্ঠানৰ অনুষ্ঠিত হয় । অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকৰ উদ্যোগত কামৰূপ জিলা আৰু ৰঙিয়াৰ মহকুমা প্ৰশাসনৰ সহযোগত ৰঙিয়াত পোন প্ৰথমবাৰৰ বাবে আয়োজিত এই বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট শিল্পী দুগৰাকীক বঁটা প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে, ৰাজ্যৰ জলসিঞ্চন, ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক বিষ্ণু কমল বৰা, আয়ুক্ত সচিব প্ৰীতম শইকীয়া, কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্য, নটসূৰ্য ফণী শৰ্মাৰ পুত্ৰ অজিত শৰ্মা সহ কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
ৰঙিয়াত নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদান অনুষ্ঠান একেদৰে ১৯৪২ চনত জন্মগ্ৰহণ কৰা আৰতি দাস বৈৰাগীয়েও অসমীয়া নাট্যজগতলৈ আগবঢ়াইছে গুৰুত্বপূৰ্ণ অৱদান।তেওঁ অসমীয়া নাট্য জগতত বহুকেইখন নাট ৰচনা কৰাৰ লগতে বহুকেইখন নাটক অসমীয়ালৈ অনুবাদো কৰিছে।তাৰ ভিতৰত জননী, উৰ্বশী,বৃন্দাবন আদি। ১৯৬৯চনত তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চিত্ৰনাট্যকাৰ হিচাপে যোগদান কৰে।২০১৭ চনত শিল্পী গৰাকীয়ে মাখন দেৱান স্মাৰক বঁটাৰে সন্মানিত হয়।

Related Articles

Leave a Reply

Close